YouVersion Logo
Search Icon

1 বংশা 14

14
14 অধ্যায়
1তাৰ পাছত তূৰৰ ৰজা হীৰমে দায়ুদৰ ওচৰলৈ বাৰ্তাবহক পঠালে, আৰু তেওঁৰ বাবে এটা গৃহ নিৰ্ম্মাণ কৰিবলৈ এৰচ কাঠ, কাঠমিস্ত্রী, আৰু ৰাজমিস্ত্ৰীসকলক পঠালে। 2দায়ূদে বুজিলে যে, যিহোৱাই ইস্ৰায়েলৰ ওপৰত তেওঁক ৰজা অভিষিক্ত কৰিলে, আৰু তেওঁৰ ৰাজ্য ইস্ৰায়েলৰ লোকসকলৰ বাবে উন্নতিৰ শিখৰলৈ গ’ল।
3দায়ূদে যিৰূচালেমত বহুতো ভাৰ্যা গ্ৰহণ কৰিলে, তেওঁলোকৰ পৰা তেওঁ অনেক পুত্র ও কণ্যাৰ পিতৃ হ’ল। 4যিৰূচালেমত তেওঁৰ জন্ম হোৱা পুত্ৰসকলৰ নামবোৰ হ’ল: চম্মুৱা, চোবব, নাথন, চলোমন, 5যিভৰ, ইলীচূৱা ইল্পেলট, 6নোগহ, নেফগ, যাফীয়া, 7ইলীচামা, বিলিয়াদা, আৰু ইলীফেলট।
8দায়ূদক সমস্ত ইস্ৰায়েলৰ ওপৰত ৰজা স্ৱৰূপে অভিষেক কৰাৰ কথা যেতিয়া পলেষ্টীয়াসকলে শুনিলে, তেতিয়া তেওঁলোক সকলোৱে দায়ূদক চাবলৈ ওলাই গ’ল। কিন্তু দায়ূদে এইকথা শুনি তেওঁলোকৰ বিৰুদ্ধে ওলাই গ’ল। 9সেই সময়ত পলেষ্টীয়াসকলে আহি, ৰফায়ীম সমথলত লুট কৰিছিল।
10তেতিয়া দায়ূদে সহায়ৰ বাবে যিহোৱাক সুধিলে। তেওঁ ক’লে, “মই পলেষ্টীয়াসকলক আক্রমণ কৰিব লাগে নে? আপুনি মোক তেওঁলোকৰ ওপৰত জয়ী হব দিব নে?” যিহোৱাই তেওঁক ক’লে, “আক্রমণ কৰা, কাৰণ মই নিশ্চয়ে তোমাক তেওঁলোকক দিম।” 11সেয়ে তেওঁলোক বালপৰাচীমলৈ আহিল, আৰু দায়ূদে তেওঁলোকক তাত পৰাজয় কৰিলে। তেওঁ মন্তব্য কৰিছিল, “ঈশ্বৰে মোৰ হাতৰ দ্বাৰাই মোৰ শত্রুবোৰক বানপানীয়ে ভেটা ভঙাৰ দৰে ভাঙিলে।” সেয়ে এই ঠাইৰ নাম বাল-পৰাচীম#14:11 বাল-পৰাচীম ভঙা স্থান হ’ল। 12সেই ঠাইতে তেওঁলোকে নিজৰ দেৱ-মুৰ্ত্তিবোৰ এৰি গ’ল, আৰু দায়ূদৰ আজ্ঞাত সেইবোৰ জুইত পোৰা হ’ল।
13তাৰ পাছত পলেষ্টীয়াসকলে পুনৰ সেই সমথলত লুট কৰিলে। 14সেয়ে দায়ূদে পুনৰ সহায়ৰ বাবে ঈশ্ৱৰক সুধিলে, ঈশ্বৰে তেওঁক ক’লে, “তুমি তেওঁলোকক সন্মুখৰ পৰা আক্রমণ নকৰিবা, কিন্তু তাৰ পৰিবৰ্তে তেওঁলোকৰ পাছফালে আগুৰি ধৰিবা আৰু বালছম কাঠনিৰ মাজেদি তেওঁলোকৰ ওচৰলৈ আহিবা।
15যেতিয়া বালছম গছৰ ওপৰেৰে সৈন্য যোৱাৰ নিচিনা বতাহৰ শব্দ শুনিবা, তেতিয়া তুমি সজোৰে আক্রমণ কৰিবা। তুমি এইদৰে কৰিবা, কাৰণ পলেষ্টীয়াসকলৰ সৈন্যসকলক আক্রমণ কৰিবৰ অৰ্থে ঈশ্বৰ তোমাৰ আগত যাওঁতা হ’ব। 16সেয়ে দায়ূদে ঈশ্বৰৰ আজ্ঞাৰ দৰে কাৰ্য কৰিলে। তেওঁ গিবিয়োনৰ পৰা গেজৰলৈকে পলেষ্টীয়াসকলৰ সৈন্যক পৰাজিত কৰিলে। 17এইদৰে দায়ূদৰ সুখ্যাতি দেশৰ সকলো ফালে বিয়পি গ’ল, আৰু যিহোৱাই তেওঁৰ প্রতি সকলো দেশীয় লোকৰ ভয় জন্মালে।

Currently Selected:

1 বংশা 14: IRVAsm

Highlight

Share

Compare

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in