যিহি 3
3
3 অধ্যায়
1তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান#3:1 মৰণশীল মানুহ, তুমি যি বিচাৰি পাইছা, তাকে খোৱা! এই নুৰিওৱা পুথিখন ভোজন কৰা, তাৰ পাছত ইস্রায়েল পৰিবাৰক গৈ কোৱা।” 2সেই কাৰণে মই মুখ মেলিলো আৰু তেওঁ মোক সেই নুৰিওৱা পুথিখন খুৱাই দিলে। 3তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি, তাৰে তোমাৰ উদৰ পূৰ কৰা।” সেই কাৰণে মই তাক খালোঁ আৰু সেয়ে মোৰ মুখত মৌ-জোলৰ নিচিনা মিঠা লাগিল।
4পাছত তেওঁ মোক ক’লে, “হে মনুষ্য-সন্তান, ইস্ৰায়েলৰ পৰিবাৰৰ ওচৰলৈ যোৱা আৰু মোৰ বাক্য তেওঁলোকক কোৱা। বাক্য কোৱা। 5কিয়নো অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা জাতিৰ ওচৰলৈ তোমাক পঠিওৱা হোৱা নাই, কিন্তু ইস্ৰায়েল-বংশৰ ওচৰলৈহে পঠোৱা হৈছে। 6যি জাতিবোৰৰ বাক্য তুমি বুজি নোপোৱা, অস্পষ্ট কথা আৰু কঠিন ভাষা কোৱা এনে জাতিৰ অনেকৰ ওচৰলৈ তোমাক পঠোৱা হোৱা নাই। মই যদি তোমাক তেওঁলোকৰ ওচৰলৈ পঠালোঁহেঁতেন, তেন্তে নিশ্চয়ে তেওঁলোকে তোমাৰ কথা শুনিলেহেঁতেন। 7কিন্তু ইস্ৰায়েল বংশই তোমাৰ কথা শুনিবলৈ সন্মত নহ’ব, কিয়নো তেওঁলোকে মোৰ কথা শুনিবলৈ সন্মত নহয়। কাৰণ ইস্ৰায়েলৰ গোটেই বংশ জেদী আৰু কঠিন চিত্তীয়া।
8চোৱা! তোমাৰ মণ্ডল মই তেওঁলোকৰ মণ্ডলৰ দৰে আঁকোৰগোজ কৰিলোঁ আৰু তোমাৰ চেলাউৰি তেওঁলোকৰ চেলাউৰিৰ দৰে কঠিন কৰিলোঁ। তেওঁলোকৰ কপালৰ আগত তোমাৰ কপাল টান কৰিলোঁ। 9মই তোমাৰ কপাল চকমকিয়া পাথৰতকৈ কঠিন হীৰা যেন কৰিলোঁ; তেওঁলোক বিদ্ৰোহী বংশ হলেও, তেওঁলোকলৈ ভয় নকৰিবা বা তেওঁলোকৰ মুখ দেখি ব্যাকুল নহ’বা।”
10তেতিয়া তেওঁ মোক ক’লে, হে মনুষ্য-সন্তান, মই তোমাৰ আগত যি যি কথা ঘোষণা কৰিলোঁ, সেই সকলো কথা অন্তৰত গ্ৰহণ কৰা আৰু সেই কথাবোৰত কাণ দিয়া। 11তাৰ পাছত তোমাৰ দেশান্তৰিত স্বজাতীয় সন্তান সকলৰ ওচৰলৈ গৈ তেওঁলোকক কোৱা; তেওঁলোকক কোৱা, তেওঁলোকে শুনক বা নুশুনক, তথাপি তুমি কোৱা যে, ‘প্ৰভু যিহোৱাই এই কথা কৈছে’।”
12তেতিয়া আত্মা#3:12 ঈশ্বৰৰ আত্মাই মোক দাঙি লৈ গ’ল; তেতিয়া মোৰ পাচফালে এটা মহৎ ভূমিকম্পৰ শব্দৰদৰে এই বাক্য কোৱা শুনিলোঁ বোলে, যে, “নিজ ঠাইত বাস কৰা যিহোৱাৰ গৌৰৱ ধন্য।” 13তেতিয়া মই জীৱিত প্ৰাণী কেইজনৰ ডেউকা পৰস্পৰে লগ লগাত, তাৰ শব্দ শুনিলো আৰু তাৰে সৈতে অতি বেগেৰে যোৱা চকাবোৰৰ আৰু এটা মহৎ ভূমিকম্পৰ শব্দ শুনিলোঁ।
14এইদৰে আত্মা#3:14 ঈশ্বৰৰ আত্মাই মোক দাঙি লৈ গ’ল; আৰু মোৰ আত্মাৰ আবেগত মই বেজাৰত আছিলোঁ, কিয়নো যিহোৱাৰ হাত মোৰ ওপৰত প্ৰবল আছিল। 15তাৰ পাছত কবাৰ নদীৰ পাৰত থকা তেল-আবীব নিবাসী দেশান্তৰিত লোকসকলৰ ওচৰত মই উপস্থিত হলোঁ, আৰু তেওঁলোকে বাস কৰা ঠাইলৈ গৈ, মই আচৰিত হৈ তেওঁলোকৰ মাজত সাত দিন বহি থাকিলোঁ।
16তাৰ পাছত সাত দিনৰ মূৰত যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল যে, 17“হে মনুষ্য-সন্তান, মই তোমাৰ ইস্ৰায়েল বংশৰ কাৰণে প্ৰহৰী নিযুক্ত কৰিলোঁ; এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁলোকক সেই বিষয়ে সাৱধানে থকিবলৈ দিয়া। 18‘তুমি নিশ্চয়ে মৰিবা’, এইদৰে মই দুষ্ট লোকসকলক কোৱা সময়ত তুমি যদি তাক সতৰ্ক নকৰা বা তেওঁলোকৰ প্ৰাণ নিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকৰ মন্দ পথৰ পৰা তেওঁলোকক সাৱধান হ’বলৈ নোকোৱা, তেতিয়া সেই দু্ষ্ট লোকসকল নিজ অপৰাধত মৰিব - কিন্তু মই তোমাৰ হাতৰ পৰা তেওঁলোকৰ ৰক্তৰ প্ৰতিশোধ ল’ম। 19কিন্তু তুমি যদি তেওঁলোকক সতৰ্ক কৰা কিন্তু তেওঁলোকে নিজ দুষ্টতাৰ পৰা বা নিজ কু পথৰ পৰা নুঘূৰে, তেতিয়া তেওঁলোকে নিজ অপৰাধত মৰিব; কিন্তু তুমি হ’লে, তোমাৰ প্ৰাণ ৰক্ষা কৰিবা। 20যদি এজন ধাৰ্মিক লোকে নিজ ধাৰ্মিকতাৰ পৰা ঘূৰি অপৰাধ কৰে, তেতিয়া মই তেওঁৰ আগত উজুটি খোৱা মূঢ়া ৰাখিম আৰু তেওঁৰ মৃত্যু হ’ব, কিয়নো তুমি তেওঁক সতৰ্ক নকৰিলা। তেওঁ নিজ পাপত মৰিব, কিন্তু তেওঁ কৰা ধৰ্ম-কৰ্মবোৰ মই সোঁৱৰণ নকৰোঁ; কিন্তু তেওঁৰ ৰক্তৰ প্ৰতিশোধ মই তোমাৰ হাতৰ পৰা ল’ম। 21আৰু ধাৰ্মিক লোক এজনক পাপ নকৰিবৰ কাৰণে তুমি যদি তেওঁক সতৰ্ক কৰা আৰু তেওঁ যদি পুনৰ পাপ নকৰে, তেন্তে তেওঁ সতৰ্ক হোৱাৰ কাৰণে অৱশ্যে জীয়াই থাকিব; আৰু তুমিও নিজ প্ৰাণ ৰক্ষা কৰিবা।”
ভাববাদীৰ মুখ বন্ধ হোৱা।
22সেই ঠাইতে যিহোৱাৰ হাত মোৰ ওপৰত অৰ্পিত হ’ল আৰু তেওঁ মোক কলে, “উঠা! উপত্যকালৈ ওলাই যোৱা, মই সেই ঠাইত তোমাৰ লগত কথা পাতিম।” 23তেতিয়া মই উঠি উপত্যকালৈ ওলাই গ’লো আৰু দেখিলোঁ যে, কবাৰ নদীৰ ওচৰত মই দেখা গৌৰৱৰ নিচিনাকৈ যিহোৱাৰ গৌৰৱ সেই ঠাইত ৰৈ আছিল; তেতিয়া মই উবুৰি হৈ পৰিলোঁ।
24তাৰ পাছত মোলৈ সেই আত্মা#3:24 ঈশ্বৰৰ আত্মা আহিল আৰু মোক থিয় কৰোৱালে; আৰু তেওঁ মোৰ লগত কথা হৈ মোক ক’লে, “তুমি নিজ ঘৰলৈ গৈ নিজকে বন্ধ কৰি ভিতৰত ৰাখা, 25কিয়নো এতিয়াৰ কাৰণে হে মনুষ্য-সন্তান, লোক সকলে তোমাক লেজু লগাই তাৰে তোমাক বান্ধিব, যাতে তুমি তেওঁলোকৰ মাজলৈ যাব নোৱাৰিবা; 26মই তোমাৰ জিবা তালুত লগাম, যাতে তুমি বোবা হ’বা আৰু তেওঁলোকৰ আগত অনুযোগ কৰোঁতা নহ’বা; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ। 27কিন্তু মই তোমাৰ লগত কথা হোৱা সময়ত যেতিয়া তোমাৰ মুখ মেলিম, তেতিয়া তুমি তেওঁলোকক ক’বা ‘প্ৰভু যিহোৱাই এই কথা কৈছে’; যি জনে শুনে, তেওঁ শুনক আৰু যি জনে নুশুনে, তেওঁ নুশুনক; কিয়নো তেওঁলোক বিদ্ৰোহী বংশ!”
Currently Selected:
যিহি 3: IRVAsm
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.