YouVersion Logo
Search Icon

যাত্ৰা 10:21-23

যাত্ৰা 10:21-23 IRVASM

তাৰ পাছত যিহোৱাই মোচিক ক’লে, “সমগ্র মিচৰ দেশ অন্ধকাৰময় হ’বলৈ, তুমি আকাশৰ ফাললৈ হাত মেলা; তাতে সেই আন্ধাৰে সমগ্র দেশ গ্রাস কৰিব।” তেতিয়া মোচিয়ে আকাশৰ ফাললৈ হাত মেলিলে, আৰু সমগ্র মিচৰ দেশ তিনি দিনলৈকে ঘোৰ অন্ধকাৰময় হ’ল। কোনেও ইজনে সিজনক দেখা নাপালে, আৰু তিনি দিনলৈকে কোনেও নিজৰ ঘৰৰ পৰা নোলাল। অৱশ্যে ইস্ৰায়েলী লোকসকল বাস কৰা ঠাইত পোহৰ হৈ আছিল।