YouVersion Logo
Search Icon

1 বংশা 1

1
1 অধ্যায়
যাকোবৰ দিনলৈকে আদমৰ বংশাৱলি।
1আদম, চেথ, ইনোচ, 2কৈনন, মহললেল, যেৰদ, 3হনোক, মথুচেলহ, লেমক, 4নোহ, চেম, হাম, আৰু যেফৎ।
5যেফতৰ পুত্ৰ গোমৰ, মাগোগ, মাদয়, যাবন, তুবল, মেচেক, আৰু তীৰচ। 6গোমৰ পুত্ৰ অস্কিনজ, দীফত, আৰু তোগৰ্মা। 7যাবনৰ পুত্ৰ ইলীচা, তৰ্চীচ, কিত্তীম, আৰু দদানীম।
8হামৰ পুত্ৰ কুচ, মিচৰ, পূট, আৰু কনান। 9কুচৰ পুত্ৰ চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা। ৰয়মাৰ পুত্ৰ চিবা আৰু দদান। 10কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।
11লুদীয়া, অনামীয়া, লহাবীয়া, আৰু নপ্তুহীয়াৰ পূৰ্বপুৰুষ আছিল মিচৰীয়া, 12পথ্ৰোচীয়াসকল আৰু কচলুহীয়াসকল (এওঁলোকৰ পৰা পলেষ্টীয়াসকল আহিল), আৰু কপ্তোৰীয়াসকল।
13কনানৰ জেষ্ঠ পুত্ৰ চীদোন, চীদোনৰ পাছত হেৎ; 14তেওঁ যিবুচীয়া, ইমোৰীয়া, গিৰ্গাচীয়া, 15হিব্বীয়া, অৰ্কীয়া, চীনীয়া, 16অৰ্বদীয়া, চমৰীয়া, আৰু হমাতীয়াসকলৰ পূৰ্বপুৰুষ আছিল।
17চেমৰ পুত্ৰসকল এলম, অচুৰ অৰ্ফকচদ, লুদ, অৰাম, উচ, হুল, গেথৰ, আৰু মেচেক। 18অৰ্ফকচদৰ পুত্ৰ চেলহ; আৰু চেলহৰ পুত্ৰ এবৰ। 19এবৰৰ দুজন পুত্ৰ আছিল, এজনৰ নাম পেলগ#1:19 পেলগ বিভাগ, কিয়নো তেওঁৰ সময়তেই পৃথিৱী বিভক্ত হৈছিল, আৰু তেওঁৰ ভায়েকৰ নাম যক্তন আছিল।
20অলমোদদ, চেলফ, হচমাবৎ, যেৰহ, 21হদোৰাম, উজল, দিক্লা, 22এবল, অবীমায়েল, চিবা, 23ওফীৰ, হবীলা, আৰু যোবব; এওঁলোক যক্তনৰ পুত্ৰ আছিল।
24চেম, অৰ্ফকচদ, চেলহ, 25এবৰ, পেলগ, ৰিয়ু 26চৰূগ, নাহোৰ, তেৰহ, 27অব্ৰাম, এই জনেই অব্ৰাহাম আছিল।
28ইচহাক আৰু ইশ্মায়েল অব্ৰাহামৰ পুত্র আছিল। 29তেওঁলোকৰ বংশৱলি এই, ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োতৰ পাছত কেদৰ, অদবেল, মিবচম, 30মিস্মা, দুমা, মচ্ছা, হদদ, তেমা, 31যটূৰ, নাফীচ, কেদ্মা; এই সকল ইশ্মায়েলৰ সন্তান।
32অব্ৰাহামৰ উপপত্নী কটুৰাৰ সন্তান সকল হ’ল জিম্ৰণ, যকচন, মদান, মিদিয়ন, যিচবক, আৰু চুহ। যক্সনৰ সন্তান চিবা আৰু দদান। 33মিদিয়নৰ সন্তান ঐফা, এৰফ, হনোক, অবীদা, আৰু ইলদায়া; এই সকল কটুৰাৰ বংশধৰ।
34অব্ৰাহামৰ পুত্ৰ ইচহাক। ইচহাকৰ পুত্ৰ এচৌ আৰু ইস্ৰায়েল।
35ইলীফজ, ৰূৱেল, যিয়ুচ, যালম, আৰু কোৰহ এচৌৰ সন্তান আছিল। 36তৈমন, ওমাৰ, চফী, গয়িতম, কনজ, তিম্না, আৰু অমালেক ইলীফজৰ সন্তান আছিল। 37ৰূৱেলৰ সন্তান নহৎ, জেৰহ, চম্মা, আৰু মিজ্জা।
38চেয়ীৰৰ সন্তান লোটন, চোবল, চিবিয়োন, অনা, দিচোন, এচৰ আৰু দীচন। 39লোটনৰ সন্তান হোৰী হোমম; আৰু লোটনৰ ভনীয়েক আছিল তিম্না। 40চোবলৰ সন্তান অলিয়ন, মানহৎ, এবল, চফি, আৰু ওনম। আৰু চিবিয়োনৰ সন্তান অয়া আৰু অনা।
41অনাৰ পুত্ৰ দীচন। দীচনৰ পুত্ৰ হিম্ৰন, ইচবন, যিত্ৰন, আৰু কৰান। 42এচৰৰ সন্তান বিলহন, জাবন, আৰু যাকন। দীচনৰ পুত্ৰ উচ, আৰু অৰান।
43ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত কোনো ৰজাই ৰাজত্ব কৰাৰ আগতে, ইদোম দেশত ৰাজত্ব কৰা ৰজা এইসকল; বিয়োৰ পুত্ৰ বিলা; তেওঁৰ নগৰৰ নাম দিনহাবা আছিল। 44বিলাৰ মৃত্যু হোৱাৰ পাছত, তেওঁৰ ঠাইত যোববে ৰাজত্ব কৰিছিল। তেওঁ বজ্ৰাৰ জেৰহৰ পুত্ৰ আছিল। 45যোববৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তৈমন দেশীয় হূচমে তেওঁৰ ঠাইত ৰাজত্ব কৰিছিল।
46আৰু হূচমৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত মোৱাব দেশত মিদিয়নক পৰাজিত কৰা বদদৰ পুত্ৰ হদদে ৰাজত্ব কৰিছিল, তেওঁৰ নগৰৰ নাম আছিল অবীৎ। 47আৰু হদদৰ মৃত্যু হোৱা পাছত তেওঁৰ ঠাইত মস্ৰেকাৰ চম্নাই ৰাজত্ব কৰিছিল। 48চম্নাৰ যেতিয়া মৃত্যু হ’ল, তেতিয়া তেওঁৰ সলনি ফৰাৎ নদীৰ ওচৰৰ ৰহোবোতীয়া চৌলে ৰাজত্ব কৰিছিল।
49চৌলৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ ঠাইত অকবোৰৰ পুত্ৰ বাল-হাননে ৰাজত্ব কৰিছিল। 50যেতিয়া অকবোৰৰ পুত্ৰ বাল-হাননৰ মৃত্যু হ’ল তেতিয়া তেওঁৰ ঠাইত হদদে ৰাজত্ব কৰিছিল; তেওঁৰ নগৰৰ নাম আছিল পায়ী। তেওঁৰ ভাৰ্য্যাৰ নাম মহেটবেল তেওঁ মে-জাহবৰ নাতিনিয়েক মট্ৰেদৰ জীয়েক আছিল।
51হদদ মৃত্যু হ’ল।
ইদোমৰ ফৈদৰ মুৰব্বী সকলৰ নাম; তিম্না, অলিয়া, যিথেৎ, 52অহলীবামা, এলা, পীনোন, 53কনজ, তৈমন, মিবচৰ, 54মগ্দীয়েল, আৰু ঈৰম। এওঁলোক ইদোমৰ ফৈদৰ মুৰব্বী আছিল।

Currently Selected:

1 বংশা 1: IRVAsm

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in