1
1 কৰি 1:27
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে।
Compare
Explore 1 কৰি 1:27
2
1 কৰি 1:18
বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ।
Explore 1 কৰি 1:18
3
1 কৰি 1:25
কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী।
Explore 1 কৰি 1:25
4
1 কৰি 1:9
ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে।
Explore 1 কৰি 1:9
5
1 কৰি 1:10
কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়।
Explore 1 কৰি 1:10
6
1 কৰি 1:20
কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই?
Explore 1 কৰি 1:20
Home
Bible
Plans
Videos