প্ৰভু যিহোৱাই এই কথা কৈছে: “ময়েই এৰচ গছজোপাৰ ওখত থকা আগডোখৰৰ এটা ডাল লৈ তাক ৰোম; এনে কি, সকলোতকৈ ওপৰত থকা তাৰ পোখাবোৰৰ মাজৰ পৰাই মই এটি পোখা ছিঙি এখন ওখ আৰু উন্নত পৰ্ব্বতত ৰোম! ইস্ৰায়েলৰ ওখ পৰ্ব্বতখনতেই মই তাক ৰুম; তেতিয়া সি ডাল মেলিব আৰু ফল ধৰি এজোপা উত্তম এৰচ গছ হ’ব; যাতে সকলো বিধৰ চৰাইয়ে তাৰ তলত বাস কৰিব আৰু তাৰ ডালবোৰৰ ছাঁত সিহঁতে বাস কৰিব।