হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা,
আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,
প্রজ্ঞাৰ কথা শুনা,
আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব।
তুমি যদি বুজিবৰ বাবে কান্দা;
আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা,
ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা,
আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা,
আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা।