হিতো 14
14
14 অধ্যায়
1জ্ঞানৱতী মহিলাই নিজৰ ঘৰ নিৰ্মাণ কৰে;
কিন্তু অজ্ঞানী মহিলাই নিজৰ হাতেৰে তাক ভাঙি পেলায়।
2যি জনে সৰল পথত চলে, তেওঁ যিহোৱাক ভয় কৰে;
কিন্তু যি জনে নিজৰ পথত সত্যতাৰে নচলে সেইজনে তেওঁক হেয়জ্ঞান কৰে।
3অজ্ঞানীলোকৰ মুখৰ পৰা তেওঁৰ অহঙ্কাৰৰ অঙ্কুৰ ওলাই;
কিন্তু জ্ঞানীলোকৰ ওঁঠে সেইবোৰ সংৰক্ষিত কৰে।
4য’ত গৰু নাথাকে তাত দানা পাত্ৰ নিকা হৈ থাকে;
কিন্তু ষাঁড় গৰুৰ বলেৰে অধিক শস্য উৎপন্ন হয়।
5বিশ্বাসী সাক্ষীয়ে মিছা কথা নকয়;
কিন্তু মিছা সাক্ষীয়ে মিছা কথাকেহে কয়।
6নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়;
কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়।
7অজ্ঞানী লোকৰ পৰা আঁতৰি থাকা;
কাৰণ তেওঁৰ মুখত জ্ঞানৰ কথা বিচাৰি নাপাবা।
8নিজৰ পথ বুজি পোৱাই দূৰদৰ্শীসকলৰ প্রজ্ঞা;
কিন্তু অজ্ঞানীলোকৰ অজ্ঞানতাই প্ৰবঞ্চনা মাথোন।
9দোষাৰ্থক বলি উৎসৰ্গ কৰোঁতে অজ্ঞানীলোকে নিন্দা কৰে;
কিন্তু ন্যায়পৰায়ণ লোকৰ মাজত অনুগ্ৰহ থাকে।
10হৃদয়ে নিজৰ বেদনা নিজে বুজি পায়;
কিন্তু অচিনাকী লোকে সেই আনন্দত ভাগ ল’ব নোৱাৰে।
11দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব;
কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।
12কোনো কোনো পথ মানুহৰ দৃষ্টিত সৰল বোধ হয়;
কিন্তু শেষত সেয়ে মৃত্যুৰ পথ।
13দুখৰ সময়তো হৃদয়ে হাঁহিব পাৰে,
আৰু আনন্দ শেষত দুখলৈ পৰিণত হ’ব পাৰে।
14যি জন অবিশ্বাসী, তেওঁ নিজৰ আচৰণৰ ফল ভোগ কৰিব;
কিন্তু ভাল লোকে তেওঁৰ যি আছে তাকেই পাব।
15যি জন শিক্ষিত নহয়, তেওঁ সকলো বিশ্বাস কৰে;
কিন্তু দূৰদৰ্শী লোকে নিজৰ খোজ চিন্তা কৰে।
16জ্ঞানী লোকে ভয় কৰে আৰু বেয়াৰ পৰা আঁতৰি থাকে;
কিন্তু অজ্ঞান লোকে দৃঢ়তাৰে সাৱধান বাণী অৱজ্ঞা কৰে।
17ক্ষন্তেকতে খং উঠা লোকে অজ্ঞানীৰ দৰে কাম কৰে;
আৰু যিজনে কু-কল্পনা কৰে তেওঁ ঘৃণনীয় হয়।
18অশিক্ষিত লোকৰ মুৰ্খতা বংশানুক্রমে থাকে;
কিন্তু দূৰদৰ্শী লোকসকল জ্ঞানেৰে পৰিপূৰ্ণ।
19যিসকল পাপী, তেওঁলোকে সৎ লোকৰ আগত প্রণিপাত কৰে;
আৰু যিসকল দুষ্ট তেওঁলোকে ধাৰ্মিকলোকৰ দুৱাৰ ডলিত প্রণিপাত কৰে।
20দৰিদ্ৰ লোকক তেওঁলোকৰ নিজৰ সঙ্গীয়েই ঘৃণা কৰে;
কিন্তু ধনী লোকৰ অনেক বন্ধু থাকে।
21যি জনে চুবুৰীয়াক হেয়জ্ঞান কৰে, তেওঁ পাপ কৰে;
কিন্তু যি জনে দৰিদ্ৰ লোকক দয়া কৰে, তেওঁ অনন্দিত হয়।
22যি সকলে বেয়া পৰিকল্পনা কৰে, তেওঁলোক জানো বিপথগামী নহয়?
কিন্তু যি সকলে মঙ্গল কল্পনা কৰে, তেওঁলোক বিশ্বস্ততা আৰু বিশ্বাসযোগ্য চুক্তি গ্রহণ কৰিব।
23সকলো কঠিন পৰিশ্ৰমৰ দ্বাৰাই লাভ হয়;
কিন্তু যেতিয়া কেৱল আলোচনা হয়, তেতিয়া দৰিদ্রতালৈ আগবাঢ়ি যায়।
24জ্ঞানী লোকসকলৰ সম্পত্তি তেওঁলোকৰ মুকুট;
কিন্তু অজ্ঞানীৰ মূৰ্খতাই কেৱল অধিক মূৰ্খতাহে আনে।
25সত্যবাদী সাক্ষীয়ে জীৱন ৰক্ষা কৰে;
কিন্তু মিছা সাক্ষীয়ে মিছা কথা কয়।
26যিহোৱাক ভয় কৰাই দৃঢ়-বিশ্বাস,
আৰু এয়ে তেওঁৰ সন্তান সকলৰ বাবে আশ্ৰয় স্থল হ’ব।
27যিহোৱালৈ ভয় ৰখাই জীৱনৰ ভুমুক-স্বৰূপ,
ইয়াৰে কোনো এজনে মৃত্যুৰ ফান্দৰ পৰা আঁতৰি থাকিব পাৰিব।
28ৰজাৰ গৌৰৱ অধিক সংখ্যক প্ৰজাত বিচাৰি পোৱা যায়;
কিন্তু প্ৰজা অবিহনে ৰজা ধ্বংস হয়।
29ধৈৰ্যশীল লোকৰ বিবেচনা শক্তি অধিক;
কিন্তু বেগাই খং উঠা লোকে নিজৰ মুৰ্খতা প্রকাশ কৰে।
30শান্ত হৃদয় শৰীৰৰ বাবে জীৱন স্বৰূপ;
কিন্তু ঈৰ্ষা হাড়ৰ ক্ষয়স্বৰূপ।
31যি লোকে দৰিদ্ৰক অত্যাচাৰ কৰে, তেওঁ নিজৰ সৃষ্টিকৰ্ত্তাক শাও দিয়ে;
কিন্তু যি জনে অভাৱীলোকক দয়া কৰে, তেওঁ তেওঁক সন্মান কৰে।
32দুষ্ট লোক নিজৰ কু-কৰ্মৰ দ্বাৰাই পতিত হয়;
কিন্তু ধাৰ্মিক লোকে মৃত্যুতো আশ্ৰয় পায়।
33প্রজ্ঞা হৃদয়ৰ সক্ষ্মদর্শীতাত প্রতিষ্ঠিত হয়;
কিন্তু অজ্ঞানীলোক সকলৰ মাজতো তেওঁ নিজকে প্রকাশ কৰে।
34সৎ কাৰ্য কৰা দ্বাৰাই দেশৰ উন্নতি হয়;
কিন্তু পাপ যি কোনো লোকৰ বাবে কলঙ্কস্বৰূপ।
35জ্ঞানেৰে কাৰ্য কৰা দাসলৈ ৰজাৰ অনুগ্ৰহ থাকে;
কিন্তু লজ্জাজনক কাম কৰা দাসলৈ তেওঁৰ ক্ৰোধ জন্মে।
Currently Selected:
হিতো 14: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.