Bible App logo
Search Icon

হিতো 21

21
21 অধ্যায়
1ৰজাৰ হৃদয় যিহোৱাৰ হাতৰ পৰা বৈ থকা পানীৰ দৰে;
তেওঁ এই পানী যি দিশলৈ ইচ্ছা কৰে, সেই দিশলৈ বোৱায়।
2সকলো মানুহৰ পথ তেওঁৰ নিজৰ দৃষ্টিত ন্যায়;
কিন্তু যিহোৱাই হৃদয় জোখে।
3যি সত্য আৰু ন্যায়, এনে কাৰ্য কৰা;
বলিদানতকৈ এই কার্য সমূহ যিহোৱাৰ গ্রহণীয়।
4অহংকাৰী দৃষ্টি আৰু দাম্ভিক হৃদয়;
দুষ্ট লোকৰ প্রদীপ পাপেৰে পৰিপূৰ্ণ।
5পৰিশ্ৰমী লোকৰ কল্পনাই কেৱল উন্নতিলৈ লৈ যায়;
কিন্তু যি সকলে খৰকৈ কাৰ্য কৰে, তেওঁলোকলৈ কেৱল দৰিদ্ৰতা আহে।
6মিছলীয়া জিভাৰ দ্বাৰাই অৰ্জন কৰা ধন-সম্পত্তি
অস্থায়ী ভাপ, সেইবোৰ মৃত্যু বিচাৰে,
7দুষ্ট লোকৰ অত্যাচাৰে তেওঁলোকক দূৰ কৰিব;
কাৰণ তেওঁলোকে ন্যায় পথত চলিবলৈ অসন্মত হয়।
8অপৰাধীৰ পথ কুটিল হয়,
কিন্তু যি জন শুদ্ধ, তেওঁ সৎ কাৰ্য কৰে।
9দন্দুৰী স্বভাৱৰ ভাৰ্যাৰ সৈতে ঘৰত বাস কৰাতকৈ,
ঘৰৰ চালৰ এচুকত বাস কৰাই ভাল।
10দুষ্ট লোকৰ আত্মাই পাপ আকাংক্ষা কৰে,
আৰু তেওঁৰ পৰা তেওঁৰ চুবুৰীয়া কৃপা দৃষ্টি নাপায়।
11যেতিয়া নিন্দক লোকে দণ্ড পায়, তেতিয়া অশিক্ষিত লোক জ্ঞানী হয়,
আৰু যেতিয়া জ্ঞানী লোকে নিৰ্দেশ পায়, তেতিয়া তেওঁৰ জ্ঞান বৃদ্ধি হয়।
12যি জনে সৎ কাৰ্য কৰে, তেওঁ দুষ্ট লোকৰ ঘৰ পৰ্যবেক্ষণ কৰে;
তেওঁ দুষ্ট লোকলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
13যি জনে দৰিদ্ৰ লোকৰ কাতৰোক্তি নুশুনে,
সেই জন যেতিয়া কান্দিব, তেতিয়া কোনেও নুশুনিব।
14গুপ্ত উপহাৰ ক্রোধ শান্ত কৰে,
আৰু গোপন উপহাৰে প্ৰচণ্ড ক্ৰোধৰ পৰা আঁতৰায় ৰাখে।
15যেতিয়া ন্যায় বিচাৰ হয়, তেতিয়া ন্যায় কৰা জনে আনন্দ পায়;
কিন্তু কুকৰ্ম কৰা জনলৈ সৰ্ব্বনাশ কঢ়িয়াই আনে।
16যি জনে বিবেচনা শক্তিৰ পথৰ পৰা ভ্ৰমি ফুৰে,
সেই জনে মৃত সকলৰ সমাজত জিৰণী ল’ব।
17যি মানুহে ৰং-ধেমালি কৰি ভাল পায়, তেওঁ দৰিদ্ৰ হ’ব;
আৰু যি জনে দ্ৰাক্ষাৰস আৰু তেল ভাল পায় তেওঁ ধনৱান নহ’ব।
18সৎ কাৰ্য কৰা লোকৰ বাবে দুষ্টলোকে প্রায়শ্চিত পায়;
আৰু ন্যায়পৰায়ণ লোকৰ বাবে বিশ্বাসঘাতকৰ প্রায়শ্চিত হয়।
19দ্বন্দুৰী আৰু সকলো সময়তে অভিযোগ কৰি থকা মহিলাৰ সৈতে বাস কৰাতকৈ,
মৰুভূমিত বাস কৰাই ভাল।
20জ্ঞানী লোকৰ ঘৰত বহুমূল্য বস্তু আৰু তেল থাকে;
কিন্তু অজ্ঞানী লোকে সেইবোৰ অপব্যৱহাৰ কৰে।
21যি জনে সৎ কাৰ্য কৰে আৰু দয়ালু হয়,
তেওঁ জীৱন পায়, উচিত সিদ্ধান্ত লয়, আৰু সন্মান লাভ কৰে।
22জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়,
আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ধ্বংস কৰে।
23যি জনে নিজৰ মুখ আৰু জিভা চম্ভালি ৰাখে,
তেওঁ সঙ্কটৰ পৰা নিজকে ৰক্ষা কৰে।
24গৰ্ব্বি আৰু অহংকাৰী লোকক “নিন্দক” বুলি কোৱা হয়;
তেওঁ দাম্ভিকতাৰে কাৰ্য কৰে।
25এলেহুৱা লোকৰ অভিলাষে তেওঁক বধ কৰে;
কাৰণ তেওঁৰ হাতে কাম কৰিবলৈ অমান্তি হয়।
26ওৰে দিনটো তেওঁ অধিকতকৈ অধিক পাবলৈ আকাংক্ষা কৰে;
কিন্তু সৎ কাৰ্য কৰা জনে দান দিয়ে, আৰু দান দিয়া বন্ধ নকৰে।
27দুষ্ট লোকৰ বলিদান ঘৃণনীয়;
তাতে বেয়া মনোভাবেৰে অনাৰ বাবে তাতকৈ কিমান বেছি ঘৃণনীয় হ’ব।
28মিছা সাক্ষী দিয়া জন ধ্বংস হ’ব;
কিন্তু কথা শুনা জনে, তেওঁ সকলো সময়ৰ বাবে কথা ক’ব।
29দুষ্ট লোকে নিজকে পৰাক্রমী দেখুৱাই;
কিন্তু ন্যায়পৰায়ণ লোকে নিজৰ পথ বিবেচনা কৰে।
30যিহোৱাৰ বিৰুদ্ধে প্রজ্ঞা, বিবেচনা,
বা পৰামৰ্শ একোৱেই স্থিৰ হ’ব নোৱাৰে।
31যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়,
কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।

Currently Selected:

হিতো 21: IRVAsm

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in