1 বংশা 2
2
2 অধ্যায়
যাকোবৰ পুত্ৰসকল, আৰু তেওঁলোকৰ সন্তান সকল।
1ইস্ৰায়েলৰ পুত্ৰ এওঁলোক: ৰূবেণ, চিমিয়োন, লেবী, যিহূদা, ইচাখৰ, জবূলূন, 2দান, যোচেফ, বিন্যামীন, নপ্তালী, গাদ, আৰু আচেৰ।
3যিহূদাৰ পুত্ৰ, এৰ, ওনন, আৰু চেলা তেওঁৰ এই তিনি জন পুত্ৰ কনানীয়া চূৱাৰ জীয়েকৰ ঔৰসত জন্ম হৈছিল। তেওঁলোকৰ মাজত যিহূদাৰ ডাঙৰ পুত্ৰ এৰে যিহোৱাৰ দৃষ্টিত পাপ কৰিছিল আৰু তেওঁ তাক বধ কৰিলে। 4যিহূদাৰ বোৱাৰীয়েক তামাৰে পেৰচ আৰু জেৰহক জন্ম দিলে। যিহূদাৰ পাঁচ জন পুত্র আছিল।
5পেৰচৰ পুত্র হিষ্ৰোণ আৰু হামূল আছিল। 6জেৰহৰ পাঁচ জন সন্তান: জিম্ৰী, এথন হেমন, কলকোল, আৰু দাৰা। 7আখৰ কর্মীৰ পুত্র আছিল, তেওঁ যিহোৱাৰ উদ্দেশে সংগ্ৰহ কৰি ৰখা বস্তু চুৰ কৰি ইস্ৰায়েললৈ সংকট কঢ়িয়াই আনিছিল। 8এথনৰ পুত্র অজৰিয়া আছিল।
9হিষ্ৰোণৰ পুত্র যিৰহমেল, ৰাম, আৰু কলূবয় আছিল। 10ৰামৰ পুত্র অম্মীনাদব; অম্মীনাদবৰ পুত্র নহচোন। তেওঁ যিহূদাৰ পূৰ্বপুৰুষসকলৰ অধ্যক্ষ আছিল। 11নহচোনৰ পুত্ৰ চলমা, চলমাৰ পুত্র বোৱজ। 12বোৱজৰ পুত্র ওবেদ, ওবেদৰ পুত্র যিচয়। 13যিচয়ৰ জ্যেষ্ঠ পুত্ৰ ইলীয়াব, দ্বিতীয় অবীনাদব, তৃতীয় চিমিয়া, 14চতুৰ্থ নথনেল, পঞ্চম ৰদ্দয়, 15ষষ্ঠ ওচম, আৰু সপ্তম দায়ুদ।
16তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল। 17অবীগলৰ পুত্ৰ অমাচা, এওঁৰ পিতৃ ইশ্মায়েলীয়া যেথৰ।
18হিষ্ৰোণৰ পুত্ৰ কালেবৰ ভাৰ্যা অজূবা আৰু যিৰীয়োত। তেওঁলোকৰ সন্তান যেচৰ, চোবব, আৰু অৰ্দোন আছিল। 19আৰু অজূবাৰ মৃত্যুৰ পাছত কালেবে ইফ্ৰাথাক বিয়া কৰালে, আৰু তেওঁ হূৰক জন্ম হ’ল। 20হূৰৰ পুত্র ঊৰী, আৰু ঊৰীৰ পুত্র বচলেল আছিল।
21তাৰ পাছত হিষ্ৰোণে ষাঠি বছৰ বয়সত গিলিয়দৰ পিতৃ মাখীৰৰ জীয়েকক বিয়া কৰিলে। তেওঁ তেওঁলৈ চগূবৰক জন্ম দিলে। 22চগূবৰ পুত্র যায়ীৰ, গিলিয়দ দেশত তেওঁ তেইশখন নগৰ শাসন কৰিছিল।
23গচুৰ আৰু অৰামে তেওঁলোকৰ পৰা যায়ীৰ আৰু কনাৎ নগৰ, আৰু তাৰ চাৰিওফালৰ ষাঠিখন নগৰ অধিকাৰ কৰিছিল। এই সকলো বাসিন্দা গিলিয়দৰ পিতৃ মাখীৰৰ বংশধৰ আছিল। 24হিষ্ৰোণ মৃত্যুৰ পাছত, কালেবে তেওঁৰ পিতৃৰ ভাৰ্যা ইফ্ৰাথাৰ সৈতে শয়ন কৰে। আৰু তেওঁৰ অচহূৰক জন্ম দিলে, তেওঁ তকোৱাৰ পিতৃ আছিল।
25হিষ্ৰোণৰ প্ৰথম পুত্ৰ যিৰহমেল, যিৰহমেলৰ প্ৰথম পুত্র ৰাম, ৰামৰ পাছত বূনা, ওৰণ, ওচম, আৰু অহিয়া। 26যিৰহমেলৰ অটাৰা নামেৰে আৰু এগৰাকী ভাৰ্যা আছিল, তেওঁ ওনমৰ মাতৃ আছিল। 27যিৰহমেলৰ প্ৰথম পুত্র ৰাম, তেওঁৰ পুত্র মাচ, যামীন, আৰু একৰ। 28ওনমৰ পুত্র চম্ময় আৰু যাদা, আৰু চম্ময়ৰ পুত্র নাদব আৰু অবীচূৰ।
29অবীচূৰৰ ভাৰ্য্যাৰ নাম অবীহয়িল; তেওঁ অহবান আৰু মোলিদক জন্ম দিলে। 30আৰু নাদবৰ পুত্র চেলদ আৰু অপ্পয়িম, কিন্তু চেলদ নি:সন্তান হৈ মৃত্যু বৰণ কৰে। 31অপ্পয়িমৰ পুত্র যিচী, যিচীৰ পুত্র চেচন, আৰু চেচনৰ পুত্র অহলয়। 32চম্ময়ৰ ভায়েক যাদাৰ পুত্র যেথৰ আৰু যোনাথন, যেথৰ নি:সন্তান হৈ মৃত্যু বৰণ কৰে। 33যোনাথনৰ পুত্র পেলৎ আৰু জাজা আছিল। এওঁলোক যিৰহমেলৰ বংশধৰ আছিল।
34চেচনৰ পুত্র নাছিল, কেৱল জীয়েক আছিল। যৰ্হা নামেৰে চেচনৰ এজন মিচৰীয়া দাস আছিল। 35চেচনে তেওঁৰ দাস যৰ্হাই সৈতে নিজৰ জীয়েকক বিয়া দিলে; তেওঁ অত্তয়ক জন্ম দিলে।
36অত্তয়ৰ পুত্র নাথন, নাথনৰ পুত্র জাবদ। 37জাবদৰ পুত্র ইফলল, ইফললৰ পুত্র ওবেদ। 38ওবেদৰ পুত্র যেহূ, যেহূৰ পুত্র অজৰিয়া।
39অজৰিয়াৰ পুত্র হেলচ, হেলচৰ পুত্র ইলিয়াচা। 40ইলিয়াচাৰ পুত্র চিচময়, চিচময়ৰ পুত্র চল্লুম। 41চল্লুমৰ পুত্র যকমিয়া, আৰু যকমিয়াৰ পুত্র ইলীচামা।
42যিৰহমেলৰ ভায়েক কালেবৰ পুত্রৰ প্ৰথম সন্তান মেচা, তেওঁ জীফৰ পিতৃ। তেওঁৰ দ্বিতীয় সন্তান মাৰেচা, তেওঁ হিব্ৰোণৰ পিতৃ আছিল। 43হিব্ৰোণৰ পুত্র কোৰহ, তপ্পূহ, ৰেকম, আৰু চেমা। 44চেমাৰ পুত্র ৰহম, ৰহম পুত্র যৰ্কিয়ম আৰু ৰেকমৰ পুত্র চম্ময়।
45চম্ময়ৰ পুত্র মায়োন, আৰু মায়োনৰ পুত্র বৈৎ-চুৰ। 46কালেবৰ উপপত্নী ঐফাই হাৰণ, মোচা, আৰু গাজেজক জন্ম দিলে। হাৰণৰ পুত্র গাজেজ। 47যেহদৰ পুত্র ৰেগম, যোথম, গেচন, পেলট, ঐফা, আৰু চাফ।
48কালেবৰ উপপত্নী মাখা চেবৰ আৰু তিৰ্হনাক জন্ম দিলে। 49আৰু তেওঁ মদ্মন্না পিতৃ চাফকক আৰু মগবেনা ও গিবিয়াৰ পিতৃ চবাকক জন্ম দিলে। কালেবৰ জীয়েকৰ নাম অকচা।
50এওঁলোক হূৰৰ সন্তান, ইফ্ৰাথাৰ পৰা জন্ম হোৱা প্ৰথম পুত্র হূৰ: কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবল, 51বৈৎলেহেমৰ পিতৃ চলমা, বৈৎ-গাদেৰৰ পিতৃ হাৰেফ।
52কিৰিয়ৎ-যিয়াৰীমৰ পিতৃ চোবলৰ বংশধৰসকল আছিল: হাৰোৱি, মানহতীয়াসকলৰ আধা ভাগ, 53আৰু কিৰিয়ৎ-যিয়াৰীমৰ গোষ্ঠী- যিত্ৰীয়া, পুথীয়া, চূমাথীয়া, আৰু মিশ্ৰায়ীয়াসকল। এওঁলোকৰ বংশধৰ আছিল চৰায়ীয়া আৰু ইষ্টায়োলীয়াসকল।
54তলত উল্লেখিত সকল চলমাৰ গোষ্ঠীৰ: বৈৎলেহেম, নটোফাতীয়াসকল অট্ৰোৎ-বৈৎযোৱাব, আৰু মানহতীয়াসকলৰ আধা ভাগ লোক, চৰীয়াসকল। 55যাবেচ-নিবাসী লিখকসকলৰ গোষ্ঠী তিৰাথীয়া, চিমিয়াথীয়া, আৰু চুখাথিয়াসকল। এওঁলোক ৰেখবৰ বংশৰ আদি-পিতৃ হম্মতৰ বংশধৰ কেনীয়া লোক।
Currently Selected:
1 বংশা 2: IRVAsm
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.