আদি 26

26
26 অধ্যায়
ইচহাকে অবিমেলকক মিছা কথা কোৱা।
1অব্ৰাহামৰ দিনত হোৱা প্ৰথম আকালৰ দৰে সেই দেশত পুনৰায় আকাল হোৱাত, ইচহাকে গৰাৰালৈ, পলেষ্টীয়াসকলৰ ৰজা অবীমেলকৰ ওচৰলৈ গ’ল। 2পাছত যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “তুমি মিচৰ দেশলৈ নামি নাযাবা; যি দেশৰ কথা মই তোমাক ক’ম, তাতে থাকিবা। 3তুমি এই দেশতে প্ৰবাস কৰা; তাতে মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম; কিয়নো এই সকলো দেশ তোমাক আৰু তোমাৰ বংশকেই দিম, মই তোমাৰ পিতৃ অব্ৰাহামলৈ কৰা শপত সাম্ফল কৰিম।
4মই আকাশৰ তৰাবোৰৰ দৰে তোমাৰ বংশ বঢ়াই, তোমাৰ বংশক এই সকলো দেশ দিম; আৰু তোমাৰ বংশতে পৃথিৱীৰ সমুদায় জাতি আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব; 5কিয়নো অব্ৰাহামে মোৰ কথা মানি, মোৰ আজ্ঞা আৰু বিধি-ব্যৱস্থাবোৰ পালন কৰিছিল।”
6সেইবাবে ইচহাকে গৰাৰত বসবাস কৰিছিল। 7সেই ঠাইৰ লোকসকলে ইচহাকৰ ভাৰ্যাৰ কথা সোধাত, “তেওঁ মোৰ ভনী বুলি ক’লে।” ৰিবেকা বৰ সুন্দৰী, ইয়াৰ মানুহবোৰে ৰিবেকাক পাবলৈ কিজানি মোক বধ কৰে এই কাৰণে “মোৰ ভার্য্যা বুলি” পৰিচয় নিদিলে। 8পাছত তেওঁ সেই ঠাইত ভালেমান দিন থাকিল, এদিন পলেষ্টীয়াসকলৰ ৰজা অবীমেলকে খিড়িককিদি চাই, ইচহাকক তেওঁৰ ভাৰ্যা ৰিবেকাই সৈতে ক্ৰীড়া কৰিবৰ দেখিলে। 9তাতে অবীমেলকে ইচহাকক মাতি আনি ক’লে তুমি তেওঁৰ লগত কি কৰি আছিলা? “সেই মহিলা গৰাকী নিশ্চয়ে তোমাৰ ভাৰ্যা; তেন্তে তুমি ভনী বুলি কেনেকৈ ক’লা? ইচহাকে ক’লে, তেওঁৰ কাৰণে মই মৰিম বুলি ভাবি সেইদৰে কৈছিলোঁ।” 10তেতিয়া অবীমেলকে ক’লে, “তুমি আমালৈ এইটো কি কাম কৰিলা? লোকসকলৰ মাজৰ কোনো এজনে তোমাৰ ভাৰ্যাৰে সৈতে অনায়েসে শয়ন কৰিব পাৰিলেহেঁতেন; সেয়ে হোৱা হ’লে তুমি আমাক দোষী সাব্যস্ত কৰিলাহেঁতেন।” 11পাছত অবীমেলকে সকলো লোকক এই আজ্ঞা দি সাবধান কৰি ক’লে, “যি কোনোৱে এই পুৰুষ বা তেওঁৰ ভাৰ্যাক স্পৰ্শ কৰিব, নিশ্চয়ে তাৰ প্ৰাণদণ্ড হ’ব।”
12সেই কালত ইচহাকে সেই দেশত ধান ৰোপণ কৰি, সেই একে বছৰতেই এশ গুণ পালে; আৰু যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে আৰু তেওঁ বৰ মানুহ হ’ল; 13আৰু ইচহাক বৰ ধনী হৈ হৈ, ক্ৰমেৰে অতিশয় মহান ব্যক্তি হ’ল। 14আৰু তেওঁৰ অনেক পশুধন আৰু অনেক দাস-দাসী হ’ল। এইকাৰণে পলেষ্টীয়াসকলে তেওঁক ঈৰ্ষা কৰিলে।
15ইচহাকৰ পিতৃ অব্ৰাহামৰ দিনত, অব্ৰাহামৰ বন্দীবোৰে যি যি নাদ খান্দিছিল, সেই সকলোকে পলেষ্টীয়াসকলে মাটি দি পুতি বন্ধ কৰিলে। 16পাছত অবীমেলকে ইচহাকক ক’লে, “তুমি আমাৰ ওচৰৰ পৰা গুচি যোৱা কিয়নো তুমি আমাতকৈও অতিশয় ক্ষমতাশালী থ’লো।” 17তেতিয়া ইচহাকে তাৰ পৰা গুচি গৈ, গৰাৰৰ উপত্যকাত তম্বু তৰি তাতেই বাস কৰিলে।
18আৰু তেওঁৰ পিতৃ অব্ৰাহামৰ দিনত খন্দা যি যি পানীৰ নাদ পলেষ্টীয়াসকলে অব্ৰাহামৰ মৃত্যুৰ পাছত পুতি পেলাইছিল, ইচহাকে পুনৰাই সেইবোৰ নাদ খানি উলিয়ালে; আৰু তেওঁৰ পিতৃয়ে দিয়া নামৰ দৰেই, ইচহাকে সেইবোৰৰ নাম দিলে। 19আৰু ইচহাকৰ বন্দীবোৰে সেই উপত্যকা খানি তাত এটা পানীৰ নিজৰাৰ ভূমূক পালে। 20তাতে গৰাৰৰ পশু ৰখীয়াবোৰে ইচহাকৰ পশু ৰখীয়াই সৈতে বিবাদ কৰি ক’লে, “এই পানী আমাৰ।” এই হেতুকে ইচহাকে সেই নাদৰ নাম “এচক#26:20 বিবাদ” ৰাখিলে; কাৰণ সিহঁতে তেওঁৰ লগত বিবাদ কৰিছিল। 21পাছে আৰু এটা নাদ খান্দিলে, সিহঁতে তাৰ নিমিত্তেও বিবাদ কৰিলে; তাতে ইচহাকে তাৰ নাম “চিত্না#26:21 বিপক্ষতা বা শত্রুতা” ৰাখিলে। 22আকৌ তেওঁ তাৰ পৰা গৈ, আন এটা নাদ খান্দিলে। তাৰ নিমিত্তে হ’লে সিহঁতে বিবাদ নকৰিলে; তাতে তেওঁ তাৰ নাম ৰহোবোৎ#26:22 বহল ব বহল ঠাই ৰাখি ক’লে, “এতিয়াহে যিহোৱাই আমাক বহল ঠাই দিছে; এতেকে আমি দেশত বৃদ্ধি হ’ম।”
23তাৰ পাছত ইচহাক তাৰ পৰা বেৰ-চেবালৈ গ’ল। 24সেই ৰাতিয়েই যিহোৱাই তেওঁক দৰ্শন দি ক’লে, “মই তোমাৰ পিতৃ অব্ৰাহামৰ ঈশ্বৰ, ভয় নকৰিবা; কিয়নো মই তোমাৰ সঙ্গী হৈ তোমাক আশীৰ্ব্বাদ কৰিম আৰু মোৰ নিজ দাস অব্ৰাহামলৈ চাই তোমাৰ বংশ বৃদ্ধি কৰিম।” 25পাছত ইচহাকে সেই ঠাইতে এটা যজ্ঞ-বেদি নিৰ্ম্মাণ কৰি যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে আৰু তাতে নিজ তম্বু তৰিলে। পাছে ইচহাকৰ বন্দীহঁতে তাত এটা নাদ খান্দিলে।
26তেতিয়া অবীমেলকে অহুজ্জৎ নামেৰে নিজৰ এজন বন্ধুক আৰু তেওঁৰ প্ৰধান সেনাপতি ফীখোলকো লগত লৈ, গৰাৰৰ পৰা ইচহাকৰ ওচৰলৈ গ’ল। 27তাতে ইচহাকে তেওঁলোকক ক’লে, “তোমালোকে মোক ঘিণ কৰি তোমালোকৰ ওচৰৰ পৰা খেদি পঠালা; এতিয়া নো তোমালোক মোৰ ওচৰলৈ কেলৈ আহিছা?”
28তাতে তেওঁলোকে ক’লে, “যিহোৱা যে তোমাৰ সঙ্গী, তাক আমি জানিলোঁ তোমাৰ আৰু আমাৰ মাজত এক শপত হ’বলৈ, 29আমি যেনেকৈ তোমাক স্পৰ্শ কৰা নাই, বৰং শান্তিৰে বিদায় কৰিছিলোঁ, তেনেকৈ তুমিও যাতে আমাক হিংসা নকৰা, এয়ে তোমাৰে সৈতে এটা নিয়ম স্থাপন কৰিলোঁ; তুমি এতিয়া যিহোৱাৰ আশীৰ্ব্বাদ প্ৰাপ্ত থ’লো।”
30তেতিয়া ইচহাকে তেওঁলোকলৈ ভোজ যুগুত কৰিলে আৰু তেওঁলোকে ভোজন-পান কৰিলে। 31পাছত তেওঁলোক দুজনে নিচেই ৰাতিপুৱাতে উঠি, ইজনে সিজনৰ আগত শপত কৰিলে আৰু ইচহাকে তেওঁলোকক বিদায় কৰিলে, তেওঁলোক শান্তিৰে তেওঁৰ ওচৰৰ পৰা গুচি গ’ল।
32আৰু সেই দিনাই ইচহাকৰ দাসবোৰে আহি সিহঁতে খন্দা এটা নাদৰ বিষয়ে তেওঁক সম্বাদ দিলেহি বোলে “আমি পানী পালোঁ।” 33তাতে তেওঁ সেই নাদৰ নাম চিবিয়া ৰাখিলে; এই হেতুকে আজিলৈকে সেই নগৰৰ নাম বেৰ-চেবা#26:33 শপতৰ কুৱাঁ বুলি প্ৰখ্যাত।
34পাছত এচৌৱে 40 বছৰ বয়সত, হিত্তীয়া বেৰীৰ জীয়েক যিহূদিৎ আৰু হিত্তীয়া এলোনৰ জীয়েক বাচমতক বিয়া কৰিলে। 35কিন্তু ইহঁত দুজনী ইচহাক আৰু ৰিবেকাৰ মনত দুখ দিওঁতা হ’ল।

موجودہ انتخاب:

আদি 26: IRVAsm

سرخی

کاپی

موازنہ

شئیر

None

کیا آپ جاہتے ہیں کہ آپ کی سرکیاں آپ کی devices پر محفوظ ہوں؟ Sign up or sign in