ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান আহাৰ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে। কিয়নো যাৰ ভোজন মাথোন গাখীৰ, তেওঁতো এতিয়াও শিশু। ধাৰ্মিকতা সম্বন্ধীয় শিক্ষাত সেই ব্যক্তিৰ কোনো অভিজ্ঞতা নাই।