পাঁচনি 1

1
1 অধ্যায়
শিষ্য সকলৰ সন্মুখত প্রভু যীচুৰ স্বর্গাৰোহণ
1হে থিয়ফিল, মই প্রথম প্রৱন্ধত আৰম্ভণীৰে পৰা যীচুক স্বর্গলৈ নিয়া দিনলৈকে তেওঁ যি যি কর্ম কৰিলে আৰু উপদেশ দিলে, সেই সকলোবোৰৰ বিষয়ে লিখিলোঁ। 2পাছত তেওঁক ওপৰলৈ তুলি নিয়া দিনলৈকে তেওঁ মনোনীত কৰা পাঁচনি সকলক পবিত্ৰ আত্মাৰ দ্বাৰাই আজ্ঞা দিলে৷ 3ক্রুচীয়‍ মৃত্যুৰ দুখভোগৰ পাছত তেওঁ পাঁচনি সকলৰ আগত সময়ে সময়ে দেখা দি নিজকে জীয়াই থকাৰ প্রমাণ দিলে। এইদৰে যীচুৱে চল্লিশ দিনলৈকে দৰ্শন দি ঈশ্বৰৰ ৰাজ্যৰ কথা ঘোষণা কৰিলে। 4এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা। 5যোহনে পানীতহে বাপ্তিস্ম দিলে, কিন্তু কিছুদিনৰ পাছত তোমালোকক পবিত্ৰ আত্মাত বাপ্তিস্ম দিয়া হব।” 6পুনৰ গোট খোৱা সময়ত তেওঁলোকে যীচুক সুধিলে, “হে প্ৰভু, ইস্ৰায়েলক আপুনি এই কালতে পুনৰাই ৰাজ্য দিব নে?” 7তেতিয়া তেওঁলোকক তেওঁ ক’লে, “যি কাল আৰু সময় পিতৃয়ে নিজৰ ক্ষমতাৰ অধীনত ৰাখিছে, সেই বিষয়ে তোমালোকে জানিবলৈ নোপোৱা। 8কিন্তু যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ আত্মা আহিব, তেতিয়া তোমালোক আত্মাত শক্তিশালী হবা৷ তেতিয়া তোমালোকে যিৰূচালেম আদি কৰি গোটেই যিহুদীয়া, চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে মোৰ সাক্ষী হবা।” 9এই কথা কোৱাৰ পাছত প্রভু যীচুক আকাশলৈ তুলি নিয়া হ’ল আৰু এচপৰা মেঘে তেওঁক ঢাকি ধৰিলে। তাতে তেওঁলোকে ওপৰলৈ ৰ’ লাগি চাই থাকিল, কিন্তু পুনৰবাৰ প্রভু যীচুক দেখা নাপালে। 10এইদৰে আকাশলৈ একেথৰে চাই থাকোতে, হঠাৎ বগা বস্ত্ৰ পৰিধান কৰা দুজন লোক তেওঁলোকৰ ওচৰত থিয় হ’ল আৰু তেওঁলোকক কলে, 11“হে গালীল দেশৰ গালীলীয়া সকল, তোমালোকে কিয় আকাশলৈ ৰ’ লাগি চাই ৰৈছা? এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব।” 12তাৰ পাছত পাঁচনি সকল জৈতুন নামৰ পাহাৰৰ পৰা যিৰূচালেমলৈ উভতি আহিল৷ এই পাহাৰ যিৰূচালেমৰ পৰা বিশ্ৰামবাৰে#1:12বিশ্ৰামবাৰেফৰিচী সকলৰ বিধান। সেইদিনা তেওঁলোকে কোনো কাম নকৰে। যোৱা বাটৰ সমান দূৰৈত অৱস্থিত 13যেতিয়া তেওঁলোকে যিৰূচালেম নগৰ গৈ পালে, তাত তেওঁলোকে পিতৰ, যোহন, যাকোব, আন্দ্রিয়, ফিলিপ, থোমা, বাৰ্থলময়, মথি, আলফয়ৰ পুতেক যাকোব, উদ্যোগী চিমোন আৰু যাকোবৰ পুতেক যিহুদা থকা ঘৰৰ ওপৰৰ কোঠালিলৈ গ’ল। 14তাতে তেওঁলোকে কেইগৰাকীমান মহিলা, যীচুৰ মাক মৰিয়ম আৰু তেওঁৰ ভায়েক সকলৰ সৈতে সকলোৱে এক মনেৰে প্ৰাৰ্থনাত লাগি থাকিল।
যিহূদাৰ পদত মত্তথিয়ক নিযুক্ত কৰা
15সেই সময়ছোৱাত প্রায় এশ বিশ জন লোক গোট খাই আছিল, তাতে পিতৰে উঠি ক’লে, 16“হে ভাই সকল, ধৰ্মশাস্ত্ৰৰ বচন সিদ্ধ হ’বলৈ যীচুক বন্দী কৰাৰ প্ৰয়োজন আছিল; কিয়নো যীচুক বন্দী কৰা সকলক যিহূদাই বাট দেখুউৱাৰ বিষয়ে পবিত্ৰ আত্মাই দায়ুদৰ মুখেৰে পূৰ্বতে প্রকাশ কৰিছিল। 17তেওঁ আমাৰ মাজৰেই এজন আছিল আৰু এই পৰিচর্যা কার্যৰ ভাগো পাইছিল। 18দুষ্কর্ম্ম কৰি পোৱা ধনেৰে তেওঁ এডোখৰ মাটি কিনিলে আৰু তাতে তলমূৰকৈ পৰি যিহূদাৰ পেট ফাটি নাড়ী ভুঁৰু সকলো ওলাল। 19এই কথা যিৰূচালেমত নিবাস কৰা আটাই মানুহৰ মাজত বিয়পি পৰিল আৰু সেয়েহে তেওঁলোকৰ ভাষাত সেই মাটিৰ নাম হকলদামা, অৰ্থাৎ তেজৰ মাটি হ’ল।” 20পিতৰে পুনৰ ক’লে, “কিয়নো গীতমালা পুস্তকত লিখা আছে,
‘তেওঁৰ থকা ঠাই নিৰ্জন হওক,
‘তাত কোনো মানুহ নাথাকক#1:20 গীতমালা 69:25;
আৰু আনে তেওঁৰ অধ্যক্ষ পদ পাওঁক#1:20 গীতমালা 109:8।’
21গতিকে, প্রভু যীচুক যোহনে বাপ্তিস্ম দিয়া দিনৰে পৰা স্বৰ্গলৈ নিয়া দিনলৈকে যি সকল লোকে আমাৰ মাজত চলা-ফুৰা কৰিছিল, 22সেই লোক সকলৰ মাজৰ বাপ্তিস্ম লোৱা এজন লোক নিশ্চয়কৈ আমাৰ সৈতে তেওঁৰ পুনৰুত্থানৰ সাক্ষী হোৱাৰ প্রয়োজন আছে।” 23তেতিয়া লোক সকলে যোচেফ, যি জনক বার্চব্বা অথবা যুষ্ট নামেৰেও জনা যায় আৰু মত্তথিয়; এই দুয়োজনকে আগলৈ আনিলে। 24পাছত তেওঁলোকে প্ৰাৰ্থনা কৰি ক’লে, “হে প্রভু, তুমি অন্তর্যামী, সকলোৰে হৃদয় জানা৷ সেয়েহে এই দুজনৰ মাজৰ পৰা এজনক মনোনীত কৰা; 25কিয়নো যিহূদাই পাপ কৰি নিজৰ যাবলগীয়া ঠাইলৈ গ’ল৷ সেই ঠাইত এই দুয়ো জনৰ মাজৰ কোন জনক তুমি এই পৰিচর্যা আৰু পাঁচনি পদ পাবলৈ মনোনীত কৰিছা, সেয়া প্রকাশ কৰা।” 26পাছত তেওঁলোকে দুয়ো জনৰ কাৰণে চিঠি খেলোতে মত্তথিয়ৰ নাম উঠিল আৰু তেওঁ এঘাৰ জন পাঁচনিৰ লগত গণিত হ’ল।

Marker

Kopier

Sammenlign

Del

None

Vil du ha høydepunktene lagret på alle enhetene dine? Registrer deg eller logg på