1
মাৰ্ক 7:21-23
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
কিয়নো ভিতৰৰ পৰা, অৰ্থাৎ মানুহৰ মনৰ পৰা কুচিন্তা, ব্যভিচাৰ, চুৰ, নৰ-বধ, পৰস্ত্ৰী গমণ, লোভ, দুষ্টতা, ছল, কামাভিলাষ, কু-দৃষ্টি, নিন্দা, অহংকাৰ, মুৰ্খতা, এইবোৰ ওলায়। এই সকলো মন্দ ভিতৰৰ পৰা ওলায়; আৰু এইবোৰেই মানুহক অশুচি কৰে।”
Sammenlign
Utforsk মাৰ্ক 7:21-23
2
মাৰ্ক 7:15
বাহিৰৰ পৰা মানুহৰ ভিতৰলৈ সোমাই অশুচি কৰিব পৰা কোনো বস্তু নাই; কিন্তু মানুহৰ ভিতৰৰ পৰা যি যি বাহিৰলৈ ওলাই, সেইবোৰেহে মানুহক অশুচি কৰে।
Utforsk মাৰ্ক 7:15
3
মাৰ্ক 7:6
তেতিয়া তেওঁ ক’লে, “আপোনালোক কপটীয়া সকলৰ বিষয়ে যিচয়াই ভালকৈয়ে ভাবোক্তি প্ৰচাৰ কৰিছিল, তেওঁ লিখিছিল - ‘এই মানুহবোৰে ওঁঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁলোকৰ মন মোৰ পৰা দুৰৈত থাকে।
Utforsk মাৰ্ক 7:6
4
মাৰ্ক 7:7
তেওঁলোকে অনৰ্থকৰূপে মোক ভক্তি কৰে, আৰু মানুহৰ ৰীতি নীতিবোৰ আজ্ঞা বুলি শিকায়৷’
Utforsk মাৰ্ক 7:7
5
মাৰ্ক 7:8
আপোনালোকে ঈশ্বৰৰ আজ্ঞা এৰি, লোক সকলৰ পুৰুষে পুৰুষে চলি অহা বিধান মানিছে”।
Utforsk মাৰ্ক 7:8