মাৰ্ক 6

6
6 অধ্যায়
যীচুৱে নিজ নগৰত অগ্রাহ্য হোৱা
1তাৰ পাছত যীচুৱে সেই ঠাইৰ পৰা ওলাই, নিজ নগৰলৈ#6:1 মথি 13:53-58; লূক 4:16-30৷ আহিল আৰু তেওঁৰ শিষ্য সকলো তেওঁৰ পাছে পাছে আহিল। 2পাছত যেতিয়া বিশ্ৰামবাৰ আহিল, তেওঁ নাম-ঘৰত উপদেশ দিবলৈ ধৰিলে। তাতে বহুলোকে শুনি, তেওঁৰ কথাত বিস্ময় মানি কলে, “তেওঁ এইবোৰ শিক্ষা ক’ৰ পৰা পালে? ঈশ্ৱৰে তেওঁক দিয়া এনে জ্ঞান কেনেকুৱা? আৰু তেওঁৰ হাতৰ দ্বাৰাই যে এইৰূপে পৰাক্রম কাৰ্যবোৰ সাধিত হয়, এইবোৰ নো কি? 3ই সেই বাঢ়ৈ নহয় নে? মৰিয়মৰ পুত্ৰ আৰু যাকোব, যোচিৰ, যিহূদা আৰু চিমোনৰ ককায়েক নহয় নে? ইয়াৰ ভনী কেইজনীও আমাৰ ইয়াত নাই নে?” এইদৰে তেওঁলোকে তেওঁত বিঘিনি পালে।
4তেতিয়া যীচুৱে তেওঁলোকক কলে, “আপোন দেশ, আপোন জ্ঞাতি আৰু আপোন ঘৰৰ বাহিৰে, আন কোনো ঠাইত এজন ভাববাদী মৰ্যদাহীন নহয়।” 5সেই ঠাইত তেওঁ কেইজনমান নৰিয়াৰ গাত হাত দি, তেওঁলোকক সুস্থ কৰাৰ বাহিৰে তাত আন একো পৰাক্রম কাৰ্য কৰিব নোৱাৰিলে৷ 6তেওঁলোকৰ অবিশ্বাসত তেওঁ বিস্ময় মানিলে। পাছত তেওঁ চাৰিওফালৰ গাঁৱলৈ গৈ উপদেশ দিলে।
পাঁচনি সকলক পঠিওৱা
7যীচুৱে তেওঁৰ সেই বাৰ জন পাঁচনিক ওচৰলৈ মাতি আনিলে, আৰু দুজন দুজনকৈ তেওঁলোকক পঠিয়াই দিলে৷ তেওঁলোকক অশুচি আত্মাবোৰৰ ওপৰত ক্ষমতা দি, 8এই আদেশ দিলে যে, তেওঁলোকে যেন বাটত যাত্ৰা কৰোঁতে নিজৰ লাখুটি ডালত বাহিৰে লগত আন একো নাৰাখে আৰু তেওঁলোকে যেন লগত পিঠা বা জোলোঙা বা টঙালিত পইচা, এইবোৰ নলয়; 9আৰু দীঘল চোলাও যেন নিপিন্ধে, কিন্তু তেওঁলোকে ভৰিত চেণ্ডেল পিন্ধক।
10 যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে যেতিয়া এখন ঘৰত সোমোৱা, তেতিয়া সেই ঠাইৰ পৰা ওলাই নোযোৱালৈকে, সেই ঘৰতে থাকিবা। 11কিন্তু ঠাইৰ মানুহে যদি তোমালোকক গ্রহণ নকৰে আৰু তোমালোকৰ কথাও নুশুনে, তেনেহলে সেই ঠাইৰ পৰা ওলাই যাওঁতে সেই ঠাইৰ লোক সকলৰ বিপক্ষে প্ৰমাণ স্ৱৰূপে তোমালোকৰ ভৰি-তলুৱাৰ ধুলি জোকাৰি পেলাবা।”
12পাছত তেওঁলোকে ওলাই গৈ মানুহবোৰক মন-পালটন#6:12 যিহি 18:30-32; পাঁ 17:30; 26:20৷ কৰিবলৈ প্রচাৰ কৰিলে; 13বহুত ভূত খেদালে আৰু বহুত নৰিয়া লোকৰ গাত তেল সানি, তেওঁলোকক সুস্থ কৰিলে।
যোহন বাপ্তাইজকক বধ কৰা
14এনেদৰে যীচুৰ নাম চাৰিওফালে প্ৰখ্যাত হবলৈ ধৰিলে; তাৰ পাছত#6:14 মথি 14:1-12৷ হেৰোদ ৰজায়ো এই কথাবোৰ শুনিবলৈ পালে৷ কিছুমান লোকে ক’ব ধৰিলে যে, “যোহন বাপ্তাইজক মৃত লোকৰ মাজৰ পৰা জীৱিত হ’ল; এই হেতুকে তেওঁ এইবোৰ পৰাক্রম কাৰ্য সাধন কৰিব পাৰিছে”। 15কিন্তু অন্য কিছুমানে ক’লে, “তেওঁ এলিয়া”; আন কোনোবাই কলে, “পুৰণি কালৰ ‌ভাববাদী সকলৰ নিচিনা তেৱোঁ এজন ভাববাদী”।
16কিন্তু হেৰোদে এইবোৰ কথা শুনি কলে, “যোহন, যি জনৰ মই মূৰ ছেদন কৰিলোঁ, তেওঁহে উঠিল”। 17কিয়নো হেৰোদে নিজে মানুহ পঠিয়াই যোহনক ধৰি আনি বন্দীশালত বন্ধ কৰি ৰাখিছিল৷ এইদৰে তেওঁক বন্দী কৰাৰ কাৰণ আছিল হেৰোদিয়া, যি জনী তেওঁৰ নিজ ভাই ফিলিপৰ ভার্যা আছিল আৰু এইজনী হেৰোদিয়াৰ বাবেই তেওঁক বন্দী কৰিছিল; কাৰণ হেৰোদে হেৰোদিয়াক বিয়া কৰাইছিল৷
18আৰু যোহনে হেৰোদক কৈছিল, “তুমি ভাইৰ পত্নীক নিজৰ লগত স্ত্ৰীৰূপে যে ৰাখিছা, এয়া বিধান সন্মত নহয়”। 19এই কথাৰ কাৰণে হেৰোদিয়া তেওঁৰ বিৰোধী হৈছিল, আৰু তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিছিল, কিন্তু বধ কৰিব পৰা নাছিল। 20কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।
21কিন্তু এনে এটা দিন আহিল, সেইদিনা হেৰোদিয়াই নিজৰ কাৰণে কাম কৰিবলৈ এক সুযোগ পালে: হেৰোদে নিজৰ জন্ম দিনৰ দিনা তেওঁৰ বিষয়া, সেনাপতি, আৰু গালীল প্ৰদেশৰ প্রধান লোক সকলক নৈশ-ভোজলৈ নিমন্ত্ৰণ কৰিছিল৷ 22তাতে হেৰোদিয়াৰ আপোন জীয়েক ভিতৰলৈ আহিল আৰু নাচি নাচি, হেৰোদ আৰু তেওঁৰে সৈতে ভোজনত বহা সকলক সন্তুষ্ট কৰিলে৷ তেতিয়া ৰজাই তাইক ক’লে, “তুমি যি ইচ্ছা কৰা মোক খোজা, মই তাকে তোমাক দিম”।
23আৰু শপত খাই তাইক ক’লে, “মোক যিহকে খোজা, মই তাকেই দিম, আনকি মোৰ ৰাজ্যৰ আধা অংশও মই দিম৷” 24তেতিয়া তাই বাহিৰলৈ গৈ নিজৰ মাকক সুধিলে, “মই কি খুজিম?” তেওঁ ক’লে, “যোহন বাপ্তাইজকৰ মূৰ।” 25তেতিয়া তাই বেগাই ৰজাৰ ওচৰলৈ আহি ক’লে, “মই এতিয়াই বাপ্তাইজক যোহনৰ মূৰটো এখন থালত আনি মোক দিয়াটো ইচ্ছা কৰোঁ।”
26তাতে ৰজা শোকাতুৰ হ’ল কিন্তু নিজৰ শপতৰ কাৰণে আৰু ভোজনত বহা সকলৰ সন্মূখত তাইক বঞ্চিত কৰিবলৈ ইচ্ছা নকৰিলে, 27তাতে ৰজাই যোহনৰ মূৰ আনিবলৈ ৰক্ষক সেনা এজনক আজ্ঞা দি পঠিয়ালে। তেতিয়া সেই সেনা গৈ বন্দীশালত যোহনৰ মূৰ ছেদন কৰিলে, 28আৰু যোহনৰ মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই গৈ তাইৰ মাকক দিলে। 29পাছত তেওঁৰ শিষ্য সকলে এই কথা শুনিবলৈ পোৱাত তেওঁৰ মৃতদেহটো লৈ গ’ল আৰু মৈদাম দিলে।
পাঁচ হাজাৰ মানুহক খুউৱা৷
30পাছত পাঁচনি সকলে যীচুৰ ওচৰত গোট খালে আৰু তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল, সেই সকলো বিষয় তেওঁৰ আগত বৰ্ণনা কৰিলে। 31তেতিয়া তেওঁ তেওঁলোকক কলে, “তোমালোকে অকলে এখন নিৰ্জন ঠাইলৈ যোৱা আৰু তাতে কিছুকাল বিশ্রাম কৰা৷” কিয়নো সেই সময়ত ইমান মানুহ অহা-যোৱা কৰি আছিল যে, তেওঁলোকে অৱসৰ লবলৈ আৰু ভোজন কৰিবলৈকো জিৰণি পোৱা নাছিল। 32তেতিয়া শিষ্য সকল নাৱত উঠি অকলে নিৰ্জন ঠাই এখনলৈ গ’ল।
33কিন্তু বহু মানুহে তেওঁলোকক যোৱা দেখিলে আৰু তেওঁলোকক চিনি পালে৷ সেয়েহে তেওঁলোকক দেখা লোক সকলে আটাই নগৰৰ পৰা বামেৰে তালৈ বেগাই গ’ল, আৰু তেওঁলোকতকৈ আগে গৈ তাত উপস্থিত হ’ল। 34যেতিয়া যীচু পাৰলৈ আহিল, তেতিয়া তেওঁ বহু লোকক তাত উপস্থিত হৈ থকা দেখিলে আৰু তেখেত সকলক দেখি তেওঁৰ মৰম লাগিল; কিয়নো তেখেত সকল ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল৷ তেওঁ তেখেত সকলক অনেক উপদেশ দিবলৈ ধৰিলে।
35পাছত#6:35 মথি 14:15-36; লূক 9:12-17; যো 6:5-21 দিনৰ শেষ ভাগত তেওঁৰ শিষ্য সকল ওচৰলৈ আহি ক’লে, “এই ঠাই নিৰ্জন আৰু সময় বহু পলম হৈ গ’ল; 36গতিকে লোক সকলক এতিয়া বিদায় দিয়ক, তেতিয়া তেখেত সকলে ওচৰৰ গাঁৱলৈ গৈ নিজৰ কাৰণে খোৱা বস্তু কিনিব পাৰিব৷”
37কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “তোমালোকে তেখেত সকলক খাবলৈ দিয়া৷” তাতে তেওঁলোকে তেওঁক কলে, “আমি গৈ দুশ আধলি (দীনাৰ) ৰ পিঠা কিনি তেখেত সকলক খাবলৈ দিম নে”? 38কিন্তু তেওঁ শিষ্য সকলক ক’লে, “তোমালোকৰ লগত কেইটা পিঠা আছে”? পাছত তেওঁলোকে বিচাৰ লৈ কলে, “পাঁচটা পিঠা আৰু দুটা মাছ আছে”।
39তেতিয়া কেচা বনৰ ওপৰত সকলোকে জুম জুমকৈ বহিবলৈ তেওঁ আদেশ দিলে। 40তাতে তেওঁলোকে এশ এশ আৰু পঞ্চাশ পঞ্চাশ কৰি গোট বান্ধি বহিল। 41তেতিয়া তেওঁ সেই পাঁচটা পিঠা আৰু দুটা মাছ লৈ স্বৰ্গলৈ চাই, আশীৰ্বাদ#6:41 মথি 26:26; লূক 24:30৷কৰিলে; আৰু লোক সকলক ভগাই দিবলৈ পিঠা ভাঙি ভাঙি শিষ্য সকলক দি থাকিল; আৰু মাছ দুটাও সকলোকে ভাগ কৰি দিলে। 42তাতে সকলোৱে খাই তৃপ্ত হ’ল। 43পাছত তেওঁলোকে ডোখৰা-ডুখৰি পিঠা আৰু মাছবোৰ তুলি বাৰটা পাচি ভৰালে। 44সেই পিঠা ভোজন কৰা মানুহ পাঁচ হাজাৰ আছিল।
পানীৰ ওপৰত খোজ কঢ়া
45তাৰ পাচত যীচুৱে লোক সকলক বিদায় দি থাকোতে, তেওঁৰ শিষ্য সকলক নাওত উঠি তেওঁ যোৱাৰ আগতে সিপাৰে থকা বৈৎ-চৈদা নগৰলৈ যাবৰ বাবে আগ্রহেৰে আজ্ঞা দিলে। 46তাৰ পাছত তেওঁ তেওঁলোকৰ পৰা বিদায় লৈ প্ৰাৰ্থনা#6:46 মার্ক 1:35৷ কৰিবলৈ পৰ্বতৰ ওপৰলৈ গ’ল। 47সন্ধিয়া সময়ত সেই নাও খন সাগৰৰ মাজত পাইছিল আৰু তেওঁ অকলে বামত অাছিল।
48পাছত তেওঁ দেখিলে যে, শিষ্য সকলে বতাহৰ বিপৰীতে অতি কষ্টেৰে ব’ঠা বাই নাওত গৈ আছে৷ যীচুৱে নিশা চতুৰ্থ পৰ মানত, সাগৰৰ ওপৰেদি খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহি, তেওঁলোকক পাছ পেলাই যাবলৈ ইচ্ছা কৰিলে। 49কিন্তু সাগৰৰ ওপৰত তেওঁক খোজকাঢ়ি অহা দেখি তেওঁলোকে ভূত বুলি ভাবি, চিঞৰি উঠিল; 50কিয়নো তেওঁক দেখি সকলোৰে উগুল-থুগুল লাগিছিল। তেতিয়া তেওঁ তেওঁলোকৰ সৈতে কথা হ’ল আৰু কলে, “সাহস ৰাখা; মইহে হয়, ভয় নকৰিবা”।
51পাছত তেওঁ শিষ্য সকলৰ লগত নাৱত উঠিল আৰু বতাহো নাইকিয়া হ’ব ধৰিলে। তাতে তেওঁলোকে মনতে অতিশয় বিস্ময় মানিলে; 52কিয়নো তেওঁলোকে পিঠাৰ বিষয়ে বুজি নাপালে, কাৰণ বুজি নাপাবলৈ তেওঁলোকৰ মন কঠিন কৰা হ’ল।
53তাৰ পাছত তেওঁলোকে পাৰ হৈ গিনেচৰৎ প্রদেশ পালে, আৰু তাতে নাও খন লগালে। 54আৰু তেওঁলোকে নাৱৰ পৰা নামি আহোতে সেই ঠাইৰ মানুহবোৰে যীচুক চিনি পালে৷ 55তেওঁলোকে বেগাই গৈ সেই অঞ্চলৰ চাৰিওফালে থকা ৰোগী সকলক খাটত তুলি আনিলে, আৰু তেওঁ যি ঠাইত আছে বুলি শুনিলে, তালৈকে ৰোগী সকলক নিবলৈ ধৰিলে।
56তেওঁ যি যি নগৰ আৰু গাঁৱলৈ গৈছিল, সেই সকলো ঠাইতে নৰিয়া সকলক হাটে-বজাৰে থলে, আৰু প্ৰাৰ্থনা কৰিলে যাতে তেওঁলোকে তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পায়; এইদৰে যিমানে চুলে, সকলোৱে ৰক্ষা পালে।

Marker

Kopier

Sammenlign

Del

None

Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på