1
গালাতীয়া 6:9
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
আমি ভাল কৰ্ম কৰি কৰি যেন ক্লান্ত নহওঁ; কিয়নো আমি ক্লান্ত নহ’লে উচিত সময়ত দাবলৈ পাম।
Compare
Explore গালাতীয়া 6:9
2
গালাতীয়া 6:10
এই হেতুকে আহক, সুযোগ পালে সকলোৰে বাবে, বিশেষকৈ পৰিয়াল স্বৰূপ বিশ্বাস কৰা লোক সকলৰ বাবে উত্তম কৰ্ম কৰোঁ আহক।
Explore গালাতীয়া 6:10
3
গালাতীয়া 6:2
আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ বিধান সম্পূৰ্ণকৈ পালন কৰক।
Explore গালাতীয়া 6:2
4
গালাতীয়া 6:7
আপোনালোক ভ্ৰান্ত নহ’ব, ঈশ্বৰক প্ৰতাৰণা নকৰিব৷ কিয়নো মানুহে যিহকে ৰুৱে তাকেহে দাব।
Explore গালাতীয়া 6:7
5
গালাতীয়া 6:8
কাৰণ যি জনে নিজৰ মাংসৰ উদ্দেশ্যে ৰুৱে, তেওঁ মাংসৰ পৰা অৱক্ষয়ৰূপ শস্য দাব; কিন্তু যি জনে আত্মাৰ উদ্দেশ্যে ৰুৱে, তেওঁ আত্মাৰ পৰা অনন্ত জীৱনৰূপ শস্য দাব।
Explore গালাতীয়া 6:8
6
গালাতীয়া 6:1
হে ভাই সকল, কোনো মানুহ যদি কোনো অপৰাধত পৰে, তেনেহলে আত্মিক যি আপোনালোক, আপোনালোকে মৃদুশীল আত্মাৰে তেনেকুৱা জনক পুনৰ সুস্থ কৰক; কিন্তু পাছত নিজে নিজৰ পৰীক্ষাত নপৰিবৰ বাবে আপুনিও সাৱধান হ’ব৷
Explore গালাতীয়া 6:1
7
গালাতীয়া 6:3-5
কিয়নো কোনোৱে একো নহৈয়ো যদি নিজকে বৰ মানে, তেনেহলে তেওঁ নিজকে প্ৰতাৰণা কৰে। প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব। কিয়নো প্ৰতিজনে নিজে নিজৰ ভাৰ ব’ব।
Explore গালাতীয়া 6:3-5
Home
Bible
Plans
Videos