1
আদি 37:5
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019
IRVAsm
এদিন যোচেফে এটা সপোন দেখিলে আৰু তেওঁ সেই সপোনৰ বিষয়ে ককায়েকসকলক কোৱাত তেওঁলোকে তেওঁক অধিক বেছিকৈ ঘৃণা কৰিবলৈ ধৰিলে।
Compare
Avasta আদি 37:5
2
আদি 37:3
বৃদ্ধ বয়সত হোৱা পুত্র দেখি ইস্ৰায়েলে যোচেফক আন সকলো পুতেকতকৈ তেওঁক অধিক স্নেহ কৰিছিল। তেওঁ তেওঁক এটা ধুনীয়া দীঘল চোলা তৈয়াৰ কৰি দিছিল।
Avasta আদি 37:3
3
আদি 37:4
ককায়েকসকলে যেতিয়া বুজিলে যে পিতৃয়ে তেওঁলোকতকৈ যোচেফক অধিক স্নেহ কৰে, তেতিয়া তেওঁলোকে যোচেফক ঘৃণা কৰিবলৈ ধৰিলে আৰু সেয়ে, তেওঁলোকে তেওঁক মৰমেৰে কথা কবলৈও নিবিচাৰিলে।
Avasta আদি 37:4
4
আদি 37:9
পাছত যোচেফে আন এটা সপোন দেখিলে আৰু তেওঁৰ ককায়েকসকলক তাক ক’লে। তেওঁ ক’লে, “শুনা, মই আন এটা সপোন দেখিলোঁ; মই দেখিলোঁ যে সূৰ্য, চন্দ্ৰ আৰু এঘাৰটা তৰাই মোৰ আগত প্ৰণিপাত কৰিলে।”
Avasta আদি 37:9
5
আদি 37:11
তাতে তেওঁৰ ককায়েকসকলে তেওঁক হিংসা কৰিলে; কিন্তু বাপেকে হ’লে সেই কথা মনত ৰাখিলে।
Avasta আদি 37:11
6
আদি 37:6-7
যোচেফে তেওঁলোকক ক’লে, “শুনা, মই এটা সপোন দেখিলোঁ। মই দেখিলোঁ যে আমি পথাৰত কাটি থোৱা শস্যৰ মুঠি বান্ধিছিলোঁ; তাতে মোৰ মুঠিটো পোন হৈ উঠি থিয় হ’ল; তাৰ পাছত তোমালোকৰ মুঠিবোৰে মোৰ মুঠিৰ চাৰিওফালে থিয় হৈ প্ৰণিপাত কৰিলে।”
Avasta আদি 37:6-7
7
আদি 37:20
ব’লা এতিয়াই আমি তাক বধ কৰি, কোনো এটা গাতত পেলাই দিওঁ আৰু পাছত আমি ক’ম, কোনো হিংস্র জন্তুৱে তাক খালে। তেতিয়া তাৰ সপোনবোৰ কি হয়, আমি চাম।”
Avasta আদি 37:20
8
আদি 37:28
সেই মিদিয়নীয়া ব্যৱসায়ীসকল ওচৰেদি পাৰ হোৱাত, তেওঁলোকে যোচেফক গাতৰ পৰা টানি ওপৰলৈ উঠালে আৰু বিশ চেকল ৰূপৰ বিনিময়ত যোচেফক ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰিলে। তাতে সেই ব্যৱসায়ীসকলে যোচেফক মিচৰ দেশলৈ লৈ গ’ল।
Avasta আদি 37:28
9
আদি 37:19
তেওঁলোকে ইজনে সিজনক ক’লে, “সৌটো চা, সপোন দেখাটো আহিছে।
Avasta আদি 37:19
10
আদি 37:18
যোচেফক ককায়েকসকলে দূৰৰ পৰাই দেখা পালে আৰু তেওঁলোকৰ ওচৰলৈ আহি পোৱাৰ আগেয়েই, তেওঁক বধ কৰাৰ ষড়যন্ত্র কৰিলে।
Avasta আদি 37:18
11
আদি 37:22
ৰূবেণে তেওঁলোকক ক’লে, “ৰক্তপাত নকৰোঁ। তেওঁৰ শৰীৰত হাত নুতুলাকৈয়ে বৰং তেওঁক এই মৰুপ্রান্তৰৰ এটা গাতত পেলাই দিয়া”- পাছত যোচেফক তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰি যেন পিতৃৰ ওচৰলৈ আনি ঘূৰাই দিব এই মনেৰে তেওঁ এই কথা ক’লে।
Avasta আদি 37:22