লেবীয়া 4
4
4 অধ্যায়
পাপাৰ্থক আৰু দোষাৰ্থক বলিৰ নিয়ম।
1পাছত যিহোৱাই মোচিক ক’লে, 2“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘যেতিয়া কোনো এজন লোকে, যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰি, নজনাকৈ পাপ কৰে, তেতিয়া তেওঁ এই ধৰণে কৰিব লাগিব; 3তেতিয়া লোকসকলক দোষত পেলোৱাকৈ পাপ কৰা জন যদি অভিষিক্ত পুৰোহিত#4:3 মহা পুৰোহিত হয়, তেন্তে তেওঁ নিজে কৰা পাপৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা নিঘূণ দমৰা ষাঁড়-গৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰিব।
4তেওঁ সেই দমৰা ষাঁড়-গৰুটো সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখেৰে যিহোৱাৰ আগলৈ আনিব আৰু ষাঁড়-গৰুটোৰ মূৰত হাত দি, যিহোৱাৰ সন্মুখত তাক কাটিব। 5তেতিয়া সেই অভিষিক্ত পুৰোহিত জনে দমৰা ষাঁড়-গৰুটোৰ অলপ তেজ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব।
6আৰু পুৰোহিত জনে সেই তেজত নিজৰ আঙুলি জুবুৰিয়াই পবিত্ৰ স্থানৰ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ তাৰ কিছু তেজ ছটিয়াই দিব। 7পুৰোহিত জনে তাৰে কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা সুগন্ধি ধূপৰ বেদীৰ শিঙত লগাব; তেওঁ ভতৰা গৰুটোৰ বাকী তেজখিনি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখত থকা হোম-বেদিৰ মূলত ঢালি দিব।
8আৰু পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ নাড়ী-ভুৰু ঢকা তেল, নাড়ীত লাগি থকা আটাই তেল, 9ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তেলীয়া ভাগ - তেওঁ এই সকলো এৰুৱাই ল’ব। 10মঙ্গলাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা ষাঁড়-গৰুটোৰ তেল যেনেকৈ এৰুৱাই লয়, তেনেকৈ এইটোৰো এৰুৱাই ল’ব। তেতিয়া পুৰোহিতে সেই সকলো হোমবেদিৰ ওপৰত দগ্ধ কৰিব।
11পাছত সেই ষাঁড়-গৰুটোৰ ছাল আৰু অৱশিষ্ট মঙহ, মূৰ আৰু ঠেং, নাড়ী-ভুৰু আৰু গোবৰৰ সৈতে, 12ষাঁড়-গৰুটোৰ ৰৈ যোৱা সকলো অৱশিষ্ট অংশ ছাউনিৰ বাহিৰত মোৰ কাৰণে, সেই শুচি কৰা ছাঁই পেলোৱা ঠাইলৈ লৈ আনিব; আনিব; আৰু সেইবোৰ কাঠৰ ওপৰত তুলি জুইত জ্বলাই ভষ্ম#4:12 ভষ্ম ছাঁই কৰিব লাগিব, আৰু সেইবোৰ ছাঁই পেলাই দিয়া ঠাইতহে পুৰি ভষ্ম কৰিব লাগিব।
13ইস্ৰায়েলী লোকসকলে#4:13 ইস্ৰায়েল সমাজৰ সকলোৱে যদি নজনাকৈ পাপ কৰে আৰু যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰাৰ বিষয়ে যদি সমাজে নেদেখাকৈ থাকে, আৰু তেওঁলোক যদি দোষী হয়, 14আৰু ইস্ৰায়েলী লোকসকলে কৰা সেই পাপ যেতিয়া প্ৰকাশ পাব, তেতিয়া তেওঁলোকে পাপাৰ্থক বলি স্বৰূপে এটা দমৰা ষাঁড়-গৰু উৎসৰ্গ কৰিব আৰু তেওঁলোকে তাক সাক্ষাৎ কৰা তম্বুৰ সন্মুখলৈ আনিব।
15তেতিয়া সমাজৰ পৰিচাৰকসকলে যিহোৱাৰ সন্মুখত সেই ষাঁড়-গৰুটোৰ মূৰত হাত দিব আৰু তেওঁলোকৰ এজনে যিহোৱাৰ সন্মুখত তাক কাটিব।
16তেতিয়া অভিষিক্ত পুৰোহিত জনে ষাঁড়-গৰুটোৰ কিছু তেজ লৈ সাক্ষাৎ কৰা তম্বুৰ ভিতৰলৈ আনিব; 17আৰু পুৰোহিত জনে সেই তেজত নিজ আঙুলি জুবুৰিয়াই, তাৰ কিছু তেজ প্ৰভেদক বস্ত্ৰৰ আগফালে যিহোৱাৰ সন্মুখত সাতবাৰ ছটিয়াব।
18তেওঁ সেই তেজৰ পৰা কিছু তেজ লৈ, সাক্ষাৎ কৰা তম্বুৰ ভিতৰত যিহোৱাৰ সন্মুখত থকা বেদীৰ শিঙত লগাব, আৰু অৱশিষ্ট থকা তেজখিনি তেওঁ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত থকা হোমবেদিৰ মূলত ঢালি দিব। 19তেওঁ সেই বলিৰ পৰা তাৰ আটাইবোৰ তেল এৰুৱাই ল’ব আৰু বেদীৰ ওপৰত তাক দগ্ধ কৰিব।
20তেওঁ সেই দমৰা ষাঁড়-গৰুটোকো এইদৰে কৰিব। পাপাৰ্থক বলি স্বৰূপে উৎসৰ্গ কৰা গৰুটো যেনেকৈ কৰে, তেনেকৈ ষাঁড়-গৰুটোকো কৰিব। এইদৰে পুৰোহিত জনে লোকসকলক প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁলোকৰ পাপ ক্ষমা হ’ব। 21তেওঁ সেই ষাঁড়-গৰুটো চাউনিৰ বাহিৰলৈ নি প্ৰথম গৰুটোৰ নিচিনাকৈ তাকো পুৰি ভষ্ম কৰিব লাগিব; এয়েই সমাজৰ পাপাৰ্থক বলি।
22যেতিয়া কোনো শাসনকৰ্ত্তাই নাজানি পাপ কৰে, নিজ ঈশ্বৰ যিহোৱাই নিষেধ কৰা কৰ্মবোৰৰ কোনো এটা কৰে, আৰু তেওঁ যদি দোষী হয়, 23পাছত নিজে কৰা সেই পাপৰ বিষয়ে তেওঁ যেতিয়া জ্ঞাত হ’ব, তেতিয়া তেওঁ নিজ উপহাৰ স্বৰূপে এটা নিৰ্ঘূণী মতা ছাগলী আনিব।
24তেওঁ সেই ছাগলীটোৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত যিহোৱাৰ সাক্ষাতে তাক কাটিব; সেয়ে পাপাৰ্থক বলি। 25তেতিয়া পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ অলপ তেজ লৈ, হোমবেদীৰ শিঙত লগাব; আৰু অৱশিষ্ট তেজ খিনি হোমবেদিৰ মূলত ঢালি দিব।
26তেওঁ মঙ্গলাৰ্থক বলিৰ তেলৰ দৰে তাৰ আটাই তেল বেদীত দগ্ধ কৰিব। এইদৰে পুৰোহিতে শাসনকৰ্তা জনৰ পাপ-মোচনৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেতিয়া তেওঁৰ পাপৰ ক্ষমা হ’ব।
27আৰু সাধাৰণ লোকসকলৰ মাজৰ যদি কোনোৱে নজনাকৈ পাপ কৰে; যিহোৱাই নিষেধ কৰা কোনো কৰ্ম কৰে, আৰু সেই পাপত যদি তেওঁ দোষী হয়, 28তেন্তে নিজে কৰা পাপ যেতিয়া তেওঁৰ জ্ঞাত হ’ব, তেতিয়া নিজে কৰা সেই পাপৰ কাৰণে নিজ উপহাৰ স্বৰূপে তেওঁ জাকৰ মাজৰ পৰা এজনী নিৰ্ঘূণী ছাগলী আনিব।
29তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোম-বলি কটা ঠাইত সেই পাপাৰ্থক বলি কাটিব। 30তেতিয়া পুৰোহিতে আঙুলিৰে তাৰ কিছু তেজ লৈ, হোমবেদিৰ শিঙত লগাব আৰু তাৰ অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব।
31আৰু মঙ্গলাৰ্থক বলিৰ পৰা তেল এৰুৱাই লোৱাৰ দৰে তাৰো আটাইবোৰ তেল এৰুৱাই ল’ব; তাৰ পাছত পুৰোহিতে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে সেই লোক জনৰ পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপ ক্ষমা হ’ব।
32যদি তেওঁ পাপাৰ্থক বলিৰ উপহাৰ স্বৰূপে মেৰ-ছাগ পোৱালি আনে, তেন্তে তেওঁ এজনী নিৰ্ঘূণী চেঁউৰী মেৰ-ছাগ আনিব। 33তাৰ পাছত তেওঁ সেই পাপাৰ্থক বলিৰ মূৰত হাত দিব আৰু হোমবলি কটা ঠাইত পাপাৰ্থক বলি স্বৰূপে তাক কাটিব।
34পুৰোহিতে নিজ আঙুলিৰে সেই পাপাৰ্থক বলিৰ কিছু তেজ লৈ হোম-বেদিৰ শিঙত লগাব আৰু অৱশিষ্ট তেজখিনি বেদিৰ মূলত ঢালি দিব। 35তেওঁ মঙ্গলাৰ্থক বলিৰ মেৰ-ছাগ পোৱালিটোৰ তেল এৰুৱাই লোৱাৰ দৰে ইয়াৰো আটাইবোৰ তেল এৰুৱাই ল’ব আৰু যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰৰ বিধি মতে পুৰোহিতে বেদীত তাক দগ্ধ কৰিব; এইদৰে পুৰোহিতে লোক জনে কৰা পাপৰ অৰ্থে প্ৰায়শ্চিত্ত কৰিব আৰু তেওঁৰ পাপৰ ক্ষমা হ’ব।”
Currently Selected:
লেবীয়া 4: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.