YouVersion Logo
Search Icon

ইষ্ট 9:20-22

ইষ্ট 9:20-22 IRVASM

মৰ্দখয়ে এই সকলো বৃত্তান্ত লিখিলে আৰু ৰজা অহচবেৰোচৰ সকলো প্ৰদেশত থকা ওচৰৰ হওক বা দূৰৰ আটাই যিহুদী লোকলৈ পত্ৰ পঠালে। প্রতি বছৰে অদৰ মাহৰ চতুৰ্দশ দিন আৰু পঞ্চদশ দিন দুটা বাধ্যতামূলক ভাৱে ইহুদী লোকসকলে পালন কৰে। এই দিনতে যিহুদী লোকসকলে তেওঁলোকৰ শত্ৰুৰ পৰা সকাহ পাইছিল। তেওঁলোকৰ শোক আৰু বিলাপ, সেই সময়ত আনন্দ আৰু উৎসৱলৈ পৰিণত হৈছিল। সেয়ে তেওঁলোকে এই দুটা দিন ভোজ খোৱা, আনন্দ কৰা, আৰু ইজনে আন জনক খাদ্যৰ উপহাৰ পঠোৱা, আৰু দুখীয়াক দান দিয়াৰ দিন হিচাপে পালন কৰিছিল।

Free Reading Plans and Devotionals related to ইষ্ট 9:20-22