YouVersion Logo
Search Icon

2 বংশা 12

12
12 অধ্যায়
চীচকে দেশ আক্ৰমণ কৰা। ৰহবিয়ামৰ মৃত্যু।
1যেতিয়া ৰহবিয়ামৰ ৰাজ্য প্ৰতিস্থিত আৰু তেওঁ শক্তিশালী হ’ল, তেতিয়া তেওঁ আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ বিধি ত্যাগ কৰিলে। 2তেতিয়া এই ঘটনা ঘটিছিল, সেয়া আছিল ৰজা ৰহবিয়ামৰ ৰাজত্ৱৰ পঞ্চম বছৰ; মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰোদ্ধ কৰিলে৷ কাৰণ তেওঁলোকে যিহোৱাৰ প্ৰতি অবিশ্ৱাসী আছিল৷ 3তেওঁ বাৰশ ৰথ আৰু ষাঠী হাজাৰ অশ্বাৰোহী লগত লৈ আহিছিল৷ তেওঁৰ লগত মিচৰৰ পৰা লুবীয়া, চুক্কীয়া আৰু কুচীয়া লোকসকল অসংখ্যৰূপে আহিছিল। 4তেওঁ গড়েৰে আবৃত থকা যিহূদাৰ নগৰবোৰ আটক কৰি যিৰূচালেমলৈ আহিছিল।
5সেই সময়ত চময়িয়া ভাববাদীয়ে ৰহবিয়ামৰ ওচৰলৈ আৰু চীচকৰ ভয়ত যিৰূচালেমত গোট খোৱা যিহূদাৰ অধ্যক্ষসকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘তোমালোকে মোক ত্যাগ কৰিলা, এই কাৰণে ময়ো তোমালোকক ত্যাগ কৰি চীচকৰ হাতত দিলোঁ’৷” 6তেতিয়া ইস্ৰায়েলৰ ৰাজকুমাৰ আৰু ৰজাই নিজকে নম্ৰ কৰি ক’লে, “যিহোৱা ন্যায়বান।”
7তেতিয়া যিহোৱাই তেওঁলোকক নম্ৰ হোৱা দেখি চময়িয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে, “তেওঁলোক নম্ৰ হ’ল৷ মই তেওঁলোকক বিনষ্ট নকৰোঁ; কিন্তু অলপ সময়ৰ কাৰণেহে তেওঁলোকক উদ্ধাৰ কৰিম আৰু চীচকৰ হাতৰ দ্বাৰাই যিৰূচালেমৰ ওপৰত মোৰ ক্ৰোধ ঢলা নাযাব। 8তথাপি তেওঁলোকে তেওঁৰ দাস হ’ব, যাতে তেওঁলোকে বুজি পায় মোক সেৱা কৰিলে কি হয় আৰু অন্য দেশীয় শাসনকর্তাক সেৱা কৰিলে কি হয়৷”
9পাছত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে আহিল আৰু যিহোৱাৰ গৃহৰ লগতে ৰাজ গৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল৷ তেওঁ সকলোকে নিলে আৰু চলোমনে সজোৱা সোণৰ ঢালবোৰো লৈ গ’ল। 10তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল সাজিলে আৰু ৰাজ গৃহৰ দুৱাৰ ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
11এইদৰে ৰজা যেতিয়া যিহোৱাৰ গৃহলৈ আহে, তেতিয়া প্ৰহৰীবোৰে সেই ঢালবোৰ উলিয়াই আনে; পাছত পুনৰ প্ৰহৰীৰ কোঁঠাত সেইবোৰ থৈ দিয়ে৷ 12ৰহবিয়াম নম্ৰ হোৱাৰ পাছত যিহোৱাৰ ক্ৰোধ ক্ষান্ত হ’ল৷ তেওঁ ৰহবিয়ামক সম্পূৰ্ণৰূপে বিনষ্ট নকৰিলে; আনহাতে যিহূদাৰ মাজতো লোকৰ সদ্ভাৱ আছিল।
13ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল। 14কিন্তু তেওঁ কু-আচৰণ কৰিছিল, কিয়নো তেওঁ যিহোৱাক বিচাৰ কৰিবলৈ নিজৰ মন স্থিৰ কৰা নাছিল।
15ৰহবিয়ামে যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে চময়িয়া ভাববাদী আৰু ইদ্দো দৰ্শকৰ ইতিহাস পুস্তক দুখনত বংশাৱলীসহ সবিশেষ লিখা আছে। ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত সদায় যুদ্ধ লাগি আছিল। 16পাছত ৰহবিয়ামে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ অবিয়া তেওঁৰ পদত ৰজা হ’ল।

Currently Selected:

2 বংশা 12: IRVAsm

Highlight

Share

Compare

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for 2 বংশা 12