1
আদি 22:14
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
เปรียบเทียบ
สำรวจ আদি 22:14
2
আদি 22:2
তেতিয়া ঈশ্বৰে ক’লে, “তুমি প্ৰেম কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”
สำรวจ আদি 22:2
3
আদি 22:12
দূতে ক’লে, “তুমি ল’ৰাটোৰ গাত হাত নিদিবা আৰু তাৰ একো হানি নকৰিবা; কিয়নো তুমি যে ঈশ্বৰৰ ভয়কাৰী লোক, সেই বিষয়ে মই এতিয়া জানিছোঁ; কাৰণ তুমি তোমাৰ একেটি পুত্ৰকো মোৰ বাবে বলি দিবলৈ অসন্মত নহলে।”
สำรวจ আদি 22:12
4
আদি 22:8
অব্ৰাহামে ক’লে, “বোপা, হোমবলিৰ কাৰণে ঈশ্বৰে নিজেই মেৰ-ছাগ পোৱালি যোগাব।” এইদৰে কথা পাতি পাতি তেওঁলোক দুয়ো একেলগে আগুৱাই গ’ল।
สำรวจ আদি 22:8
5
আদি 22:17-18
মই নিশ্চয় তোমাক আশীৰ্ব্বাদ কৰিম; আকাশৰ তৰাবোৰৰ দৰে আৰু সাগৰৰ তীৰত থকা বালিৰ দৰে তোমাৰ বংশ অতিশয় ৰূপে বৃদ্ধি কৰিম; তোমাৰ বংশৰ লোকসকলে তেওঁলোকৰ শত্রুবোৰৰ নগৰৰ দুৱাৰ জয় কৰিব। তোমাৰ বংশৰ যোগেদিয়েই পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; তুমি মোৰ কথা পালন কৰিলা বাবেই তেনে হ’ব।”
สำรวจ আদি 22:17-18
6
আদি 22:1
এইবোৰ ঘটনাৰ পাছত ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে তেওঁক “অব্ৰাহাম!” বুলি মতাত অব্রাহামে ক’লে, “এইয়া, মই আছোঁ।”
สำรวจ আদি 22:1
7
আদি 22:11
তেনে সময়তে আকাশৰ পৰা যিহোৱাৰ দূতে তেওঁক মাতি ক’লে, “অব্ৰাহাম, অব্ৰাহাম!” তেওঁ ক’লে, “এইয়া মই আছোঁ।”
สำรวจ আদি 22:11
8
আদি 22:15-16
পাছত ঈশ্বৰৰ দূতে আকাশৰ পৰা পুনৰ মাত লগালে। তেওঁ ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ পুত্র, একেটি পুত্রকো মোৰ বাবে বলিদান দিবলৈ অসন্মত নহলে আৰু যিহেতু তুমি এই কার্য কৰিলা, সেয়ে মই নিজ নামেৰে শপত খাই কৈছো যে
สำรวจ আদি 22:15-16
9
আদি 22:9
পাছত যি ঠাইৰ কথা ঈশ্বৰে অব্রাহামক কৈছিল, তেওঁলোকে গৈ সেই ঠাই পালে আৰু সেই ঠাইতে অব্ৰাহামে এটা যজ্ঞবেদি নির্ম্মাণ কৰি তাৰ ওপৰত কাঠ সজাই হ’ল। তাৰ পাছত নিজৰ পুত্ৰ ইচহাকক বান্ধি যজ্ঞবেদিৰ কাঠৰ ওপৰত হ’ল।
สำรวจ আদি 22:9