Bible App logo
Search Icon

হোচ 12

12
12 অধ্যায়
1ইফ্ৰয়িমে বতাহ খায়; তেওঁ গোটেইদিনটো পূবৰ বতাহৰ পাছত খেদি যায়; তেওঁ মিছা কথা আৰু অত্যাচাৰ বৃদ্ধি কৰে; তেওঁ অচূৰীয়াৰ সৈতে সন্ধি কৰে আৰু মিচৰলৈ তেল পঠায়।
ইস্রায়েলৰ বিৰুদ্ধে যিহোৱা
2যিহূদাৰ বিৰুদ্ধে যিহোৱাৰ এটা গোচৰ আছে;
তেওঁ যাকোবক তেওঁৰ আচৰণ অনুসাৰে দণ্ড দিব আৰু তেওঁৰ কাৰ্য অনুসাৰে প্ৰতিফল দিব।
3গৰ্ভৰ ভিতৰত যাকোবে তেওঁৰ ককায়েকৰ গোৰোহাত ধৰিছিল#12:3 আদি পুস্তক 25:26;
বয়সত নিজ শক্তিৰে তেওঁ ঈশ্বৰৰ লগত যুদ্ধ কৰিছিল#12:3 আদি পুস্তক 32:24-26
4তেওঁ দূতৰ লগত যুদ্ধ কৰি জয়ী হৈছিল;
তেওঁ দয়া বিচাৰি সেই দূতৰ ওচৰত কান্দিছিল আৰু মিনতি কৰিছিল;
তেওঁ ঈশ্বৰক বৈৎএলত লগ পাইছিল;
সেই ঠাইতে ঈশ্বৰে তেওঁৰ সৈতে কথা পাতিছিল#12:4 আমাৰ সৈতে কথা পাতে।
5তেওঁ যিহোৱা, বাহিনীসকলৰ ঈশ্বৰ; যিহোৱা তেওঁৰ নাম।
6এতিয়া হে যাকোবৰ বংশ,
তোমালোক তোমালোকৰ ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহাঁ।
প্রেম আৰু ন্যায়বিচাৰ ধৰি ৰাখা আৰু সদায় তোমালোকৰ ঈশ্বৰৰ অপেক্ষাত থাকা।
7যিহোৱাই কৈছে, “ইফ্রয়িম ব্যৱসায়ী;
তেওঁৰ হাতত প্ৰবঞ্চনাৰ পাল্লা আছে;
তেওঁ অত্যাচাৰ কৰিবলৈ ভাল পায়।
8ইফ্ৰয়িমে কয়, ‘নিশ্চয়ে মই চহকী হলোঁ,
নিজৰ কাৰণে মই ধন-সম্পদ গোটালোঁ;
মোৰ সকলো পৰিশ্ৰমত, লোকে মোৰ কোনো দোষ বা পাপ বিচাৰি নাপাব।’
9কিন্তু হে ইফ্রয়িম, ময়েই তোমাৰ ঈশ্বৰ যিহোৱা।
মই মিচৰ দেশৰ পৰাই তোমাৰ লগত আছোঁ।
তোমাৰ পৰ্ব্বৰ দিনৰ নিচিনাকৈ মই পুনৰায় তোমাক তম্বুত বাস কৰাম।
10মই ভাববাদীসকলৰ আগত কথা কলোঁ,
অনেক দৰ্শন দিলোঁ;
তেওঁলোকৰ যোগেদি দৃষ্টান্তৰে অনেক কথা ক’লো।
11গিলিয়দ অপৰাধেৰে পূর্ণ। তাৰ লোকসকল অপদার্থ।
গিলগলত লোকসকলে বলধ উৎসর্গ কৰে;
তেওঁলোকৰ যজ্ঞ-বেদীবোৰ পথাৰৰ মাটিত থকা শিলৰ দ’মৰ নিচিনা হ’ব।
12যাকোব অৰাম#12:12 অৰাম: চিৰিয়া দেশ দেশলৈ পলাই গৈছিল;
ভার্য্যা পাবৰ কাৰণে ইস্ৰায়েলে মজুৰিৰ কার্যৰ লগতে মেৰ-ছাগ চৰোৱাৰ কার্য কৰিছিল।
13যিহোৱাই এজন ভাববাদীৰ দ্বাৰাই মিচৰ দেশৰ পৰা ইস্ৰায়েলক আনিছিল;
এজন ভাৱবাদীৰ দ্বাৰাই তেওঁ প্ৰতিপালিত হৈছিল।
14কিন্তু ইফ্ৰয়িমে যিহোৱাক অতিশয় বেজাৰ দিলে;
সেয়ে তেওঁৰ প্রভুৱে তেওঁ কৰা ৰক্তপাতৰ দোষৰ কাৰণে তেওঁকেই দোষী কৰিব;
তেওঁ যি অপমানৰ কার্য কৰিছে, সেই অপমান প্রভুৱে তেওঁকে ঘূৰাই দিব।

Currently Selected:

হোচ 12: IRVAsm

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in