YouVersion
Pictograma căutare

আদি 13

13
13 অধ্যায়
অব্রামৰ কনানলৈ প্রত্যাৱর্তন
1তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল। 2এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।
3পাছত তেওঁ নেগেভৰ পৰা যাত্রা কৰি কৰি বৈৎএল পর্যন্ত গ’ল। এই বৈৎএল আৰু অয় নগৰৰ মধ্যৱর্তী স্থানতে পূৰ্বতে তেওঁৰ তম্বু#13:3 পৰিয়ালৰ লোক আছিল। 4এই ঠাইতে তেওঁ আগেয়ে নির্ম্মাণ কৰা যজ্ঞবেদীটো আছিল আৰু তাত তেওঁ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল।
অব্রাম আৰু লোট বেলেগ হোৱা
5অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল। 6অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল। 7তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
8তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব; 9গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।”
10তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল। 11তেতিয়া লোটে যৰ্দ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাচি লৈ পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে তেওঁলোক এজন আন জনৰ কাষৰ পৰা বেলেগ হৈ গ’ল। 12অব্ৰামে কনান দেশত আৰু লোটে সেই সমভূমিৰ নগৰবোৰত বাস কৰিবলৈ ধৰিলে। লোটে চদোমৰ ওচৰত তম্বু তৰিলে। 13চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
অব্রাম হিব্রোনলৈ যোৱা
14অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত যিহোৱাই অব্ৰামক ক’লে, “তুমি যি ঠাইত থিয় হৈ আছা, তাৰ পৰা উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমলৈ এবাৰ চোৱা; 15যি সকলো ঠাই তুমি দেখিছা, তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম। 16মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব। 17উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।” 18তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।

Selectat acum:

আদি 13: IRVAsm

Evidențiere

Împărtășește

Compară

Copiază

None

Dorești să ai evidențierile salvate pe toate dispozitivele? Înscrie-te sau conectează-te