YouVersion Logo
Search Icon

লেবীয়া 12

12
12 অধ্যায়
প্ৰসৱকাৰীনী শুচি হোৱাৰ নিয়ম।
1পাছত যিহোৱাই মোচিক ক’লে, 2“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা বোলে, ‘কোনো এগৰাকী মহিলাই প্ৰসৱ কৰিলে, যদি তাইৰ ল’ৰা হয়, তেতিয়া তাই সাতদিন অশুচি হৈ থাকিব; তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰেই অশুচিতাৰ দৰেই তাই অশুচি হৈ থাকিব। 3পাছত অষ্টম দিনা ল’ৰাটিৰ লিঙ্গাগ্ৰ-চৰ্ম ছেদন কৰা হ’ব।
4আৰু সেই মহিলা গৰাকীৰ ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ অৰ্থে তাই তেত্ৰিশ দিন ৰখিব লাগিব; ৰক্তস্ৰাৱৰ অৱস্থাৰ পৰা শুচি নোহোৱালৈ তাই কোনো পবিত্ৰ বস্তু নুচুব আৰু ধৰ্মধামত নোসোমাব। 5যদি তাইৰ ছোৱালী হয়, তেতিয়া তাইৰ মাহেকীয়া অশৌচৰ কালৰ দৰে দুসপ্তাহ অশুচি হৈ থাকিব; আৰু ৰক্তস্ৰাৱৰ পৰা শুচি হ’বৰ কাৰণে তাইক ছয়ষষ্টি দিন ৰখিব লাগিব।
6পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’ব, তেতিয়া তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
7তেতিয়া পুৰোহিত জনে যিহোৱাৰ সন্মুখত তাক উৎসৰ্গ কৰি, সেই মহিলা গৰাকীক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই নিজ ৰক্তস্ৰাৱৰ পৰা শুচি হ’ব। ল’ৰা বা ছোৱালী প্ৰসৱ কৰা মহিলাসকলৰ কাৰণে এই নিয়ম। 8যদি তাই মেৰ-ছাগ পোৱালি আনিবলৈ অসমৰ্থ হয়, তেতিয়া তাই দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, তাৰ এটা হোমৰ অৰ্থে, আনটো পাপাৰ্থক বলিৰ অৰ্থে দিব, আৰু পুৰোহিতে তাইক প্ৰায়চিত্ত কৰিব; তেতিয়া তাই শুচি হ’ব’।”

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in

Videos for লেবীয়া 12