আপোনালোকৰ ঈশ্বৰ যিহোৱা আপোনালোকৰ আগে আগে আছে আৰু তেওঁ আপোনালোকৰ হৈ যুদ্ধ কৰিব। মিচৰ দেশত আপোনালোকৰ চকুৰ সন্মুখত তেওঁ যি কৰিছিল, ইয়াতো তেওঁ সেই একে কার্য কৰিব। পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ঠাইতে, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”