ফিলিপীয়া 3
3
3 অধ্যায়
পৌলৰ খ্ৰীষ্টীয় জীৱন
1শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰক। এই একে কথাকে আপোনালোকলৈ লিখিবৰ বাবে মোৰ কোনো সমস্যা হোৱা নাই আৰু সেইবোৰে আপোনালোকক নিৰাপদে ৰাখিব৷
2সেই কুকুৰহঁতলৈ সাৱধানে থাকিব৷ সেই দুষ্কৰ্ম্মকাৰী সকলৰ প্ৰতি সাৱধান হওক আৰু যি সকলে ছিন্ন-ভিন্ন কৰিব বিচাৰে, সিহঁতলৈকো#3:2 গাল 5:1-12৷ সাৱধানে থাকক। 3কিয়নো আমি হে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।
4তথাপি মই হ’লে মাংসতো ভাৰসা কৰিলে কৰিব পাৰোঁ৷ কোনোৱে যদি মাংসত ভাৰসা কৰিব পাৰে বুলি ভাবে, তেনেহলে তাতকৈ মই অধিক ভাৰসা কৰিব পাৰোঁ। 5মই অষ্টম দিনত চুন্নৎ হোৱা ইস্ৰায়েল জাতিৰ, বিন্যামীন ফৈদৰ, ইব্ৰী সকলৰ মাজৰ এজন আৰু বিধানৰ সম্বন্ধে এজন ফৰীচী৷
6মই উদ্যমেৰে মণ্ডলীৰ তাড়নাকাৰী#3:6 পাঁ 22:3, 4; গাল 1:13, 14৷ আৰু বিধানৰ ধাৰ্মিকতাৰ সম্বন্ধে নিৰ্দোষী আছিলোঁ৷ 7কিন্তু মোৰ পক্ষে যি যি লাভ আছিল, সেই সকলোকে খ্ৰীষ্টৰ কাৰণে মই মূল্যহীন যেন মানিলো;
8মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷ 9আৰু এতিয়া মই তেওঁক বিচাৰি পালোঁ৷ মোৰ নিজ ধাৰ্মিকতা, বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়; ইয়াৰ পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে, ধাৰ্মিক হলোঁ৷ 10এই ধাৰ্মিকতা তেওঁক জনাৰ যোগেদি তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখভোগৰ সহভাগিতাত#3:10 1 পি 4:13৷ মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁৰ দ্বাৰাই ৰূপান্তৰিত হৈছোঁ; 11যাতে কোনো প্ৰকাৰে মৃত লোকৰ পুনৰুত্থানৰ ভাগী হ’ব পাৰোঁ৷
12মই এইবোৰ এতিয়ালৈ গ্ৰহণ কৰিব পৰা নাই, সেই বাবে মই এতিয়াও সিদ্ধ হোৱা নাই; কিন্তু যি কাৰণত খ্ৰীষ্ট যীচুৰ দ্বাৰাই মোক নিয়ন্ত্ৰণ কৰা হ’ল, মই যেন কোনো প্ৰকাৰে সেইবোৰক মোৰ অধীনত কৰিব পাৰোঁ, তাৰ বাবে মই চলি আছোঁ। 13হে ভাই সকল, মই যে সেয়া মোৰ অধীনত কৰিলোঁ, সেই বিষয়ে এনে ভাব এতিয়ালৈকে কৰা নাই; কিন্তু মই এই কাম কৰোঁ: পাছত থকা সকলোকে পাহৰি, আগত থকা বোৰলৈহে যত্ন কৰোঁ৷ 14খ্ৰীষ্ট যীচুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ বটাৰ অৰ্থে ঘাইকৈ আগবাঢ়ি গৈ আছোঁ।#3:14 1 কৰি 9:24; 2 তী 4:7, 8; ইব্ৰী 12:1৷
15এতেকে আমি যিমান সিদ্ধ লোক আছোঁ, সকলোৱে সেইৰূপে ভাবক আৰু যদি কোনো বিষয়ত আপোনালোকৰ অন্য ভাব থাকে, তেনেহলে ঈশ্বৰে সেই বিষয়ে আপোনালোকলৈ প্ৰকাশ কৰিব। 16যি কাৰণতেই হওক, আমি যি পথত এইখিনি পালন কৰোঁ, তাতেই যেন অনুসৰণ কৰি চলোঁ।
17হে ভাই সকল, আপোনালোকেও মোৰ অনুকাৰী হওক আৰু আপোনালোকৰ আৰ্হি স্বৰূপ যি আমি, আৰু আমাৰ দৰে যি সকলে জীৱন-যাপন কৰে, তেখেত সকলক অনুসৰণ কৰক। 18মই আপোনালোকক বাৰে বাৰে কৈছোঁ, এতিয়াও চকুলো তুকিয়েই কওঁ, আপোনালোকৰ অনেকে জীয়াই থাকিও, খ্ৰীষ্টৰ ক্ৰুচৰ শত্ৰু হৈ আছে; 19তেখেত সকলৰ শেষগতি সৰ্ব্বনাশ, পেটেই তেখেত সকলৰ ঈশ্বৰ, নিজ নিজ লাজত তেখেত সকলৰ গৌৰৱ আছে, তেখেত সকলে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।
20কিয়নো আমি যি ৰাজ্যৰ মানুহ, সেই ৰাজ্য স্বৰ্গত আছে, আৰু স্ৱর্গৰ পৰাই আহিব বুলি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীচু খ্ৰীষ্টলৈ অপেক্ষা কৰি আছোঁ;#3:20 1 কৰি 1:7; ইব্ৰী 9:28৷ 21তেওঁ যি কাৰ্যসাধক গুণেৰে সকলোকে বশীভূত কৰিব পাৰে, তেনেদৰেই তেওঁ আমাৰ এই নীহ অৱস্থাৰ শৰীৰক ৰূপান্তৰ কৰি, তেওঁৰ প্ৰতাপৰ শৰীৰৰ সমৰূপ কৰিব।#3:21 1 কৰি 15:40-53৷
Currently Selected:
ফিলিপীয়া 3: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.