আদি 23

23
23 অধ্যায়
চাৰাৰ মৃত্যু আৰু তেওঁক মৈদাম দিয়া।
1চাৰা এশ সাতাইশ বছৰ কাল জীয়াই আছিল। এয়ে আছিল চাৰাৰ জীৱনৰ আয়ুসৰ কাল। 2কনান দেশৰ কিৰিয়ৎ-অর্ব্ব নগৰত অর্থাৎ হিব্ৰোণত তেওঁৰ মৃত্যু হ’ল; তাতে অব্ৰাহামে চাৰাৰ কাৰণে কান্দি কান্দি শোক কৰিলে। 3পাছত অব্ৰাহামে তেওঁৰ মৃত ভার্য্যাৰ ওচৰৰ পৰা উঠি গৈ সেই ঠাইৰ হেতৰ সন্তান সকলক ক’লে, 4“মই আপোনালোকৰ মাজত এজন বিদেশী হিচাবে বাস কৰিছোঁ। সেয়ে, দয়া কৰি আপোনালোকৰ মাজৰ এডোখৰ স্থান আমাৰ অধিকাৰত দিয়ক যাতে মই মোৰ মৃতকক মৈদাম দিব পাৰোঁ।” 5তেতিয়া হেতৰ সন্তান সকলে অব্ৰাহামক উত্তৰ দি ক’লে, 6“হে মালিক, আমাৰ কথা শুনক; আপুনি আমাৰ মাজত ঈশ্বৰৰ এজন নিযুক্ত ৰজা স্বৰূপ; আমাৰ মৈদামবোৰৰ আটাইতকৈ উত্তমটো নির্বাচন কৰি তাতেই আপোনাৰ মৃতকক মৈদাম দিয়ক। আপোনাৰ মৃতকক মৈদাম দিবৰ কাৰণে আমাৰ মাজৰ কোনেও নিজৰ মৈদামস্থান এৰি দিবলৈ আপত্তি নকৰিব।”
7তেতিয়া অব্ৰাহামে উঠি সেই দেশৰ লোকসকলৰ অর্থাৎ হেতৰ বাসিন্দাসকলৰ আগত নতশিৰে প্ৰণিপাত কৰিলে।
8তেওঁলোকৰ সৈতে কথা-বতৰা হৈ ক’লে, “মোৰ মৃতকৰ মৈদাম দিবলৈ তোমালোক যে সন্মত হৈছা এই কাৰণে মোৰ কথা শুনা মোৰ হৈ চোহৰৰ পুত্র ইফ্রোণৰ সৈতে আলোচনা কৰা। 9পথাৰৰ মুৰত যিটো মকপেলাৰ গুহা আছে সেইটো মই কিনিবলৈ বিছাৰো, ইফ্রোণ সেই গুহাৰ গৰাকী সেয়ে যি মূল্য হয় সকলো মই পৰিশোধ কৰিম। মই বিছাৰো মোৰ পত্নীৰ মৈদামৰ বাবে যে এই ঠাই কিনি লৈছোঁ তাৰ সাক্ষী আপোনালোক হ’ব।”
10তেতিয়া হেতৰ সন্তান সকলৰ মাজত ইফ্রোণ বহি আছিল। হেতৰ সন্তান সকল আৰু নগৰৰ প্রৱেশ দুৱাৰেদি সোমোৱা সকলোৱে শুনাকৈ, হিত্তীয়া ইফ্ৰোণে অব্ৰাহামক উত্তৰ দি ক’লে, 11“নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”
12তাতে অব্ৰাহামে সেই বাসিন্দাসকলৰ আগত নতশিৰে প্রণিপাত কৰিলে। 13আৰু বাসিন্দাসকলে শুনাকৈ ইফ্রোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।”
14তেতিয়া ইফ্রোণে অব্ৰাহামক উত্তৰ দি ক’লে, 15“হে মোৰ মালিক, মোৰ কথা শুনক, চাৰিশ চেকল#23:15 প্ৰায় 4 কিলোগ্ৰাম 600 গ্ৰাম, সেই সময়ত ই আছিল দেৰ বছৰৰ দৰমহা ৰূপৰ মাটি; আপোনাৰ আৰু মোৰ মাজত সিনো কি বস্তু? এতেকে আপোনাৰ মৃতকৰ মৈদাম দিয়কগৈ।” 16পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।
17মম্ৰিৰ সন্মুখত মকপেলাত ইফ্রোণৰ যি পথাৰ আছিল, সেই পথাৰ আৰু তাত থকা গুহা আৰু সেই পথাৰৰ আটাইবোৰ গছ, তাৰ চাৰিও সীমাৰ ভিতৰত থকা গছ, এই সকলোতে, 18হেতৰ সন্তান সকল, তাৰ নগৰৰ দুৱাৰেদি সোমোৱা সকলোৰে আগতে অব্ৰাহামৰ স্বত্বাধিকাৰ নিশ্চয় কৰা হ’ল। 19পাছে অব্ৰাহামে কনান দেশৰ মম্ৰিৰ অৰ্থাৎ হিব্ৰোণৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ গুহাত তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিলে। 20এই দৰে মৈদামৰ ঠাই অধিকাৰৰ অৰ্থে, সেই পথাৰ আৰু তাত থকা গুহাত, হেতৰ সন্তান সকলৰ দ্বাৰাই অব্ৰাহামৰ স্বত্বাধিকাৰ স্থিৰ কৰা হ’ল।

موجودہ انتخاب:

আদি 23: IRVAsm

سرخی

کاپی

موازنہ

شئیر

None

کیا آپ جاہتے ہیں کہ آپ کی سرکیاں آپ کی devices پر محفوظ ہوں؟ Sign up or sign in