লূক 4:9-12
লূক 4:9-12 IRVASM
তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গ’ল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক। কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব’ আৰু ‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব’।” তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।”





