হিতো 25
25
25 অধ্যায়
1যিহূদাৰ ৰজা হিষ্কিয়াৰ লোক সকলে সংগ্ৰহ কৰা চলোমনৰ নীতিবাক্য এইবোৰ।
2বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ;
কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ।
3উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে,
সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়।
4ৰূপৰ পৰা ধাতুমল দূৰ কৰা;
ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে;
5তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা;
ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হ’ব।
6ৰজাৰ সন্মুখত নিজকে নিজে প্রশংসা নকৰিবা;
আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহ’বা।
7উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ,
“ইয়ালৈ আহাঁ”, এই বুলি তেওঁ তোমাক কোৱা ভাল।
তোমাৰ সাক্ষ্য কি আছিল,
8বিচাৰত বেগাই গৈ উপস্থিত নহ’বা;
কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব,
তেতিয়া শেষত তুমি কি কৰিবা?
9তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা,
কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা;
10তোমাৰ কথা যিজনে শুনে, তেওঁ তোমাক লাজত পেলাব,
আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব।
11ভাল কথা কোৱাটো
ৰূপত খটোৱা সোণৰ আপেলৰ দৰে,
12শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে,
জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে।
13শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে,
বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে;
তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে;
14বৰষুণ নোহোৱা মেঘ আৰু বতাহ যেনে,
মিছাকৈ দান দিছোঁ বুলি অহংকাৰ কৰা জনো তেনে।
15ধৈৰ্যেৰে শাসনকৰ্ত্তাই প্ৰত্যয় জন্মাব পাৰে,
আৰু নম্র জিভাই হাড় ভাঙিব পাৰে।
16তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা;
নহ’লে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা।
17তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা,
তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব।
18যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে,
তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা, বা তৰোৱাল, বা তীক্ষ্ন কাঁড়ৰ দৰে।
19বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে,
সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে।
20কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে,
জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ,
বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে।
21তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া;
আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া।
22কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব,
আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব।
23উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে,
তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়।
24দ্বন্দুৰী মহিলাৰ সৈতে ঘৰত বাস কৰাতকৈ,
ঘৰৰ ছালৰ এচুকত থকাই ভাল।
25তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে,
দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে।
26ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে,
দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে।
27অধিককৈ মৌ খোৱা ভাল নহয়,
সেয়া সন্মানৰ ওপৰি সন্মান বিচৰা দৰে হয়।
28যি জনে নিজৰ মনক দমন নকৰে,
তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে।
Currently Selected:
হিতো 25: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.