YouVersion Logo
Search Icon

দ্বি.বি. 19

19
19 অধ্যায়
আশ্ৰয় নগৰ
1আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক আধিপত্যৰ বাবে দিব, সেই ঠাইৰ জাতিবোৰক যেতিয়া উচ্ছন্ন কৰিব, আৰু আপোনালোকে তেওঁলোকৰ নগৰ আৰু ঘৰবোৰত বাস কৰিবলৈ ধৰিব, 2তেতিয়া যি দেশ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে আপোনালোকক দিব, আপোনালোকে সেই দেশৰ মধ্য ভাগত তিনিখন নগৰ নিজৰ কাৰণে মনোনীত কৰি ল’ব লাগিব। 3সেই ঠাইলৈ যাবলৈ এটা পথও আপোনালোকে নির্মাণ কৰি ল’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশত প্রৱেশ কৰাবলৈ আপোনালোকক নিছে, সেই দেশৰ সীমা আপোনালোকে তিনি ভাগত ভাগ কৰিব যাতে কোনো ব্যক্তিক হত্যা কৰা প্ৰতিজন হত্যাকাৰী তালৈ পলাই যাব পাৰে।
4সেই ঠাইলৈ পলাই গৈ বাস কৰাই হৈছে কোনো হত্যাকৰীৰ বাবে এই নিয়ম। পূর্বে মনত কোনো ঘৃণা নাৰাখি কোনোৱে যদি অজ্ঞাতে কাৰোবাক হত্যা কৰে, 5যেনেকৈ এজন লোক নিজৰ চুবুৰীয়াৰ সৈতে কাঠ কাটিবলৈ হাবিলৈ গ’ল আৰু গছ কাটিবলৈ কুঠাৰখন দাঙিলত, সেই কুঠাৰ নালৰ পৰা সুলকি পৰি চুবুৰীয়াক আঘাত কৰিলে, তাতে তেওঁৰ মৃত্যু হ’ল; তেতিয়া সেই ব্যক্তিজনে সেই তিনিখনৰ মাজৰ কোনো এখন নগৰলৈ পলাই গৈ তাতে বাস কৰি থাকিব পাৰিব; 6তেওঁ এইদৰে কৰা উচিত, কিয়নো ৰক্তপাতৰ প্রতিশোধ লবলৈ নিহত ব্যক্তিৰ কোনো নিকট আত্মীয়ই খঙতে তেওঁক পাছে পাছে খেদি যাব পাৰে; আশ্রয় নগৰখনৰ বাট বহু দূৰ হ’লে, নগৰত সোমোৱাৰ আগেয়ে আত্মীয়ই ক্রুদ্ধ হৈ তেওঁক ধৰি বধ কৰিব পাৰে; যদিও সেই ব্যক্তি মৃত্যুদণ্ডৰ যোগ্য নাছিল; কিয়নো তেওঁ মনত কোনো ঘৃণা লৈ সেই ব্যক্তিজনক হত্যা কৰা নাছিল। 7এই কাৰণতে মই আপোনালোকৰ নিজৰ বাবে তিনিখন নগৰ নির্বাচন কৰিবলৈ আজ্ঞা দিছো। 8যদি আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পূর্বপুৰুষসকলৰ ওচৰত প্রতিজ্ঞা কৰাৰ দৰে গোটেই দেশ দিয়ে আৰু আপোনালোকৰ সীমাবোৰ বৃদ্ধি কৰে, 9মই আজি আপোনালোকক দিয়া সকলো আজ্ঞা যদি আপোনালোকে মানি চলে - যদি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰে আৰু তেওঁৰ পথত চলে, তেতিয়া আপোনালোকে সেই তিনিখন নগৰৰ উপৰিও পুনৰ তিনিখন নগৰ নিজৰ বাবে যোগ দিব। 10আপোনালোকে এইদৰে কার্য কৰিব, যাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আধিপত্যৰ অৰ্থে আপোনালোকক যি দেশ দিব সেই দেশৰ মাজত নিৰ্দ্দোষীলোকৰ ৰক্তপাত নহ’ব আৰু নির্দোষী লোকৰ ৰক্তপাতৰ দোষত আপোনালোকো দোষী নহ’ব।
11কিন্তু কোনোৱে যদি আন ব্যক্তিক ঘৃণা কৰি হত্যা কৰাৰ কাৰণে অপেক্ষা কৰি থাকে আৰু তেওঁৰ বিৰুদ্ধে উঠি আঘাত কৰি বধ কৰে, তাৰ পাছত সেই তিনিখন নগৰৰ কোনো এখনলৈ যদি তেওঁ পলাই যায়, 12তেন্তে তেওঁৰ নগৰৰ বৃদ্ধলোকে মানুহ পঠাই সেই আশ্রয় নগৰৰ পৰা হত্যাকাৰীজনক ধৰি আনিব আৰু তেওঁক বধ কৰি ৰক্তপাতৰ প্ৰতিশোধ লবলৈ নিহতৰ আত্মীয়ৰ হাতত শোধাই দিব। 13আপোনালোকে তেওঁলৈ কোনো দয়া নেদেখুৱাব। কিন্তু, তাৰ পৰিবর্তে আপোনালোকে ইস্ৰায়েলৰ মাজৰ পৰা নিৰ্দ্দোষী লোকৰ ৰক্তপাতৰ দোষ মছি পেলাব। তাতে আপোনালোকৰ মঙ্গল হ’ব।
14আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আধিপত্যৰ অৰ্থে আপোনালোকক প্রৱেশ কৰিবলৈ দিব, প্রতিবেশীৰ ভূমিৰ সীমাৰ চিহ্ন কেতিয়াও নলৰাব। বহুদিনৰ আগেয়ে সেই চিহ্নবোৰ তাত ৰখা হৈছিল।
সাক্ষী সম্পর্কে নিয়ম
15কোনো ব্যক্তিয়ে কৰা অপৰাধৰ বাবে বা পাপ কার্যৰ বাবে, তেওঁৰ বিৰুদ্ধে যদি গোচৰ অনা হয়, তেন্তে কেৱল এজন সাক্ষী থিয় হ’লে নহ’ব; দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে কোনো বিষয় সত্য ৰূপে প্রমাণিত হ’ব। 16যদি কোনো অধার্মিক সাক্ষীয়ে কোনো লোকৰ ভুল কার্যৰ হৈ সাক্ষ্য দিবলৈ উঠে, 17তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰকসকলৰ আগত যিহোৱাৰ সাক্ষাতে থিয় হ’ব লাগিব; 18বিচাৰকসকলে বিষয়টো ভালদৰে তদন্ত কৰিব; যদি তেওঁ নিজৰ ইস্রায়েলীয়া ভাইৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াৰ দ্বাৰা মিথ্যাবাদী বুলি ধৰা পৰে, 19তেন্তে, তেওঁ নিজ ভাইলৈ যিহকে কৰিব বিচাৰিব, তাকে তেওঁলৈ কৰিব; এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতা দূৰ কৰিব লাগিব। 20তাতে এই কথা শুনি বাকী সকলো ইস্রায়েলীয়া লোকে ভয় খাব আৰু এই ধৰণৰ অন্যায় কার্য তেওঁলোকে তেতিয়াৰে পৰা আপোনালোকৰ মাজত পুনৰ কেতিয়াও নকৰিব। 21আপোনালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’ব।

Highlight

Copy

Compare

Share

None

Want to have your highlights saved across all your devices? Sign up or sign in