YouVersion Logo
Search Icon

গননা 30

30
30 অধ্যায়
সঙ্কল্প আৰু ব্ৰত-বিষয়ক বিধি।
1পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ মূল লোকসকলক ক’লে। তেওঁ ক’লে, যিহোৱাই এই আজ্ঞা দিছে। 2কোনো পুৰুষে যদি যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজ প্ৰাণ বন্ধ কৰিবলৈ শপত কৰে, তেন্তে তেওঁ নিজৰ বাক্য ব্যৰ্থ নকৰি, নিজৰ মুখৰ পৰা ওলোৱা আটাই বাক্য সিদ্ধ কৰিব লাগিব।
3আৰু কোনো মহিলাই যদি জীয়াৰী কালত পিতৃৰ ঘৰত থাকোঁতে যিহোৱাৰ উদ্দেশ্যে কোনো সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজকে বন্ধ কৰে 4আৰু তাইৰ পিতৃয়ে যদি, তাই সঙ্কল্প কৰা, বা ব্ৰত-বন্ধনেৰে তাই নিজকে বন্ধ কৰা কথা শুনিও, তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব আৰু বন্ধনেৰে তাই নিজকে বন্ধ কৰে, তাকো সিদ্ধ কৰিব লাগিব।
5কিন্তু শুনা দিনা যদি তাইৰ পিতৃয়ে তাইক নিষেধ কৰে, তেন্তে তাইৰ সঙ্কল্প বা যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, সেই আটাই কথা সিদ্ধ কৰিব নালাগিব; আৰু তাইৰ পিতৃয়ে নিষেধ কৰা হেতুকে যিহোৱাই তাইক ক্ষমা দিব।
6আৰু তাই সঙ্কল্পৰ অধীন থকা বা অবিবেচনাৰূপে মুখৰ পৰা ওলোৱা বাক্যেৰে নিজকে বন্ধ কৰা কালত, যদি তাইক বিয়া দিয়া হয়, 7আৰু তাইৰ স্বামীয়ে তাক শুনিও, শুনা দিনা তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সঙ্কল্পবোৰ সিদ্ধ কৰিব লাগিব বা যি যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব। 8কিন্তু শুনা দিনা যদি তাইৰ স্বামীয়ে তাইক নিষেধ কৰে, তেন্তে তাই যি সঙ্কল্পৰ অধীন আৰু অবিবেচনাৰূপে নিজৰ মুখৰ পৰা ওলোৱা যি বাক্যৰ দ্বাৰাই তাই নিজকে বন্ধ কৰিলে, স্বামীয়ে তাক ব্যৰ্থ কৰিব আৰু যিহোৱাই তাইক ক্ষমা দিব।
9কিন্তু বাঁৰী বা স্বামীয়ে ত্যাগ কৰা মহিলাই সঙ্কল্প আদি বন্ধনেৰে নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লাগিব। 10আৰু তেওঁ যদি স্বামীৰ ঘৰত থাকোঁতে সঙ্কল্প কৰে বা শপত কৰি নিজকে ব্ৰত বন্ধনেৰে বন্ধ কৰে, 11আৰু তাইৰ স্বামীয়ে সেই বিষয়ে শুনি তাইক একো নকৈ যদি মনে মনে থাকে, তাইক নিষেধ নকৰে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব। আৰু তাই যি বন্ধনেৰে নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
12কিন্তু শুনা দিনা তাইৰ স্বামীয়ে যদি সেই সকলোকে কোনো ৰূপে ব্যৰ্থ কৰে, তেন্তে তাইৰ সঙ্কল্প আৰু তাইৰ ব্ৰত-বন্ধনৰ বিষয়ে তাইৰ মুখৰ পৰা যি বাক্য ওলাইছিল, তাকো সিদ্ধ কৰিব নালাগিব। তাইৰ স্বামীয়ে তাক ব্যৰ্থ কৰিলে আৰু যিহোৱাই তাইক ক্ষমা দিব।
13মহিলাৰ প্ৰত্যেক সঙ্কল্প আৰু নিজকে দুখ দিবলৈ নিজকে বন্ধ কৰা শপত তাইৰ স্বামীয়ে সিদ্ধও কৰিব পাৰে, তাইৰ স্বামীয়ে তাক ব্যৰ্থও কৰিব পাৰে। 14কিন্তু তাইৰ স্বামীয়ে যদি কেইবা দিনলৈকে তাইক একো নকৈ সকলোভাৱে মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প আৰু নিজকে বন্ধ কৰা সকলো কথা সিদ্ধ কৰিব লগীয়া কৰে। কিয়নো শুনা দিনা একো নকৈ মনে মনে থকাত, সি তাক সিদ্ধ কৰিব লগীয়া কৰিলে।
15কিন্তু তাক শুনাৰ পাছত যদি কোনোৰূপে সি তাক ব্যৰ্থ কৰে, তেন্তে স্বামীয়ে তাইৰ অপৰাধৰ ফল ভোগ কৰিব। 16স্বামী আৰু ভাৰ্য্যাৰ বিষয়ে, পিতৃয়ে আৰু যৌৱন কালত তেওঁৰ ঘৰত থকা জীয়েকৰ বিষয়ে যিহোৱাই মোচিক আজ্ঞা দিয়া বিধি এইবোৰ।

Currently Selected:

গননা 30: IRVAsm

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for গননা 30