দ্বি.বি. 13
13
13 অধ্যায়
মূর্তিপূজাৰ বিৰুদ্ধে সতর্কবাণী
1যদি আপোনালোকৰ মাজত কোনো ভাববাদী বা সপোন দেখি ভৱিষ্যতৰ কথা কব পৰা এনে কোনোবাই চিন বা অদ্ভুত লক্ষণ দেখুৱায়, 2আৰু সেই লোকজনেও যদি চিন বা অদ্ভুত লক্ষণৰ প্রমাণ দেখুৱাই আপোনালোকক কয় আহাঁ “আমি আন দেৱতাবোৰৰ পাছত চলি যি বোৰৰ বিষয়ে আপোনালোকে নাজানে সেইবোৰৰ সেৱা-পূজা কৰোঁগৈ,” 3তেন্তে আপোনালোকে সেই ভাববাদী বা সপোন দেখা লোকৰ কথা নুশুনিব। কিয়নো আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সকলো মনেৰে আৰু সকলো প্ৰাণেৰে প্ৰেম কৰে নে নকৰে, তাক জানিবৰ কাৰণেহে আপোনালোকৰ যিহোৱাই আপোনালোকক পৰীক্ষা কৰে।
4আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰেই পাছত চলিব, তেওঁকেই ভয় কৰিব, তেওঁৰেই আজ্ঞাবোৰ পালন কৰিব, তেওঁকেই অনুসৰণ কৰিব, তেওঁৰেই আৰাধনা কৰিব আৰু তেওঁক কেতিয়াও পৰিত্যাগ নকৰিব। 5তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।
6যদি আপোনাৰ নিজৰ ভাই বা আপোনাৰ ল’ৰা কি ছোৱালী নাইবা প্রিয় ভার্যা কি আপোনাৰ প্রাণৰ বন্ধুৱে আপোনাক বিপথে নিবৰ কাৰণে যিসকল দেৱতাক আপোনালোকে আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলে নাজানে, সেইসকলৰ বাবে গোপনে প্রবৃত্তি দি কয় যে, ব’লা, আমি গৈ আন দেৱতাৰ পূজা কৰোঁ; 7পৃথিৱীৰ এক সীমাৰ পৰা অন্য সীমা পর্যন্ত আপোনাৰ চাৰিওফালৰ ওচৰৰ বা দূৰৈৰ লোকসকলে যাক সেৱা কৰে, তেনে যি কোনো দেৱতাৰ পূজা কৰে, 8তেন্তে আপোনালোকে সেই মানুহৰ কথাত সন্মত নহ’ব আৰু তেওঁৰ কথালৈ কাণ নিদিব; তেওঁলৈ দয়া নেদেখুৱাব; কৃপাও নকৰিব আৰু তেওঁক লুকুৱাই নাৰাখিব। 9কিন্তু অৱশ্যেই সেই জনক বধ কৰিব। তেওঁক বধ কৰিবলৈ আপুনি নিজৰ হাতেৰেই আৰম্ভ কৰিব; তাৰ পাছত সকলোৱে যোগ দিব।
10যিজনে আপোনালোকক মিচৰ দেশৰ বন্দীত্বৰ গৃহৰ পৰা উলিয়াই আনিলে; আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ পাছত চলাৰ পৰা আপোনালোককএফলীয়া কৰিবলৈ চেষ্টা কৰাৰ কাৰণে তেওঁক আপোনালোকে শিল দলিয়াই হত্যা কৰিব। 11তাতে ইস্ৰায়েলীয়া সকলে সেই কথা শুনি ভয় খাব আৰু আপোনালোকৰ মাজত কোনেও তেনে কুকৰ্ম পুনৰ নকৰিব।
12আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি নগৰবোৰ আপোনালোকক বাস কৰিবৰ অৰ্থে দিছে, তাৰ কোনো এখনৰ বিষয়ে যদি শুনিবলৈ পায় যে: 13সেই ঠাইৰ ইস্রায়েলবাসীৰ মাজত কেইজনমান দুষ্টলোক ওলাই সেই ঠাইৰ নিবাসীসকলক এই বুলি কৈ বিপথে নিছে, “আহঁক, আমি গৈ ইতৰ দেৱতাক পূজা কৰোঁ যাৰ বিষয়ে আপোনালোকে নাজানে।”
14তেনেকুৱাই যদি হয়, তেন্তে বিষয়টো ভালদৰে বিচাৰ কৰি আপোনালোকে পৰীক্ষা আৰু তদন্ত কৰিব। সেয়ে যদি সঁচা বুলি প্রমাণিত হয় যে এই ঘৃণনীয় কাম আপোনালোকৰ মাজত হৈছে, 15তেন্তে আপোনালোকে তৰোৱালৰ ধাৰেৰে সেই নগৰ-নিবাসীসকলক প্ৰহাৰ কৰি, পশু আদি তাৰ মাজত থকা সকলোকে তৰোৱালেৰে নিঃশেষে বিনষ্ট কৰিব। 16সেই ঠাইৰ সকলো লুটদ্ৰব্য আপোনালোকে নগৰৰ চকৰ মাজত গোটাই সেই নগৰ আৰু তাৰ লুটদ্ৰব্যৰ সকলোবোৰ নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে জুইত পুৰিব; সেই নগৰ চিৰকালৰ কাৰণে যেন ভগ্নাৱশেষ হৈ থাকিব; তাক পুনৰায় কেতিয়াও সজা নহ’ব।
17যিহোৱাই যেন তেওঁৰ প্রচণ্ড ক্রোধৰ পৰা ক্ষান্ত হয়, সেইবাবে আপোনালোকৰ হাতত যেন এই লুটদ্রব্যবোৰৰ এটাও দেখা নাযায়; তেতিয়া তেওঁ আপোনালোকক কৃপা আৰু দয়া কৰিব লগতে আপোনালোকৰ পূর্ব-পুৰুষসকলৰ আগত কৰা শপতৰ দৰে আপোনালোকৰ বংশ বৃদ্ধি কৰিব। 18তেওঁ এইদৰে কৰিব, যেতিয়া আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মাত শুনি মই আজি আপোনালোকক যি সকলো আজ্ঞা দিছো, তাক পালন কৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত যি ভাল, তাক কৰি বাধ্য হ’ব।
Currently Selected:
দ্বি.বি. 13: IRVAsm
Highlight
Copy
Compare
Share
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.