1
যিচ 45:3
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
মই যে তোমাৰ নাম কাঢ়ি মাতোঁতা ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, তুমি তাক জানিবৰ বাবে, মই আন্ধাৰত থকা ধন আৰু গুপুত ঠাইত লুকুৱাই থোৱা বহুমূল্য বস্তু তোমাক দিম।
Compare
Explore যিচ 45:3
2
যিচ 45:2
মই তোমাৰ আগে আগে যাম আৰু পর্ব্বতবোৰ সমান কৰিম, মই পিতলৰ দুৱাৰবোৰ ভাঙি ডোখৰ ডোখৰ কৰিম, আৰু লোহাৰ ডাংবোৰ কাটি টুকুৰা টুকুৰ কৰিম।
Explore যিচ 45:2
3
যিচ 45:5-6
ময়েই যিহোৱা, সেইস্হানত আন কোনো নাই; মোৰ বাহিৰে কোনো ঈশ্বৰ নাই। সূৰ্য উদয় হোৱা ঠাইৰে পৰা পশ্চিম ফাললৈকে সকলো লোকে মোৰ বাহিৰে যে কোনো ঈশ্বৰ নাই তাক যেন জানিব পাৰে: ময়েই যিহোৱা, আন কোনো নাই।
Explore যিচ 45:5-6
4
যিচ 45:7
মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
Explore যিচ 45:7
5
যিচ 45:22
পৃথিবীৰ অন্তলৈকে থকা সকল, মোলৈ ঘুৰি আহা আৰু পৰিত্ৰাণপ্ৰাপ্ত হোৱা; কাৰণ ময়েই ঈশ্বৰ, আৰু ইয়াত আন কোনো দেৱতা নাই।
Explore যিচ 45:22
6
যিচ 45:1
যাৰ সন্মুখত সকলো জাতিবোৰৰ বশীভূত কৰিবলৈ মই তেওঁৰ সোঁ হাত ধৰিছোঁ, দুৱাৰবোৰ পুনৰায় জাপ নোখোৱাকৈ যাৰ আগত সেই দুৱাৰবোৰ মুকলিকৈ ৰাখিবলৈ ৰজাসকলক অস্ত্রহীন কৰিম, যিহোৱাই নিজৰ অভিষিক্ত কোৰচক এই কথা কৈছে
Explore যিচ 45:1
7
যিচ 45:23
মোৰ আগত প্ৰত্যেকে আঁঠু ল’ব, প্রত্যেক জীবাই শপত খাব; মই নিজেই শপত খালোঁ; মোৰ ন্যায়পৰায়ণ বিধানৰ কথা কলোঁ, আৰু সেয়ে পুনৰ ঘুৰি নাহিব।
Explore যিচ 45:23
8
যিচ 45:4
মোৰ দাস যাকোবৰ আৰু মোৰ মনোনীত ইস্ৰায়েলৰ বাবে, যদিও তুমি মোক নাজানা, তথাপিও মই তোমাক নাম ধৰি মাতিলোঁ আৰু সন্মানীয় উপাধি দিলোঁ।
Explore যিচ 45:4
Home
Bible
Plans
Videos