ৰোমীয়া 1
1
1 অধ্যায়
মঙ্গলাচৰণ আৰু আভাস
1মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি; 2যি শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে পূৰ্বতে তেওঁৰ ভাববাদী সকলৰ যোগেদি পবিত্ৰ বিধান-শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল, 3সেয়ে তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ বিষয়ৰ শুভবাৰ্তা; যি জনে মানৱ ৰূপে দায়ুদৰ বংশত জন্মিছিল৷
4তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷ 5তেওঁৰেই দ্বাৰাই আমি তেওঁৰ নামৰ কাৰণে, সকলো জাতিৰ মাজত বিশ্বাসৰূপ আজ্ঞাধীনতাৰ অৰ্থে অনুগ্ৰহ আৰু পাঁচনি পদ পালোঁ;#1:5 1 কৰি 15:10; ইফি 3:8৷ 6সেই জাতিবোৰৰ মাজত আপোনালোকো যীচু খ্ৰীষ্টৰ আমন্ত্ৰিত#1:6 ৰো 8:30; প্ৰ 17:14৷ লোক৷
7ৰোমত থকা ঈশ্ৱৰৰ যি প্ৰিয় লোক আৰু তেওঁক বিশ্ৱাস কৰা সেই পবিত্ৰ লোক সকল; আমাৰ পিতৃ ঈশ্বৰৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অাপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
8প্ৰথমতে, যীচু খ্ৰীষ্টৰ যোগেদি অাপোনালোক সকলোৰে বিষয়ে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ, কাৰণ গোটেই জগতত অাপোনালোকৰ বিশ্বাস প্ৰচাৰিত হ’ল৷ 9কিয়নো ঈশ্ৱৰ মোৰ সাক্ষ্য, যি জনক মই নিজ আত্মাৰে সৈতে তেওঁৰ পুত্ৰৰ শুভবার্তাৰ সেৱা কৰোঁ আৰু সেই জনৰ ওচৰত মই নিৰন্তৰে আপোনালোকৰ নাম উল্লেখ কৰি, 10মোৰ প্ৰাৰ্থনা কালত সদায় অনুৰোধ কৰোঁ, আৰু শেষত মই যেন কোনো প্ৰকাৰে ঈশ্ৱৰৰ ইচ্ছাৰ দ্ৱাৰাই আপোনালোকৰ ওচৰত আহিবলৈ সফল হওঁ৷
11কিয়নো মই আপোনালোকক চাবলৈ অতিশয় হাবিয়াহ কৰি আছোঁ, যাতে মই আপোনালোকক কোনো আত্মিক বৰৰ ভাগী কৰিব পাৰোঁ, আৰু তাতে আপোনালোকেও যেন সুস্থিৰ থাকিব পাৰে৷ 12আপোনালোকৰ আৰু মোৰ, উভয় পক্ষৰ আন্তৰিক বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ মাজত নিজেও আশ্বাস পাবলৈ, মই ইচ্ছা কৰিছোঁ।
13হে ভাই সকল, মই নিবিচাৰোঁ যে, আপোনালোকে এই কথা নজনাকৈ থাকক; মই বাৰে বাৰে আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছিলোঁ৷ যেনেকৈ মই আৰু অনা-ইহুদী লোক সকলে ফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাওক; কিন্তু এতিয়ালৈকে বাধা পাই আছোঁ৷ 14গ্ৰীক, বিদেশী, জ্ঞানী আৰু অজ্ঞানী, এই সকলোৰে ওচৰত মই ধৰুৱা হৈ আছোঁ৷ 15এই হেতুকে ৰোমত থকা যি আপোনালোক, অাপোনালোকৰ আগতো মই সাধ্য অনুসাৰে শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ ইচ্ছুক আছোঁ।
16কিয়নো শুভবাৰ্তাত মই লাজ নাপাও; কাৰণ প্ৰথমে ইহুদী, পাছত গ্ৰীক লোকলৈ আৰু বিশ্বাস কৰা প্ৰত্যেক জনলৈ, এয়া পৰিত্রাণৰ অৰ্থে ঈশ্বৰৰ শক্তি।#1:16 1 কৰি 1:18৷ 17কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা#1:17 ৰো 10:3, 4; ফিলি 3:9৷ বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”#1:17 হব 2:4; গাল 3:11; ইব্ৰী 10:38৷
দেৱপুজক সকলৰ পাপ-অৱস্থা
18যি সকলে অধাৰ্মিকতাৰ দ্বাৰাই সত্যক নিবাৰণ কৰে, ঈশ্ৱৰৰ ক্ৰোধ সেই অধর্মি আৰু ভক্তিহীন লোক সকললৈ স্বৰ্গৰ পৰা প্ৰকট হয়; 19কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পৰা যায়, সেয়ে প্ৰকাশিত হৈ আছে৷ কিয়নো ঈশ্বৰে সেই বিষয়ে সিহঁতক শিক্ষিত কৰিলে।
20কিয়নো ঈশ্ৱৰৰ সেই অদৃশ্য গুণবোৰৰ বিষয়ে, জগত সৃষ্টিৰ কালৰে পৰা তেওঁ সৃষ্টি কৰা সকলোকে বোধগম্য#1:20 গীত 19:1-3৷ হৈ স্পষ্টকৈ দেখা গৈছে, যাতে তেওঁৰ অনাদি অনন্ত পৰাক্ৰম আৰু ঐশ্বৰিক স্বভাৱৰ বিষয়ে আপোনালোকৰ একো নজনাৰ কাৰণ নাথাকে; 21কিয়নো ঈশ্বৰৰ বিষয়ে জানিও, তেওঁক ঈশ্বৰ বুলি তেওঁলোকে স্তুতি বা ধন্যবাদো নকৰিলে; কিন্তু নিজৰ তৰ্ক-বিতৰ্কত অজ্ঞানী হ’ল আৰু তেওঁলোকৰ অবোধ হৃদয় অন্ধকাৰময় হ’ল।
22নিজক জ্ঞানী দাবীদাৰ কৰি, তেওঁলোক মূৰ্খ হ’ল; 23আৰু ক্ষয়শীল মানুহ, চৰাই, চাৰিঠেঙীয়া জন্তু আৰু উৰগ আদিৰ আকাৰযুক্ত প্ৰতিমূৰ্তিৰে সৈতে তেওঁলোকে চিৰস্থায়ী ঈশ্বৰৰ মহিমাক সলনা-সলনি কৰিলে।
24এই কাৰণে তেওঁলোকৰ শৰীৰক অমৰ্য্যদা কৰিবলৈ, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ অভিলাষেৰে তেওঁলোকক অশুচিতালৈ শোধাই দিলে।#1:24 গীত 81:12; ইফি 4:18, 19৷ 25তেওঁলোকে ঈশ্বৰৰ সত্যতাক মিছাৰ সৈতে সাল-সলনি কৰি সৃষ্টিকৰ্ত্তাৰ সলনি সৃষ্ট বস্তুবোৰৰ আৰাধনা আৰু সেৱা কৰিলে; সেই জন সৃষ্টিকৰ্ত্তা চিৰকাল ধন্য। আমেন।
26এই কাৰণে, ঈশ্বৰে তেওঁলোকক অনাদৰযুক্ত কামাভিলাষলৈ শোধাই দিলে; কিয়নো তেওঁলোকৰ স্ত্ৰী লোক সকলে স্বাভাৱিক সঙ্গ এৰি, স্বভাৱৰ বিপৰীত সঙ্গ কৰিলে; 27সেইদৰে পুৰুষ সকলেও স্বাভাৱিক স্ত্ৰী সঙ্গ এৰি, পৰস্পৰে কামাগ্নিৰে দগ্ধ হৈ পুৰুষে সৈতে পুৰুষে লাজৰ কৰ্ম সাধন কৰি নিজকে নিজলৈ ভ্ৰান্তিৰ উচিত প্ৰতিফল আনিলে।#1:27 1 কৰি 6:9, 10; যিহূ 7 পদ৷
28তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত কর্মবোৰ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
29তেওঁলোক সকলো অধাৰ্মিকতা, দুষ্টতা, লোভ আৰু ঈর্ষাৰে ভৰি থকা৷ তেওঁলোক নৰবধী, বিবাদ, ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ; 30তেওঁলোক পৰচর্চা, পৰনিন্দা কৰোঁতা, ঈশ্বৰৰ ঘৃণাৰ পাত্ৰ; হিংসাত্মক, উদ্ধত, অহংকাৰী, কুকল্পনা জন্মোৱা, পিতৃ-মাতৃক নমনা লোক৷ 31তেওঁলোক অজ্ঞানী, অনির্ভৰযোগ্য, স্নেহহীন আৰু নিৰ্দয় লোক৷
32আৰু এইদৰে আচৰণ কৰা সকল যে মৃত্যুৰ যোগ্য, ঈশ্বৰৰ এই বিচাৰ জানিও, তেওঁলোকে সেইদৰে আচৰণ কৰে; কেৱল সেয়ে নহয়, কিন্তু তেনেকুৱা আচৰণ কৰা সকলক সন্মতিও দিয়ে।
Markert nå:
ৰোমীয়া 1: IRVAsm
Marker
Kopier
Sammenlign
Del
Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.