হিতো 6
6
6 অধ্যায়
বিবেচনা নকৰাকৈ জামিন হোৱা, আৰু এলাহ আদি নিষেধ।
1হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা,
তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
2তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা,
আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
3হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা;
কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা।
যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
4তোমাৰ চকুক টোপনি যাবলৈ নিদিবা,
আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
5হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে,
আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
6হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা,
সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
7সিহঁতৰ কোনো অধিপতি,
কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
8তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়,
আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
9হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা?
আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
10“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও,
আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
11তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে,
আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
12এজন অপদাৰ্থ#6:12 অপদাৰ্থ নিষ্কৰ্মা ব্যক্তি, এজন পাপী লোক-
কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
13তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে,
আৰু আঙুলিৰে ইঙ্গিত কৰে।
14তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে,
তেওঁ সদায় বিবাদক আলোড়িত কৰে,
15সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে;
তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
16যিহোৱাই ঘিণ কৰা বিষয় ছয়টা,
সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
17গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা,
নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
18বেয়া পৰিকল্পনা কৰা হৃদয়,
বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
19মিছা কথা ব্যক্ত কৰা সাক্ষী,
আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
20হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা,
আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
21সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা,
আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
22তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব,
তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব,
আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
23কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়,
নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
24অসৎ মহিলাৰ পৰা,
আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
25তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা,
আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
26বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে,
কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
27কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত,
জুই ৰাখিব পাৰে নে?
28কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ,
জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
29সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়,
সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
30চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে,
লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
31কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব,
আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
32যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস#6:32 সহবাস ব্যভিচাৰ কৰে তেওঁ জ্ঞানশূন্য;
যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
33তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য;
আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
34কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে;
তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
35তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব;
আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.