হিতো 3
3
3 অধ্যায়
সাধুতা মঙ্গলজনক
1হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা,
আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা।
2কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব,
আৰু জীৱনত শান্তি লাভ কৰিবা।
3বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক;
দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা,
আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
4তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত
অনুগ্ৰহ আৰু সুযশস্যা পাবা।
5তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা;
আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।
6তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা,
আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
7তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা;
যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
8ই তোমাৰ শৰীৰ সুস্থ কৰিব,
আৰু তোমাৰ দেহলৈ সতেজতা আনিব।
9আৰু তোমাৰ সম্পত্তিৰে,
আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা।
10সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব,
আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব।
11হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা;
আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা।
12পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে;
ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে।
13যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়,
আৰু তেওঁ সুবিবেচনাও লাভ কৰে।
14ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম।
আৰু ইয়াৰ লাভ সোণতকৈও উত্তম।
15প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া;
আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি।
16তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে,
আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়।
17তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ;
আৰু তেওঁৰ সকলো পথ শান্তিময়।
18যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ;
আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী।
19যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে,
আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে।
20তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল;
আৰু ডাৱৰে নিয়ৰ বৰষালে।
21হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা;
তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
22তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব;
আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
23তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা;
আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব।
24তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব;
তুমি যেতিয়া শুবা;
তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব।
25তুমি আকস্মিক বিপদলৈ
বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা।
26কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব;
আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব।
27তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে,
যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা।
28যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক
“যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা
29যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে,
সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা।
30তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে,
তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা।
31উগ্র ব্যক্তিক ভয় নকৰিবা;
বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা।
32কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়;
কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে।
33দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে;
কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে।
34তেওঁ নিন্দকসকলক নিন্দা কৰে;
কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে।
35জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়;
কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব।
Currently Selected:
হিতো 3: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.