لۆگۆی ئەپی پەرتووکی پیرۆز
ئایکۆنی گەڕان

হোচ 3

3
3 অধ্যায়
হোচেয়াই গোমৰক দাসত্বৰ পৰা কিনি লোৱা
1পাছত যিহোৱাই মোক ক’লে, “যেনেদৰে ইস্ৰায়েলীয়াসকল যদিও আন দেৱতাবোৰৰ ফালে ঘূৰিল আৰু অর্ঘ্যত দিয়া কিচমিচৰ পিঠা খাবলৈ তেওঁলোকে ভাল পায়, তথাপিও যিহোৱাই তেওঁলোকক প্ৰেম কৰে; সেইদৰে তোমাৰ ভার্যাৰ আন এজন প্রেমিক থকাত যদিও তাই ব্যভিচাৰ কৰিলে, তথাপিও তুমি পুনৰ উঠি যোৱা আৰু তাইক প্রেম কৰা।#3:1 ‘উঠা’ মান, “কিছুমান পিঠা তৈয়াৰ কৰা”।
2সেয়ে মই পোন্ধৰ চেকল#3:2 15 চেকল মানে, 170 গ্রাম ৰূপ। ৰূপ আৰু ডেৰ হোম#3:2 এক হোমৰ মানে হ’ল, এক শস্য জোখা পাত্রৰ মাপ; প্রায় 110 লিটাৰ, বা 150 কিলোগ্ৰাম। যৱেৰে তাইক নিজৰ বাবে কিনি ললোঁ। 3তাৰ পাছত মই তাইক কলোঁ, “তুমি অনেক দিন পর্যন্ত মোৰ বাবে অপেক্ষা কৰিব লাগিব; তুমি ব্যভিচাৰ নকৰিবা বা কোনো পুৰুষৰে সৈতে ভালপোৱাৰ সম্পর্ক নাৰাখিবা; মইও তোমাৰ প্রতি তেনে ব্যৱহাৰ কৰিম।”
4কিয়নো ইস্ৰায়েলীয়াসকল অনেক দিনলৈকে ৰজা, অধ্যক্ষ, যজ্ঞ, স্তম্ভ, এফোদ আৰু দেৱমূর্তিবোৰ নোহোৱাকৈ থাকিব। 5তাৰ পাছত ইস্ৰায়েলীয়াসকলে ঘূৰি আহি তেওঁলোকৰ ঈশ্বৰ যিহোৱা আৰু তেওঁলোকৰ ৰজা দায়ুদক বিচাৰিব। শেষকালত তেওঁলোকে ভয়েৰে যিহোৱা আৰু তেওঁৰ উত্তমতালৈ আহিব।

دیاریکراوەکانی ئێستا:

হোচ 3: IRVAsm

بەرچاوکردن

لەبەرگرتنەوە

بەراوردکردن

هاوبەشی بکە

None

دەتەوێت هایلایتەکانت بپارێزرێت لەناو ئامێرەکانتدا> ? داخڵ ببە