ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ অধিকাৰ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল। এইদৰে বিশ্বাসৰ দ্বাৰাই তেওঁ বিদেশীৰ দৰে প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ থাকিল৷ সেই একে প্ৰতিজ্ঞাৰ সহধিকাৰী ইচহাক আৰু যাকোবৰ সহিত তম্বুত বাস কৰিছিল