Àmì Ìdánimọ̀ Ohun-èlò Bíbélì
Ṣe Àwárí

ৰোমীয়া 5

5
5 অধ্যায়
1এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। 2তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ#5:2 যো 14:6; ইফি 2:18; 3:12; ইব্ৰী 10:19, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।
3অকল সেয়ে নহয়, কিন্তু আমাৰ নানা দুখ-কষ্টৰ মাজতো আমি উল্লাস কৰোঁ#5:3 যাক 1:2, 3, 12; 1 পি 3:14৷ কিয়নো আমি জানো যে, এই সকলো দুখ-কষ্টই আমাক ধৈর্যৰ পথত আগবঢ়াই লৈ যায়৷ 4ধৈৰ্যই বক্তিত্ব গঠন কৰে আৰু ব্যক্তিত্বই আশা জন্মায় ৷ 5সেই আশাই লাজত নেপেলায়; কিয়নো আমাক দান কৰা পবিত্ৰ আত্মাৰ যোগেদি আমাৰ হৃদয়ত ঈশ্বৰৰ প্ৰেম বাকি দিয়া হৈছে।
6কিয়নো ইতিপূৰ্বে যেতিয়া আমি দূৰ্বল আছিলোঁ, তেতিয়া খ্ৰীষ্টে উপযুক্ত সময়ত ঈশ্বৰক ভক্তি নকৰা সকলৰ কাৰণে আপোন প্ৰাণ দিলে। 7ধাৰ্মিক লোকৰ কাৰণে কোনো এজনে প্ৰাণ নিদিয়ে; সৎলোকৰ কাৰণে প্ৰাণ দিবলৈকো অৱশ্যে কোনো জনৰ সাহস থাকিব পাৰে।
8কিন্তু ঈশ্বৰে আমাৰ বাবে তেওঁৰ প্ৰেমৰ#5:8 1 যো 4:9, 10; প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বে যেতিয়া আমি পাপী আছিলোঁ, তেতিয়া খ্ৰীষ্টে আমাৰ বাবে আপোন প্ৰাণ দিলে। 9এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱাত, কিমান অধিক গুণে আমি তেওঁৰ তেজৰ দ্বাৰাই ঈশ্বৰৰ ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম#5:9 ৰো 8:32
10কিয়নো যেতিয়া শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ যোগেদি যদি আমি ঈশ্বৰে সৈতে মিলন হ’লোঁ, তেনেহলে সেই মিলনৰ যোগেদি আমি কিমান অধিক গুণে তেওঁৰ জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম; 11অকল সেয়ে নহয়, যি জনৰ যোগেদি আমি ঈশ্বৰে সৈতে এতিয়া মিলন হব পাৰিলোঁ, সেই জন প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰত আমি উল্লাসো কৰি আছোঁ।
আদমৰ লগত খ্ৰীষ্টৰ তুলনা
12এতেকে যেনেকৈ এজন মানুহৰ যোগেদি পাপ জগতলৈ আহিল, সেইদৰে পাপৰ যোগেদি মৃত্যুও আহিল; আৰু সকলোৱে পাপ কৰাত, সেই মৃত্যু সকলো মানুহৰ মাজত বিয়পি গ’ল৷ 13কিয়নো বিধান দিয়ালৈকে জগতত পাপ আছিল; কিন্তু য’ত বিধান নাই, তাত পাপকো গণনা কৰা নাযায়।
14তথাপি যি সকলে আদমৰ আজ্ঞা-লঙ্ঘনৰ দৰে পাপ কৰা নাই, আদমৰ পৰা মোচিলৈকে তেওঁলোকৰ ওপৰতো মৃত্যুৱে ৰাজত্ব কৰিছিল; সেই আদম আহিবলগীয়া জনৰ#5:14 1 কৰি 15:22, 45 প্ৰতিৰূপ আছিল।
15কিন্তু অপৰাধ যেনেকুৱা, অনুগ্ৰহৰ বৰ তেনেধৰণৰ নহয়৷ কিয়নো এজনৰ অপৰাধৰ বাবে যদি অনেকৰ মৃত্যু হ’ল, তেনেহলে কিমান অধিক ঈশ্বৰৰ অনুগ্ৰহ আৰু এজন মানুহৰ অনুগ্ৰহৰ দ্বাৰাই অহা দান, সেয়ে যীচু খ্ৰীষ্টত অনেকলৈ উপচি পৰিল#5:15 যিচ 53:11; মথি 26:28
16পাপ কৰা এজনৰ দ্বাৰাই যেনে হ’ল, অনুগ্ৰহৰ দান তেনে নহয়; কিয়নো এজনৰ পৰাই দণ্ডৰ ৰায় দিয়া হ’ল; কিন্তু অনেক অপৰাধৰ পাছতো ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল। 17কাৰণ এজনৰ অপৰাধত যদি, এজনৰ দ্বাৰাই মৃত্যুৱে ৰাজত্ব পালে, তেনেহলে যি সকলে অনুগ্ৰহ আৰু ধাৰ্মিকতাৰ দানত উপচয় হয়, তেওঁলোকে অধিক গুণে এজনৰ দ্বাৰাই জীৱনত ৰাজত্ব পাব, সেই জন যীচু খ্ৰীষ্ট।
18এতেকে যেনেকৈ এটা অপৰাধৰ যোগেদি সকলো মানুহলৈ দণ্ডৰ আদেশ দিয়া হ’ল, তেনেকৈ ধাৰ্মিকতাৰ এটা কাৰ্যৰ যোগেদি সকলো মানুহৰ বাবে জীৱনৰ ধাৰ্মিকতালৈ অনুগ্ৰহৰ বৰ দিয়া হ’ল। 19কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।
20ইয়াৰ বাহিৰেও অপৰাধ অধিক হ’বলৈ বিধান সোমাই আহিল; কিন্তু যি ঠাইত পাপ অধিক হ’ল, সেই ঠাইত অনুগ্ৰহ একেবাৰে উপচি পৰিল#5:20 তীত 3:3-721সেই কাৰণে যেনেকৈ মৃত্যুত পাপে ৰাজত্ব পালে, তেনেকৈ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱনৰ অৰ্থে অনুগ্ৰহে ধাৰ্মিকতাৰ ৰাজত্ব পায়৷

Àwon tá yàn lọ́wọ́lọ́wọ́ báyìí:

ৰোমীয়া 5: IRVAsm

Ìsàmì-sí

Daako

Ṣe Àfiwé

Pín

None

Ṣé o fẹ́ fi àwọn ohun pàtàkì pamọ́ sórí gbogbo àwọn ẹ̀rọ rẹ? Wọlé pẹ̀lú àkántì tuntun tàbí wọlé pẹ̀lú àkántì tí tẹ́lẹ̀