لۆگۆی ئەپی پەرتووکی پیرۆز
ئایکۆنی گەڕان

হোচ 2

2
2 অধ্যায়
1তোমালোকৰ ভাইসকলক তোমালোকে অম্মী#2:1 যাৰ অর্থ ‘মোৰ লোক’ আৰু ভনীসকলক ৰুহামা#2:1 যাৰ অর্থ হ’ল, ‘দয়াৰ পাত্রী’। বুলি ক’বা।
ইস্ৰায়েলৰ কু-আচৰণ, শাস্তি আৰু উদ্ধাৰ।
2তোমালোকৰ মাতৃৰ বিৰুদ্ধে তোমালোকে বিবাদ কৰা, তোমালোকে বিবাদ কৰা;
কিয়নো তাই মোৰ ভার্যা নহয়, আৰু মইও তাইৰ স্বামী নহয়।
তাই নিজৰ চকুৰ চাৱনীৰ পৰা পতিতা আৰু তাইৰ স্তনৰ পৰা নিজ ব্যভিচাৰ দূৰ কৰক।
3সেয়ে নহ’লে মই তাইক নগ্ন কৰিম আৰু তাই জন্ম হোৱাৰ দিনা যেনেকৈ উলঙ্গ আছিল, তাইৰ অৱস্থা তেনে কৰিম।
মই তাইক মৰুভূমিৰ নিচিনা কৰিম; খৰাং মাটিলৈ পৰিণত কৰিম আৰু তাইক পিয়াহত মৰিবলৈ দিম।
4মই তাইৰ ল’ৰা-ছোৱালীবোৰক দয়া নকৰিম; কাৰণ তেওঁলোক বেশ্যাৰ সন্তান।
5তেওঁলোকৰ মাকে বেশ্যাকৰ্ম কৰিলে; যি গৰাকীয়ে তেওঁলোকক গৰ্ভধাৰণ কৰিছিল, তাই লাজ লগা কর্ম কৰিলে।
কাৰণ তাই কৈছিল, “মই মোৰ প্রেমিকসকলৰ পাছত যাম; তেওঁলোকেই মোক খোৱা-বস্তু আৰু পানী, ঊণ আৰু শণ সূতা, তেল আৰু পানীয় দিয়ে।”
6সেই কাৰণে, মই কাঁইটেৰে তাইৰ পথ বন্ধ কৰিম;
মই তাইৰ অহিতে এখন দেৱাল সাজিম যাতে তাই নিজৰ পথ বিচাৰি পাব নোৱাৰে।
7তাই নিজৰ প্ৰেমিকসকলৰ পাছত যাব,
কিন্তু তেওঁলোকক লগ ধৰিব নোৱাৰিব;
তাই সিহঁতক বিচাৰিব, কিন্তু নাপাব।
তেতিয়া তাই ক’ব, “মই মোৰ প্ৰথম স্বামীৰ ওচৰলৈকে ঘূৰি যাওঁ, কিয়নো এতিয়াৰ দিনতকৈ মই আগেয়ে বহুত ভালেৰে আছিলোঁ।”
8কিয়নো তাই জনা নাছিল যে, ময়েই তাইক সেই শস্য, দ্রাক্ষাৰস আৰু তেল দিছিলোঁ;
তাইক প্রচুৰ পৰিমাণে ৰূপ আৰু সোণ দিছিলোঁ, যিবোৰ তাই বাল দেৱতাৰ কাৰণে ব্যৱহাৰ কৰিছিল।
9সেইবাবে শস্য দোৱাৰ সময়ত আৰু নতুন দ্রাক্ষাৰস তৈয়াৰ হোৱা বতৰত মই তাইৰ শস্য ঘূৰাই লম।
তাইৰ উলঙ্গতা ঢাকিবলৈ ব্যৱহাৰ কৰা মোৰ ঊণ আৰু শণ সূতা মই কাঢ়ি লম।
10মই এতিয়া তাইৰ প্ৰেমিকসকলৰ চকুৰ সন্মুখতে তাইৰ লজ্জা খুলি নগ্ন কৰিম; মোৰ হাতৰ পৰা তাইক কোনেও উদ্ধাৰ কৰিব নোৱাৰিব।
11মই তাইৰ সকলো আমোদ-প্রমোদ বন্ধ কৰিম; তাইৰ উৎসৱবোৰ, ন-জোন, বিশ্ৰাম-দিন আৰু তাইৰ সকলো বিশেষ নিৰূপিত উৎসৱবোৰ বন্ধ কৰি দিম।
12মই তাইৰ সকলো দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰ ধ্বংস কৰিম; তাই সেইবোৰৰ বিষয়ে কৈছিল, “এইবোৰ বেচ হিচাপে মোৰ প্ৰেমিকসকলে মোক দিছিল।” মই সেই বাৰীবোৰক অৰণ্যলৈ পৰিণত কৰিম আৰু বনৰীয়া পশুবোৰে তাৰ পৰা আহাৰ খাব।
13তাই যিমান দিন ধৰি বাল দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাইছিল,
নথ#2:13 নথ মহিলাসকলে নাকত পিন্ধা অলঙ্কাৰ আৰু অলঙ্কাৰেৰে সৈতে নিজকে ভূষিত কৰি প্ৰেমিকসকলৰ পাছত গৈ মোক পাহৰি গৈছিল,
সিমান দিনৰ বাবে মই তাইক শাস্তি দিম। যিহোৱাই এই কথা কৈছে।
14এই হেতুকে মই এতিয়া তাইক বিমোহিত কৰিম আৰু তাইক মৰুপ্রান্তৰলৈ আনি তাইৰে সৈতে মৰমেৰে কথা পাতিম।
15মই সেই ঠাইতে তাইক তাইৰ দ্ৰাক্ষাবাৰীবোৰ উভটাই দিম আৰু আখোৰ উপত্যকাক আশাৰ দুৱাৰস্বৰূপ কৰিম।
যৌৱনকালৰ নিচিনাকৈ তাই তাত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি গীত গাব, যেনেকৈ তাই মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত গীত গাই#2:15 যেনেদৰে সেই সময়ত প্রকাশ কৰিছিল।ছিল।
16যিহোৱাই কৈছে, “সেই দিনা তুমি মোক “মোৰ স্বামী” বুলি মাতিবা আৰু “মোৰ বাল”#2:16 মোৰ গৰাকী বুলি পুনৰায় নামাতিবা। 17কিয়নো মই তাইৰ মুখৰ পৰা বাল দেৱতাবোৰৰ নাম দূৰ কৰিম; তাই পুনৰ সেইবোৰৰ নাম সোঁৱৰণ নকৰিব। 18মই সেইদিনা তোমাৰ কাৰণে বনৰীয়া জন্তু, আকাশৰ চৰাই, আৰু মাটিত বগাই ফুৰা প্রাণীবোৰেৰে সৈতে এটি নিয়ম স্থাপন কৰিম; সকলোৱে যাতে নিৰাপদে শুব পাৰে, তাৰ বাবে মই দেশৰ পৰা ধনু, তৰোৱাল, আৰু যুদ্ধ দূৰ কৰিম।
19মই তোমাক চিৰকালৰ বাবে মোৰ ভার্যা কৰি ল’ম; ধার্মিকতা, ন্যায় বিচাৰ, গভীৰ প্রেম আৰু দয়াৰে মই তোমাক ভার্যা কৰি ল’ম। 20মই বিশ্বস্ততাৰে তোমাক ভার্যা কৰি ল’ম আৰু তেতিয়া তুমি যিহোৱাক জানিব পাৰিবা।
21যিহোৱাই কৈছে, “সেই দিনা মই উত্তৰ দিম;
মই আকাশ-মণ্ডলক উত্তৰ দিম;
আকাশ-মণ্ডলে পৃথিবীক উত্তৰ দিব,
22পৃথিবীয়ে শস্য, দ্ৰাক্ষাৰস, আৰু তেলক উত্তৰ দিব, আৰু সেইবোৰে যিজ্ৰিয়েলক#2:22 যিজ্রিয়েল: ইস্রায়েলক বুজাইছে। উত্তৰ দিব।
23মই তাইক মোৰ কাৰণে দেশত ৰোপণ কৰিম। লো-ৰুহামাক#2:23 লো-ৰুহামাক দয়াৰ পাত্র নোহোৱাজনীক মই দয়া কৰিম;
লো-অম্মীক#2:23 লো-অম্মীক মোৰ প্রজা নোহোৱাজনক মই ক’ম “তুমি মোৰেই প্ৰজা” আৰু তেওঁ ক’ব “আপুনিয়েই মোৰ ঈশ্বৰ।”

دیاریکراوەکانی ئێستا:

হোচ 2: IRVAsm

بەرچاوکردن

لەبەرگرتنەوە

بەراوردکردن

هاوبەشی بکە

None

دەتەوێت هایلایتەکانت بپارێزرێت لەناو ئامێرەکانتدا> ? داخڵ ببە