لۆگۆی ئەپی پەرتووکی پیرۆز
ئایکۆنی گەڕان

দানি 10

10
10 অধ্যায়
দানিয়েলে ভবিষ্যতৰ বিষয়ে দৰ্শন পোৱা, আৰু তেওঁৰ আগত কোৱা ভাববাণী।
1পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্ব কালৰ তৃতীয় বছৰত দানিয়েলৰ#10:1 বেলটচচৰ নামেৰে প্ৰখ্যাত আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
2সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ। 3সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।
4তাৰ পাছত প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা, মই মহানদীৰ পাৰত আছিলোঁ, নদীখনৰ নাম হিদ্দেকেল, 5মই ওপৰলৈ চালোঁ, আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু উফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালি কঁকালত বন্ধা এজন মানুহক দেখিলোঁ। 6তেওঁৰ শৰীৰ পোখৰাজ মণিৰ দৰে, তেওঁৰ মুখমণ্ডল উজ্বল, চকু দুটা জ্বলি থকা মশালৰ দৰে, তেওঁৰ বাহু আৰু ভৰি চকচকিয়া পিতলৰ দৰে, আৰু তেওঁৰ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে।
7মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ; মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে; কাৰণ তেওঁলোক অতিশয় আতঙ্কিত হ’ল; আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল। 8সেয়ে মই অকলেই অৱশিষ্ট থাকিলো, আৰু সেই মহা দৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল; মোৰ প্রভাশালী চেহেৰা ভীতিজনক চেহেৰালৈ সলনি হৈছিল, আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল। 9তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ, তেওঁৰ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰাত আছিলোঁ।
10তেতিয়া এখন হাতে মোক চুলে, আৰু মই কঁপি উঠিলো, মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল। 11সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
12তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ 13পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা#10:13 প্ৰধান ৰক্ষক দূত এজনে মোক সহায় কৰিবলৈ আহিল।
14এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।” 15যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ।
16তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল। 17মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।”
18তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে। 19তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
20তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব। 21কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েল#10:21 ইস্ৰায়েলৰ ঈশ্বৰৰ দূতবোৰৰ মাজৰ মীখায়েল নামেৰেৰ বাহিৰে আন কোনো শক্তিশালী নাই।”

دیاریکراوەکانی ئێستا:

দানি 10: IRVAsm

بەرچاوکردن

لەبەرگرتنەوە

بەراوردکردن

هاوبەشی بکە

None

دەتەوێت هایلایتەکانت بپارێزرێت لەناو ئامێرەکانتدا> ? داخڵ ببە