YouVersion Logo
Search Icon

Popular Bible Verses from যিহি 1

তেতিয়া মই দেখিলোঁ যে, উত্তৰ দিশৰ পৰা ধুমুহা বতাহ আহি আছিল - তেতিয়া এখন ডাঙৰ মেঘ চিকমিকোৱা অগ্নিৰ দীপ্তিৰে সৈতে তাৰ ভিতৰত আৰু চাৰিওফালে বিয়পি আছিল আৰু সেই মেঘৰ ভিতৰত থকা জুই জাংফাই ৰঙৰ আছিল। তাৰ মাজত চাৰিজন জীয়া প্ৰাণীৰ নিচিনা দেখা গ’ল। তেওঁলোকৰ আকৃতি এনেকুৱা: তেওঁলোকৰ ৰূপ মানুহৰ দৰে আছিল। কিন্তু প্ৰতিজনৰ চাৰিখন চাৰিখন মুখমণ্ডল আৰু প্রতিজনৰ চাৰিখনকৈ ডেউকা আছিল। তেওঁলোকৰ ভৰি পোন, কিন্তু তেওঁলোকৰ ভৰিৰ তলুৱা দামুৰিৰ খুৰাৰ তলুৱাৰ নিচিনা আছিল; যি চিকুণ কৰা পিতলৰ দৰে জিলিকিছিল। তথাপিও তেওঁলোকৰ ডেউকাৰ চাৰিওকাষে তলত মানুহৰ দৰে হাত আছিল। তেওঁলোক চাৰিওজনৰ মুখমণ্ডল আৰু ডেউকা এনেধৰণৰ আছিল: তেওঁলোকৰ ডেউকা পৰস্পৰে লগ লাগি আছিল আৰু যোৱা সময়ত তেওঁলোকে কোনো ফালে নুঘূৰিছিল; তেওঁলোক প্ৰতিজনে পোনে পোনে আগবাঢ়ি গৈছিল।

Free Reading Plans and Devotionals related to যিহি 1