1 বংশা 8
8
8 অধ্যায়
1বিন্যামীনৰ পাঁচ জন পুত্র, তেওঁৰ প্ৰথম পুত্র বেলা, তাৰ পাছত অচবেল, অহৰহ, 2নোহা, আৰু ৰাফা। 3বেলাৰ পুত্র অদ্দৰ, গেৰা, অবীহূদ, 4অবীচূৱা, নামন, অহোহ, 5গেৰা, চফুফন, আৰু হূৰম।
6এওঁলোক এহূদৰ বংশৰ লোক, এওঁলোক গেবাৰ গোষ্ঠীৰ মূৰব্বী আছিল, মানহতলৈ যাবলৈ বাধ্য কৰা লোক এওঁলোক: 7নামন, অহিয়া, আৰু গেৰা। তেওঁলোকৰ যাত্ৰাত গেৰাই নেতৃত্ব দিছিল। গেৰাৰ পুত্র উজ্জা আৰু অহীহূদ।
8চহৰয়িমে তেওঁৰ ভাৰ্যা হূচীম আৰু বাৰাক ত্যাগ কৰাৰ পাছত, চহৰয়িম মোৱাব দেশত তেওঁৰ সন্তান সকলৰ পিতৃ হ’ল। 9তেওঁৰ ভাৰ্যা হোদচৰ পৰা জন্ম হোৱা পুত্র যোবব, চিবিয়া মেচা, আৰু মল্কমৰ তেওঁ পিতৃ হ’ল। 10যিয়ূচ, চবিয়া, আৰু মিৰ্মা। এওঁলোক তেওঁৰ পুত্র আছিল আৰু তেওঁলোকৰ গোষ্ঠীৰ নেতা আছিল। 11ইতিমধ্যে তেওঁ হূচীমে জন্ম দিয়া পুত্র অবীটুব আৰু ইল্পালৰ পিতৃ হ’ল।
12ইল্পালৰ পুত্র এৰব, মিচয়ম, আৰু চেমদ, তেৱেঁই ওনো আৰু চাৰিওফালৰ গাৱেঁ সৈতে লোদৰ নিৰ্ম্মাণ কৰিছিল, 13তাত বৰীয়া আৰু চেমাও আছিল। তেওঁলোক অয়ালোন নিবাসী গোষ্ঠীৰ প্রধান লোক, যি জনে গাত নিবাসীসকলক বাহিৰ কৰি দিছিল।
14এওঁলোক বৰীয়াৰ পুত্র:
অহিয়ো, চাচক, যিৰেমোৎ,
15জবদিয়া অৰদ, এদৰ,
16মীখায়েল, যিস্পা, আৰু যোহা,
17-18এওঁলোক ইল্পালৰ পুত্র:
জবদিয়া, মচুল্লম, হিস্কী, হেবৰ,
যিচমৰয়, যিজলিয়া, আৰু যোবব,
19-21এওঁলোক চিমিয়ীৰ পুত্র:
যাকীম, জিখ্ৰী, জব্দী,
ইলীঐনয়, চিল্লথয়, ইলীয়েল,
অদায়া, বৰায়া, আৰু চিম্ৰৎ।
22-25এওঁলোক চাচকৰ পুত্র:
যিস্পন, এৰব, ইলীয়েল,
অব্দোল, জিখ্ৰী, হানন,
হননিয়া, এলম, অন্তোথিয়া,
যিফদিয়া আৰু পনূৱেল,
26-27এওঁলোক যিৰোহমৰ পুত্র:
চমচৰয়, চহৰিয়া, অথলিয়া,
যৰেচিয়া, এলিয়া, আৰু জিখ্ৰী,
28এওঁলোক যিৰূচালেমত বাস কৰা লোকসকলৰ বংশৰ প্রধান লোক আৰু নেতা আছিল।
29গিবিয়োনৰ পিতৃ যিয়ীয়েল গিবিয়োনত বাস কৰিছিল; তেওঁৰ ভাৰ্য্যাৰ নাম মাখা আছিল। 30তেওঁৰ প্ৰথমে জন্মা পুত্র আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নাদব, 31গদোৰ, অহিয়ো, আৰু জেখৰ।
32আন এজন যিজীয়েলৰ পুত্র মিক্লোত, মিক্লোতৰ পুত্র চিমিয়া। তেওঁলোকে নিজৰ সম্বন্ধীয় সকলৰ ওচৰতে যিৰূচালেমত বাস কৰিছিল। 33নেৰৰ পুত্র কীচ আছিল।
কিচৰ পুত্র চৌল আছিল।
চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব, আৰু ইচবাল। 34যোনাথনৰ পুত্র মৰীব-বাল।
মৰীব-বালৰ পুত্র মীখা আছিল।
35মীখাৰ পুত্র পীথোন, মেলক, তৰেয়া, আৰু আহজ। 36আহজৰ পুত্র যিহোৱদ্দা।
যিহোৱদ্দাৰ পুত্র আলোমোৎ, অজমাবৎ, আৰু যিম্ৰী।
যিম্ৰীৰ পুত্র মোচা।
37মোচাৰ পুত্র বিনিয়া। বিনিয়াৰ পুত্র ৰাফা। ৰাফাৰ পুত্র ইলিয়াচা। ইলিয়াচাৰ পুত্র আচেল।
38আচেলৰ ছয় জন পুত্র আছিল: অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন। এওঁলোক সকলো আচেলৰ সন্তান। 39আচেলৰ ভায়েক এচেকৰ প্রথম পুত্র উলম, দ্বিতীয় যিয়ুচ, আৰু তৃতীয় ইলীফেলট। 40উলমৰ পুত্রসকল যুদ্ধাৰু আৰু ধনুৰ্দ্ধৰ আছিল। তেওঁলোকৰ বহুতো পুত্র আৰু নাতি ল’ৰা আছিল, সৰ্বমুঠ এশ পঞ্চাশ জন। এই সকলো লোকেই বিন্যামীনৰ বংশৰ আছিল।
Currently Selected:
1 বংশা 8: IRVAsm
Highlight
Share
Compare
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.