Bible App logo
Search Icon

2 থিচলনীকীয়া 2

2
2 অধ্যায়
যীচুৰ পুনৰাগমনৰ
1হে ভাইসকল, এতিয়া আমি আপোনালোকক অনুৰোধ কৰোঁ যে, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণ আৰু তেওঁৰ ওচৰত আমি গোট খোৱাৰ বিষয়ে আপোনালোকে জানি লওক, 2আমি অাপোনালোকক কওঁ, ‘প্ৰভুৰ দিন ইতিমধ্যে আহিল’ এই বুলি আপোনালোকৰ মন সহজতে অস্থিৰ নহওক নাইবা ব্যাকুল নহওক; কিয়নো কোনো কোনোৱে হয়তো আত্মাৰ দ্বাৰাই বা অন্য কাৰোবাৰ কথাৰ দ্বাৰাই অথবা আমি লিখা কোনো চিঠিৰ দ্বাৰাই এই বুলি ক’ব পাৰে। 3আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব। 4ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব। 5এইবোৰ যে ঘটিব সেই কথা মই আপোনালোকৰ লগত থাকোতেই আপোনালোকক কৈছিলোঁ; সেই বিষয়ে আপোনালোকৰ মনত নপৰে নে? 6সেই অবাধ্যতাৰ পুৰুষক কেৱল তাৰ নিৰূপিত কালতহে প্ৰকাশিত হবলৈ কিহে বাধা দি ৰাখিছে, সেয়া আপোনালোকে জানে। 7কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব। 8তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব। 9চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব; 10বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে। 11সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব। 12যি সকলে সত্যক বিশ্বাস নকৰিলে কিন্তু অধার্মিকতাত আনন্দিত হ’ল, সেই লোক সকলৰ বিচাৰ হ’ব।
প্রভুত থিৰে থাকিবলৈ উপদেশ
13প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে। 14আমাৰ শুভবার্তাৰ দ্বাৰাই পৰিত্রাণ পাবলৈ তেওঁ আপোনালোকক আমন্ত্রণ কৰিলে যাতে আপোনালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহিমাৰ ভাগী হয়। 15এই হেতুকে, হে ভাই সকল, থিৰে থাকক; পত্রৰ দ্বাৰা বা কথাৰ দ্বাৰাই যি যি শিক্ষা আমি আপোনালোকক দিলোঁ, সেই সকলোকে ধৰি ৰাখক।
16এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক; 17আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for 2 থিচলনীকীয়া 2