ভাৱবাদী যিচয়াৰ পুস্তকত যেনেকৈ লিখা আছে:
“মৰুপ্রান্তত এজনৰ কন্ঠস্বৰ শুনা গৈছে,
তোমালোকে প্ৰভুৰ পথ যুগুত কৰা,
তেওঁৰ বাট পোন কৰা।
আটাই উপত্যকা পূৰ কৰা হব,
প্রতিটো পর্বত আৰু পাহাৰ সমান কৰা হব,
একা-বেকা পথবোৰ পোন হব,
খলা-বমা পথবোৰ সমান কৰা হব।
সকলো মর্ত্ত্যই ঈশ্বৰৰ পৰিত্রাণ দেখিব।”