1
যিচ 40:29
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
তেওঁ ক্লান্ত হোৱা লোকক শক্তি দান কৰে, আৰু দুৰ্ব্বল হোৱা লোকক অধিক বল দান কৰে।
Compare
Explore যিচ 40:29
2
যিচ 40:30-31
এনে কি ডেকাসকলে ক্লান্ত হৈ ভাগৰ পায়, আৰু যুৱকসকলে উজুতি খাই পৰে। কিন্তু যিসকলে যিহোৱালৈ অপেক্ষা কৰে, তেওঁলোকে নতুন বল পাব, তেওঁলোকে কুৰৰ পক্ষীৰ দৰে ডেউকাৰে ওপৰলৈ উৰিব, তেওঁলোকে দৌৰিব আৰু ক্লান্ত নহ’ব, তেওঁলোকে খোজ কাঢ়িব আৰু ভাগৰ নাপাব।
Explore যিচ 40:30-31
3
যিচ 40:28
তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
Explore যিচ 40:28
4
যিচ 40:3
এটা মাতে চিঞৰিছে, মৰুপ্রান্তৰত যিহোৱাৰ পথ যুগুত কৰা, আমাৰ ঈশ্বৰৰ বাবে মৰুভূমিত এটি পোন ৰাজপথ তৈয়াৰ কৰা।”
Explore যিচ 40:3
5
যিচ 40:8
ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য অনন্ত কাললৈকে থাকে।
Explore যিচ 40:8
6
যিচ 40:5
আৰু যিহোৱাৰ মহিমা প্ৰকাশ কৰা হ’ব, আৰু সকলো মৰ্ত্ত্যই একে সময়তে তাক দেখিব; কাৰণ যিহোৱাই নিজৰ মুখেৰে ইয়াকে ক’লে।
Explore যিচ 40:5
7
যিচ 40:4
প্ৰত্যেক উপত্যকা ওখ কৰা হ’ব; আৰু প্ৰত্যেক পৰ্ব্বত আৰু পাহাৰ সমান কৰা হ’ব; অসমতল ঠাই সমান কৰা হ’ব, খলাবমা মাটি সমান কৰা হ’ব
Explore যিচ 40:4
8
যিচ 40:11
তেওঁ মেৰ-ছাগ ৰখীয়াৰ দৰে নিজৰ জাকক চৰাব, তেওঁ নিজৰ বাহুৰ তলত মেৰ-ছাগ পোৱালিক গোটাব, আৰু সিহঁতক হৃদয়ৰ কাষ চপায় কঢ়িয়াব আৰু সিহঁতৰ সৰুবোৰক মৰমেৰে প্রতিপালন কৰি চলাই নিব।
Explore যিচ 40:11
9
যিচ 40:26
আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? তেওঁ তেওঁলোকৰ সমস্ত সৃষ্টি পৰিচালনা কৰে, আৰু তেওঁ সেইবোৰক নাম কাঢ়ি মাতে, সেই জনাৰ অধিক সামৰ্থ আৰু বহু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও অনুপস্থিত নাথাকে।
Explore যিচ 40:26
10
যিচ 40:22
যি জনা পৃথিৱীৰ আকাশ মণ্ডলৰ ওপৰত বহি আছে, আৰু তেওঁৰ আগত তাৰ নিবাসীসকল ফৰিঙৰ দৰে, তেওঁ পৰ্দাৰ দৰে আকাশ মণ্ডল বিস্তাৰ কৰে, আৰু বাস কৰা তম্বুৰ দৰে তাক প্রসাৰিত কৰে।
Explore যিচ 40:22
11
যিচ 40:2
যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।
Explore যিচ 40:2
12
যিচ 40:6-7
এজনে কৈছে, “কান্দা।” আন এজনে উত্তৰ দিছে, “মই কিয় কান্দিম?” সকলো মাংসই তৃণ হ’য়, আৰু তেওঁৰ সকলো বিশ্ৱাসযোগ্য চুক্তি পথাৰৰ ফুলৰ দৰে। যেতিয়া যিহোৱাৰ প্ৰশ্বাস-বায়ু তাৰ ওপৰত বলায় তেতিয়া ঘাঁহ শুকাই যায়, ফুল জঁয় পৰে; আৰু লোকসকল নিশ্চয় ঘাঁহ।
Explore যিচ 40:6-7
13
যিচ 40:10
চোৱা, প্ৰভু যিহোৱা জয়যুক্ত বীৰস্বৰূপে আহিছে, আৰু তেওঁ নিজ বাহুবলেৰে শাসন কৰিব। চোৱা তেওঁৰ পুৰস্কাৰ তেওঁৰ লগত আছে, তেওঁৰ প্রতিদান তেওঁৰ আগে আগে যায়।
Explore যিচ 40:10
14
যিচ 40:1
তোমালোকৰ ঈশ্বৰে কৈছে, মোৰ লোকসকলৰ শান্ত্বনা হওক।
Explore যিচ 40:1
15
যিচ 40:12-14
কোনে নিজৰ হাতৰ তলুৱাত জলৰাশি জুখিছিল? আৰু কোনে আকাশ-মণ্ডল জুখিছিল? কোনে পৃথিবীৰ সমূদায় ধূলি দোনত ভৰাই জুখিছিল? কোনে পৰ্ব্বতবোৰক পাল্লাত বা পাহাৰবোৰক তুলাঁচনীত জুখিছিল? কোনে যিহোৱাৰ আত্মাৰ তত্ত্ব নিৰূপণ কৰিছিল? বা কোনে তেওঁৰ পৰামৰ্শদাতা হৈ তেওঁক শিক্ষা দিছিল? তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল? কোনে তেওঁক ন্যায় কার্য কৰিবলৈ শিকাইছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল, আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?
Explore যিচ 40:12-14
Home
Bible
Plans
Videos