Bible App logo
Search Icon

গীত 60

60
60 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে চূচন-এদূৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত শিক্ষাৰ্থক গীত। যি কালত অৰাম-নহৰয়িম আৰু অৰাম-চোবাৰ লগত তেওঁ যুদ্ধ কৰিছিল আৰু যোৱাবে উভটি লবন উপত্যকাত ইদোমৰ বাৰ হাজাৰ লোকক বধ কৰিছিল, সেই সময়ৰ গীত।
1হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰিলা, ভাঙি চূৰ-মাৰ কৰিলা;
তুমি ক্ৰুদ্ধ হলা; আমাক পুনৰায় স্থাপন কৰা।
2তুমি দেশ খনত কঁপনি তুলি তাক বিচিন্ন কৰিলা;
তাৰ ফাটবোৰ ভাল কৰা, কিয়নো সেইবোৰ জোকাৰণি খাইছে।
3তুমি তোমাৰ প্ৰজাসকলক নির্দিষ্ট কিছুমান কঠোৰ কষ্ট ভোগ কৰিবলৈ দিলা;
তুমি আমাক ঢলংপলং কৰাওঁতা দ্ৰাক্ষাৰসো খাবলৈ দিলা;
4যি সকলে তোমাক ভয় কৰে তেওঁলোকৰ বাবে তুমি এখন পতাকা দিয়া;
যাতে তেওঁলোকে ধনুৰ পৰা পলাব পাৰে।#60:4 তুমি তেওঁলোকক এখন পতাকা দিছা; সেই পতাকা খন সত্যৰ পক্ষে তুলি ধৰা হয়। [চেলা]
5তাতে তোমাৰ প্ৰিয়সকলে উদ্ধাৰ পাব;
তুমি তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা আৰু আমাক উত্তৰ দিয়া।
6ঈশ্বৰে নিজৰ পবিত্র ঠাইত#60:6 পবিত্ৰতাৰে ক’লে, “মই উল্লাস কৰিম;
মই চিখিম ভাগ বাঁটি দিম, আৰু চুক্কোতৰ উপত্যকা জুখি দিম।
7গিলিয়দ মোৰেই আৰু মনচিও মোৰেই;
ইফ্ৰয়িম মোৰ শিৰোৰক্ষক;
যিহূদা মোৰ বিচাৰ-দণ্ড;
8মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ;
মই ইদোমলৈ মোৰ জোতা দলিয়াই দিম;
হে দেশ, তুমি জয়ধ্বনি কৰা#60:8 হে ফিলিষ্টিয়া দেশ তুমি মোৰ কাৰণে উচ্চ-ধ্বনি কৰা।”
9কোনে মোক সেই দৃঢ় নগৰৰ ভিতৰলৈ লৈ যাব?
কোনে মোক ইদোমলৈ লৈ যাব?”
10হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে?
হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।
11শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা;
কিয়নো মানুহৰ সহায় বৃথা।
12ঈশ্বৰৰ সহায়ৰ দ্বাৰাইহে আমি জয়জয়কাৰ হ’ম;
কিয়নো তেৱেঁই আমাৰ শত্ৰুবোৰক বিদ্রুপ কৰিব।

Currently Selected:

গীত 60: IRVAsm

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in