YouVersion Logo
Search Icon

2 বংশা 8

8
8 অধ্যায়
1চলোমনে যিহোৱাৰ গৃহ আৰু নিজৰ গৃহ সাঁজোতে বিশ বছৰ লাগিল, 2যেতিয়া হীৰমে চলোমনক যি যি নগৰ ওভটাই দিছিল, সেই বিশ বছৰৰ মুৰত সেইবোৰ চলোমনে পুনৰায় সাজিলে আৰু সেইবোৰত ইস্ৰায়েলৰ সন্তান সকলক বাস কৰিবলৈ দিলে।
3চলোমনে হমাৎ-চোবালৈ গৈ তাক আক্ৰমণ কৰি পৰাজয় কৰিলে। 4আৰু মৰুপ্ৰান্তত থকা তদ্মোৰ নগৰ আৰু হমাতত যি যি ভঁৰাল থকা নগৰ আছিল, সেইবোৰ তেওঁ নিৰ্মাণ কৰিলে৷
5ইয়াৰ ওপৰিও তেওঁ উজনি বৈৎহোৰোণ আৰু নামনি বৈৎ-হোৰোণ পুনৰায় নিৰ্ম্মাণ কৰিলে; এই দুখন নগৰ গড়, দুৱাৰ আৰু ডাং থকা সুসজ্জিত নগৰ। 6বালৎ আৰু সামগ্ৰী সমূহ মজুত ৰাখিবৰ বাবে তেওঁ অধিকাৰত থকা নগৰবোৰ নিৰ্মান কৰিলে। তেওঁৰ ৰথ ৰাখিবৰ বাবে আৰু অশ্বাৰোহীসকল থাকিবৰ বাবে নগৰ সাজিলে; তেওঁৰ সন্তুষ্টিৰ বাবে যিৰূচালেমত, লিবানোনত, তেওঁ যি যি নিৰ্মান কৰিব বিচাৰিছিল, সেই সকলোকে কৰিলে আৰু এইদৰে তেওঁৰ শাসনাধীন সকলো দেশতে কৰিলে।
7ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ নোহোৱা অৱশিষ্ট থকা হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ, 8যি বংশধৰৰ সন্তান সকল দেশত অৱশিষ্ট থাকিল, যিসকলক ইস্ৰায়েলৰ সন্তান সকলে উচ্ছন্ন নকৰিলে, তেওঁলোকৰ মাজৰ পৰাই বন্দী কামৰ বাবে চলোমনে মানুহ গোটালে; আৰু তেওঁলোকে আজিলৈকে তাকেই কৰি আছে।
9কিন্তু চলোমনে তেওঁৰ কাৰ্যৰ বাবে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনো এজনকো বন্দী-কামত নলগালে৷ বৰং তেওঁলোক তেওঁৰ ৰণুৱা, সেনাপতি আৰু সাৰথি ও অশ্বাৰোহীৰ অধ্যক্ষ হ’ল। 10তেওঁলোকৰ মাজৰ দুশ পঞ্চাশজন লোক চলোমন ৰজাৰ কাৰ্যত নিযুক্ত কৰা প্ৰধান বিষয়া আছিল; তেওঁলোকে লোকসকলৰ কাম তদাৰক কৰিছিল৷
11পাছত চলোমনে ফৰৌণৰ জীয়েকৰ বাবে সজা গৃহলৈ, দায়ূদৰ নগৰৰ পৰা তেওঁক অনালে; কিয়নো তেওঁ কৈছিল, “মোৰ ভাৰ্য্যা ইস্ৰায়েলৰ দায়ুদ ৰজাৰ গৃহত বাস নকৰিব; কাৰণ যি যি ঠাইলৈ যিহোৱাৰ নিয়ম-চন্দুক আহে, সেই ঠাইবোৰ পবিত্ৰ।”
12তাৰ পাছত চলোমনে বাৰাণ্ডাৰ আগত নিজে নিৰ্ম্মাণ কৰা যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিবলৈ ধৰিলে৷ 13প্ৰতিদিনৰ বিধি অনুসাৰে, তেওঁ মোচিৰ আজ্ঞামতে বিশ্ৰামবাৰত, ন-জোনত, আৰু নিৰূপিত পৰ্বৰ দিনত, যেনে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব, সাত সপ্তাহৰ পৰ্ব আৰু পঁজা-পৰ্ব্বৰ দিনবোৰত এই বলি তিনিবাৰকৈ বছৰৰ ভিতৰত উৎসৰ্গ কৰিলে।
14তেওঁ পিতৃ ৰজা দায়ূদৰ নিৰ্দেশ অনুসৰণ কৰিলে, চলোমনে মন্দিৰৰ সেৱা কাৰ্য আৰু প্ৰতিদিনৰ বিধি অনুসাৰে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ পুৰোহিত আৰু লেবীয়াসকল তেওঁলোকৰ নিজ নিজ পদত নিযুক্ত কৰিলে। ইয়াৰ উপৰিও তেওঁ দুৱাৰবোৰত বিভাগ অনুসৰি দুৱৰীবোৰ নিযুক্ত কৰিলে আৰু তেওঁলোকক নিৰ্দেশবোৰো দিলে। 15এই লোকসকলে পুৰোহিত আৰু লেবীয়াসকলক বা ভঁড়াল ঘৰৰ বিষয়ত ৰজাই দিয়া আজ্ঞাৰ পৰা কেতিয়াও বিপথে যোৱা নাছিল।
16এই দৰে যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা দিনৰ পৰা তাক নিৰ্ম্মাণ কৰি শেষ কৰালৈকে চলোমনৰ সকলো কাৰ্য নিয়মিতৰূপে চলিল। এইদৰে যিহোৱাৰ গৃহ সম্পূৰ্ণকৈ সমাপ্ত কৰা হ’ল আৰু কার্যত লগোৱা হ’ল।
17সেই কালত চলোমন ইদোম দেশৰ সাগৰৰ তীৰত থকা ইচিয়োন-গেবৰলৈ আৰু এলতলৈ গ’ল। 18আৰু হীৰমে নিজৰ দাসবোৰৰ দ্বাৰাই তেওঁৰ গুৰিলৈ জাহাজ আৰু সামুদ্ৰিক কাৰ্যত নিপুণ দাসবোৰক পঠিয়ালে; আৰু তেওঁলোকে চলোমনৰ দাসবোৰৰ লগত ওফীৰলৈ গ’ল। তাৰ পৰা তেওঁলোকে চাৰিশ পঞ্চাশ কিক্কৰ সোণ লৈ চলোমন ৰজাৰ ওচৰলৈ আহিল।

Currently Selected:

2 বংশা 8: IRVAsm

Highlight

Share

Compare

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for 2 বংশা 8