মথি 16
16
16 অধ্যায়
ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰা
1ফৰীচী আৰু চদ্দূকী সকলে যীচুক পৰীক্ষা কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আহিল আৰু আকাশৰ পৰা কোনো এটা পৰাক্ৰম কাৰ্যৰ চিন তেওঁলোকক দেখুৱাবলৈ ক’লে। 2যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “সন্ধিয়া হলে আপোনালোকে কয়, ‘বতৰ ফৰকাল হব, কিয়নো আকাশ খন ৰঙা হৈছে।’
3 ৰাতিপুৱা কয়, ‘আজি ডাৱঁৰীয়া হব; কিয়নো আকাশ ৰঙা ও অন্ধকাৰ হৈছে।’ আপোনালোকে আকাশৰ অৱস্থাৰ প্ৰভেদ বিচাৰ কৰিব জানে, অথচ সময়ৰ চিন বুজিব নোৱাৰে। 4এই যুগৰ পাপী আৰু ব্যভিচাৰী#16:4 ঈশ্বৰক বিশ্বাস নকৰা লোক৷ লোক সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে৷ কিন্তু যোনাৰ চিনৰ বাহিৰে তেওঁলোকক আন একো চিন দেখুওৱা নহ’ব।” তাৰ পাছত যীচুৱে তেওঁলোকক এৰি গুচি গ’ল।
ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষালৈ সাৱধান
5পাছত তেওঁৰ শিষ্য সকল সিপাৰলৈ আহিল, কিন্তু লগত পিঠা আনিবলৈ পাহৰি গ’ল। 6যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে শুনা! ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধানে থাকিবা।” 7শিষ্য সকলে নিজৰ মাজত কোৱা-কুই কৰিলে, “আমি পিঠা অনা নাই কাৰণে তেওঁ এইদৰে ক’লে নেকি৷” 8এই কথা বুজিব পাৰি যীচুৱে ক’লে, “অল্পবিশ্বাসী সকল, তোমালোকে নিজৰ মাজত পিঠা লৈ নহাৰ কাৰণে এই কথা কৈছোঁ বুলি কিয় আলোচনা কৰিছা?
9 তোমালোকে এতিয়াও বুজা নাই নে বা তোমালোকৰ মনতো পৰা নাই নে সেই পাঁচ হাজাৰ মানুহৰ কাৰণে পাঁচটা পিঠাৰ কথা আৰু তাৰ পাছত কেইটা পাচি তোমালোকে তুলি লৈছিলা? 10নাইবা সেই চাৰি হাজাৰ মানুহৰ কাৰণে সাতটা পিঠাৰ কথা আৰু কেইটা পাচি তোমালোকে তুলি লৈছিলা?
11 মই যে তোমালোকক পিঠাৰ কথা কোৱা নাই, সেই বিষয়ে তোমালোকে কিয় বুজি পোৱা নাই? কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ খমিৰৰ পৰা সাৱধান হবলৈহে কৈছোঁ।” 12তেতিয়া শিষ্য সকলে বুজি পালে যে, তেওঁ পিঠাৰ খমিৰৰ পৰা তেওঁলোকক সাৱধান হবলৈ কোৱা নাই, কিন্তু ফৰীচী আৰু চদ্দূকী সকলৰ শিক্ষাৰ পৰাহে সাৱধান হ’বৰ বাবে কৈছে।
যীচু অভিষিক্ত জন বুলি প্ৰকাশিত হোৱা
13তাৰ পাছত যীচু যেতিয়া চীজাৰিয়া-ফিলিপীৰ অঞ্চললৈ গ’ল, তেতিয়া শিষ্য সকলক তেওঁ সুধিলে “মানুহৰ পুত্ৰ কোন”#16:13 মানুহৰ পুত্ৰ: যীচুৱে নিজৰ কাৰণে এই নাম ব্যৱহাৰ কৰিছিল৷ দানিয়েল 7: 13-14: মচীহ অর্থাৎ অভিষিক্ত জনাৰ কাৰণে এই নাম ব্যৱহাৰ কৰা হৈছে যি নাম ঈশ্বৰে তেওঁৰ মনোনীত সকলক উদ্ধাৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিল৷ এই বিষয়ে লোক সকলে কি বুলি কয়? 14তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷” 15তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” 16তেতিয়া চিমোন পিতৰে উত্তৰ দি কলে, “আপুনি সেই অভিষিক্ত জন অৰ্থাৎ খ্ৰীষ্ট, জীৱন্ত ঈশ্বৰৰ পুত্ৰ।”
17তেতিয়া যীচুৱে উত্তৰ দি তেওঁক ক’লে, “বাৰ যোনাৰ পুত্ৰ চিমোন, তুমি ধন্য; কিয়নো তেজ আৰু মাংসই তোমাৰ আগত এই কথা প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে। 18ময়ো তোমাক কওঁ যে ‘তুমি পিতৰ অৰ্থাৎ শিল’, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, মৃত্যুৰ কোনো শক্তিয়ে#16:18 পুৰণি অনুবাদত ‘নৰককুণ্ডৰ দ্বাৰ’ লিখা আছে৷ ইয়াক পৰাজয় কৰিব নোৱাৰিব। 19মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি এই পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বান্ধি ৰখা হ’ব; আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্বৰ্গতো মুকলি হবলৈ দিয়া হ’ব।” 20তেতিয়া যীচুৱে শিষ্য সকলক এই আজ্ঞা দিলে, তেওঁলোকে যাতে কাকো নকয় যে তেৱেঁই “খ্রীষ্ট, অৰ্থাৎ অভিষিক্ত জন”।
যীচুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে জনোৱা
21সেই সময়ৰ পৰা যীচুৱে তেওঁৰ শিষ্য সকলক জনাবলৈ ধৰিলে যে, তেওঁ অৱশ্যেই যিৰূচালেমলৈ যাব লাগিব, আৰু তাত পৰিচাৰক, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ পৰা অনেক দুখভোগ পাই মৃত্যুভোগ কৰি তিন দিনৰ দিনা পুনৰায় উঠিব লাগিব। 22তেতিয়া পিতৰে তেওঁক একাষলৈ নি অনুযোগ কৰি ক’লে “হে প্ৰভু, ই আপোনাৰ পৰা দূৰ হওক! আপোনাৰ প্ৰতি কেতিয়াও এনে নঘটক।” 23কিন্তু যীচুৱে পিতৰৰ ফালে ঘূৰি চাই তেওঁ ক’লে, “মোৰ আগৰ পৰা দূৰ হ চয়তান; তই মোৰ পথৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
24তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ, মোক অনুসৰণ কৰক। 25কিয়নো যি কোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব খোজে, তেওঁ তাক হেৰুৱাব; কিন্তু যি কোনোৱে মোৰ কাৰণে নিজৰ জীৱন হেৰুৱায়, তেওঁ সেই জীৱন পাব। 26কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে? 27কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।” 28মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজত এনে কিছুমান লোক ইয়াত থিয় হৈ আছে, যি সকলে মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা পর্যন্ত মৃত্যুভোগ নকৰে।”
دیاریکراوەکانی ئێستا:
মথি 16: IRVAsm
بەرچاوکردن
لەبەرگرتنەوە
بەراوردکردن
هاوبەشی بکە
دەتەوێت هایلایتەکانت بپارێزرێت لەناو ئامێرەکانتدا> ? داخڵ ببە
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.