1
2 থিচলনীকীয়া 2:3
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
আপোনালোকক কোনোৰূপে কাকো ভুলাবলৈ নিদিব; কিয়নো সেইদিন অহাৰ আগেয়ে ঈশ্বৰৰ বিৰুদ্ধে ধৰ্ম পৰিত্যাগ কৰা দেখা যাব আৰু সেই অবাধ্যতাৰ পুৰুষ, যি বিনাশ হবলগীয়া পুত্ৰ; সি প্ৰকাশিত হ’ব।
Compare
Explore 2 থিচলনীকীয়া 2:3
2
2 থিচলনীকীয়া 2:13
প্ৰভুৰ প্ৰিয় ভাইসকল, আপোনালোকৰ কাৰণে ঈশ্বৰক সকলো সময়তে ধন্যবাদ দিয়া আমাৰ কৰ্তব্য; কিয়নো আপোনালোকক আত্মাৰ শুদ্ধিকৰণ কাৰ্যৰে পবিত্ৰতালৈ আনিলে আৰু সত্যক বিশ্বাস কৰাৰ মাধ্যমেৰে পৰিত্রাণ পাবৰ কাৰণে ঈশ্বৰে আদিৰে পৰা আপোনালোকক প্রথম ফলৰূপে মনোনীত কৰিলে।
Explore 2 থিচলনীকীয়া 2:13
3
2 থিচলনীকীয়া 2:4
ঈশ্বৰ নামেৰে খ্যাত আৰু উপাসনাৰ যোগ্য যি সকলো আছে, এই সকলোৰে বিৰুদ্ধে থিয় হৈ সেই অবাধ্যতাৰ পুৰুষে নিজকে ওখত প্রতিস্থিত কৰিব; এনে কি, ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি ঘোষণা কৰিব।
Explore 2 থিচলনীকীয়া 2:4
4
2 থিচলনীকীয়া 2:16-17
এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে আৰু যিজনে আমাক প্ৰেম কৰি, আমাক অনন্ত সান্ত্বনা আৰু ভৱিষ্যতৰ উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰে আপোনালোকৰ হৃদয়ক সান্ত্বনা দিয়ক; আৰু সকলো সৎ কৰ্ম আৰু সদবাক্যত আপোনালোকৰ মন সুস্থিৰ কৰক।
Explore 2 থিচলনীকীয়া 2:16-17
5
2 থিচলনীকীয়া 2:11
সেয়েহে তেওঁলোকে যাতে মিছাত বিশ্বাস কৰিব, তাৰ বাবে ঈশ্বৰে তেওঁলোকলৈ এক ভ্রান্তিজনক কার্য কৰা শক্তি পঠাব।
Explore 2 থিচলনীকীয়া 2:11
6
2 থিচলনীকীয়া 2:9-10
চয়তানৰ কৰ্ম অনুসাৰে সেই অবাধ্যতাৰ পুৰুষ আহিব। সি সকলো মিছা পৰাক্ৰম কার্য, আচৰিত চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব; বিনাশ পথৰ যাত্রী সকলক অধার্মিকতাৰ ছলনাৰে সকলো ধৰণৰ প্রৱঞ্চনা কৰিব। কিয়নো, এই লোক সকলে পৰিত্ৰাণ পাবৰ কাৰণে সত্য প্ৰেমক গ্রহণ নকৰিলে।
Explore 2 থিচলনীকীয়া 2:9-10
7
2 থিচলনীকীয়া 2:7
কিয়নো ঈশ্বৰৰ অবাধ্যতাৰ সেই গোপন তত্ত্বই ইতিমধ্যে কাৰ্য সাধন কৰি আছে; কেৱল এজন আছে যি জনে বর্তমান তাক প্রকাশ হোৱাত বাধা দি ৰাখিছে; তাক দূৰ নকৰা পর্যন্ত বাধা দিয়ে থাকিব।
Explore 2 থিচলনীকীয়া 2:7